ETV Bharat / politics

আজি দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক

author img

By ANI

Published : Mar 11, 2024, 1:25 PM IST

Lok Sabha Election 2024: দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে সোমবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতি বৈঠকত মিলিত হ'ব । এনডিএৰ অংশীদাৰসকলেও এই বৈঠকত অংশগ্ৰহণৰ সম্ভাৱনা ।

Lok Sabha Election 2024
আজি দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক

নেশ্যনেল ডেস্ক, ১১ মাৰ্চ : কিছুদিনৰ ভিতৰতে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব । তাৰ পূৰ্বে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা ব্যস্ত হৈ পৰিছে । শাসকীয় বিজেপিয়ে বাকী প্ৰতিদ্বন্দ্বীসকলৰ পৰা এখোজ আগবাঢ়ি থকাৰ বাবে বিভিন্ন ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশ হিচাপে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে সোমবাৰে সন্ধিয়া দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰিছে ।

দলীয় সূত্ৰৰ মতে কেইখনমান লোকসভা আসনৰ প্ৰাৰ্থীসকলৰ নাম এই বৈঠকত চূড়ান্ত কৰাৰ সম্ভাৱনা আছে । বৈঠকত মহাৰাষ্ট্ৰ, ওড়িশা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, হাৰিয়ানা আৰু বিহাৰৰ এনডিএৰ অংশীদাৰসকলেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । লগতে মিত্ৰশক্তিয়ে দলটোৰ শীৰ্ষ নেতৃত্বৰ সৈতে আসন ভাগ-বটোৱাৰাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বে, দেওবাৰে ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) ৪ গৰাকী নেতা আৰু কংগ্ৰেছৰ এগৰাকী নেতাই নতুন দিল্লীত দলৰ সাধাৰণ সম্পাদক তৰুণ চুগৰ উপস্থিতিত বিজেপিত যোগদান কৰে । ৪ গৰাকী বিআৰএছ নেতা আছিল ক্ৰমে প্ৰাক্তন সাংসদ গোদাম নাগেশ আৰু সীতাৰাম নায়েক, প্ৰাক্তন বিধায়ক চৈধি ৰেড্ডী আৰু জলগাম ভেংকট ৰাও । শেহতীয়াকৈ বিজেপি দলে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

১৯৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত, ৩৪ গৰাকী কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী, আনহাতে দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আছে এই তালিকাত । ২০১৯ চনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে মুঠ ৩০৩ খন আসন লাভ কৰিছিল আৰু বিৰোধী কংগ্ৰেছ দল ৫২ খন আসনত পিচ পৰি আছিল ।

লগতে পঢ়ক :টিএমচিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, ইণ্ডিয়া ব্লক পতনৰ দাবী বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.