অখিল গগৈক হৰেকমালৰ সৈতে তুলনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM election campaign
Assam CM election campaign: শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰিত বিৰোধীক ক্ষুৰধাৰ সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ গান্ধী পৰিয়ালৰ বন্দনা কৰিবৰ বাবেই কংগ্ৰেছৰ সাংসদ দিল্লীলৈ যাব খোজে বুলি মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ অখিল গগৈক হৰেকমালৰ সৈতে তুলনা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সভাখনত অংশগ্ৰহণ বহু দলীয় কৰ্মকৰ্তাৰ ৷

Published : April 17, 2024 at 8:59 AM IST
আমগুৰি, 17 এপ্ৰিল: "অখিল গগৈ কোন পাৰ্টীত আছে, কাক চাপ'ৰ্ট কৰি আছে ? তেওঁৰটো কথা-বতৰাৰ পৰা আপুনি এইটোৱে গম নাপাব যে তেওঁ কোন পাৰ্টীত আছে ... । অখিল গগৈ আৰু হৰেকমালৰ মাজত কোনো পাৰ্থক্য নাই । হৰেকমালৰ দৰে হৈছে অখিল গগৈ । অখিলৰ কথা কৈ লাভ নাই"- অখিলক কটাক্ষ কৰি মঙলবাৰে এই কথা কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত কালি শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰিত কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এক বিশাল জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ সপক্ষে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় ।
কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ তথা কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, "আমাক নিজৰ কথা কোৱা মানুহ নালাগে, আমাক অসমৰ কথা কোৱা মানুহ লাগে । বিজেপি চৰকাৰে অসমৰ মানুহৰ কথা কয় । কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতি শেষ হ'ব লাগে ৷"
- " class="align-text-top noRightClick twitterSection" data="">
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছৰ অসমৰ কথা ক'বলৈ সাহস নাই, গান্ধী পৰিয়ালৰ বন্দনা কৰিবৰ বাবেই কংগ্ৰেছৰ সাংসদ দিল্লীলৈ যাব খোজে । তাৰ বাহিৰে বিকল্প নাই । বিজেপিয়ে এখন নতুন অসম নিৰ্মাণৰ বাবে কাম কৰি গৈছে ৷ গৌৰৱ গগৈয়ে অসমত ৰাজনীতি কৰিলে নামাজ পঢ়িলেই নহ'ব, নাম-প্ৰসংগও কৰিব লাগিব ।"
বিজেপিৰ শাসনকালত দেশ/ৰাজ্যত উন্নয়ন হৈছে বুলি দাবী কৰি বিজেপিৰ শাসনত যোৱা তিনি বছৰত এটাও অসম বন্ধ হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰ্যবসিত কৰা, 145 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ মৈদাম স্থাপন কৰা, 12 হাজাৰ ল'ৰা-ছোৱালীয়ে একেলগে বিহু নাচি ৰেকৰ্ড গঢ়া অসমৰ উন্নয়নৰ প্ৰতিফলন । কংগ্ৰেছৰ সংস্কৃতি আমাক নালাগে, 2024 ভিতৰত পুনৰ 50 হাজাৰ চাকৰি দিম । জুলাই মাহত পুলিচৰ ইন্টাৰভিউ, ছেপ্টেম্বৰ-অক্টোবৰত তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি আৰু শিক্ষকৰ চাকৰি প্ৰদান কৰিম । "
জাঁজীত অনুষ্ঠিত বিজেপিৰ বিশাল জনসভাখনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়ংকা গান্ধীৰ কালিৰ ৰোড শ্ব'ৰ সন্দৰ্ভত কয়, "প্ৰিয়ংকা গান্ধীয়ে ৰোড শ্ব' ঝুলন যাত্ৰাৰ দৰে এখন সৰু মিটিং কৰি গৈছে । ডাঙৰ সভা বিজেপিয়ে কৰিছে, প্ৰিয়ংকা গান্ধীয়ে ঝুলন যাত্ৰা কৰিছে ।
প্ৰায় দহ সহস্ৰাধিক লোক উপস্থিত থকা নিৰ্বাচনী সভাখনত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, পল্লৱ লোচন দাস, আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, কুশল দুৱৰী, ৰূপজ্যোতি কুৰ্মী, সুৰভি ৰাজকুমাৰী, বিনীতা শইকীয়া দে’কে প্ৰমুখ্য কৰি বহু দলীয় কৰ্মকৰ্তা উপস্থিত থাকে ।

