ETV Bharat / politics

টিএমচিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, ইণ্ডিয়া ব্লক পতনৰ দাবী বিজেপিৰ

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 12:18 PM IST

BJP on INDIA Bloc: তৃণমূল কংগ্ৰেছ দলে পশ্চিমবংগৰ আটাইকেইখন আসনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ লগে লগে ইণ্ডিয়া ব্লকত প্ৰতিক্ৰিয়াৰ সৃষ্টি । বিজেপিয়ে দাবী কৰা মতে মিত্ৰজোঁট ভংগ হৈছে ।

BJP on INDIA Bloc
ইণ্ডিয়া ব্লক পতনৰ দাবী বিজেপিৰ

নেশ্যনেল ডেস্ক, ১১ মাৰ্চ : শেহতীয়াকৈ তৃণমূল কংগ্ৰেছ দলে পশ্চিমবংগৰ আটাইকেইখন লোকসভা আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । লগে লগে ইণ্ডিয়া মিত্ৰজোঁটত অস্থিৰতা দেখিবলৈ পোৱা গৈছে । ইফালে ইয়াৰ সুযোগ লৈ শাসকীয় বিজেপিয়ে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক লক্ষ্য কৰি লৈছে ।

মিত্ৰজোঁট অক্ষুণ্ণ থকাৰ কংগ্ৰেছৰ দাবীৰ বিপৰীতে বিজেপিয়ে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে দুটা দলৰ মিত্ৰতা ভংগ হৈছে । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুগে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছ আৰু ইণ্ডিয়া ব্লকক সমালোচনা কৰি তেওঁ কয় যে ছোনিয়া আৰু ৰাহুল গান্ধীৰ পৰিয়াল নিৰন্তৰ ধ্বংসলৈ গৈ আছে ।

মিত্ৰজোঁটৰ দলবোৰে তেওঁলোকক নেতা বুলি বিবেচনা নকৰে । এইকাৰণেই ইণ্ডিয়া ব্লক ভাঙি থাকিব বুলি তেওঁ দাবী কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একতা আৰু নিৰন্তৰ সমৰ্থনৰ বাবে এনডিএৰ প্ৰশংসা কৰি তেওঁ কয় যে এনডিএ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আছে । এনডিএৰ নেতাসকলেও প্ৰধানমন্ত্ৰী মোদীক তেওঁলোকৰ পৰিয়াল বুলি গণ্য কৰে ।

ইফালে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীয়ে দেওবাৰে কলকাতাৰ মাজমজিয়াত শক্তি প্ৰদৰ্শন কৰি টিএমচিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । অভিষেক বেনাৰ্জীয়ে ডায়মণ্ড হাৰ্বাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানক বেহৰামপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

তেওঁ কংগ্ৰেছৰ নেতা অধীৰ চৌধুৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব । কৃষ্ণনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যোৱা বছৰ সংসদৰ পৰা বহিষ্কাৰ কৰা মহুয়া মৈত্ৰই । ইফালে প্ৰাৰ্থীৰ ঘোষণাই ৰাজ্যখনত টিএমচি আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বটোৱাৰা চুক্তিৰ সকলো সম্ভাৱনা হ্ৰাস কৰিছে । অৱশ্যে এতিয়াও টিএমচি কংগ্ৰেছৰ সহযোগী হৈ আছে ।

তৃণমূল কংগ্ৰেছে ইতিমধ্যে শক্তি প্ৰদৰ্শনৰ জৰিয়তে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে । যোৱা লোকসভা নিৰ্বাচনত ৰাজ্যখনত টিএমচিয়ে ২২ খন আসন লাভ কৰিছিল । আনহাতে বিজেপিয়ে ১৮ খন আসন লাভ কৰিছিল ।

লগতে পঢ়ক : যদি ভয় খাইছে ৱাক অভাৰ দিয়ক কংগ্ৰেছে : কামাখ্যা প্ৰসাদ তাছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.