ETV Bharat / politics

"আকৌ এবাৰ মোদী চৰকাৰ" ধ্বনিৰে গোলাঘাটৰ সীমান্তত বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰচাৰ - Lok Sabha elections 2024

Lok Sabha Polls 2024 : আজি লোকসভা নিৰ্বাচনত কাজিৰঙা সমষ্টিৰ মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত গোলাঘাট বিধানসভা সমষ্টিৰ সীমান্তৰ পঞ্চায়তত প্ৰচাৰ চলায় বিত্তমন্ত্ৰী অজন্তা নেওগে ।

Kaziranga Lok Sabha constituency
গোলাঘাট বিধানসভা সমষ্টিৰ সীমান্তত প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : April 16, 2024 at 10:53 PM IST

|

Updated : April 17, 2024 at 8:38 AM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট, ১৬ এপ্ৰিল: অহা ১৯ এপ্ৰিলত ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ তিনি দিন । "আকৌ এবাৰ মোদী চৰকাৰ" ধ্বনিৰে আজি মুখৰিত হ'ল গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্ত । বিত্ত তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগে আজি লোকসভা নিৰ্বাচনত কাজিৰঙা সমষ্টিৰ মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত গোলাঘাট বিধানসভা সমষ্টিৰ সীমান্তৰ পঞ্চায়তত প্ৰচাৰ চলায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

জয়পুখুৰী মিনি ষ্টেডিয়ামত অনুষ্ঠিত জনসভাত শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগে দেশত উন্নয়নৰ গতি অব্যাহত ৰখাৰ স্বাৰ্থত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিল্লীৰ শাসনৰ গাদীত বহুৱাবলৈ ৰাইজক আহ্বান জনায় । তেওঁ কয় "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ সমান বিকাশ হৈছে । সাধাৰণ লোকে চৰকাৰী আঁচনিৰ দ্বাৰা পোনপটীয়াকৈ উপকৃত হৈছে । আপোনালোকৰ ভৱিষ্যতৰ স্বাৰ্থতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শাসনত ৰাখিব লাগিব ।"

উল্লেখযোগ্য যে, বড়ো বসতিপ্ৰধান এলেকাটোত তেওঁৰ প্ৰভাৱ আছে । আজি এই সভাত বিত্ত তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগেৰ উপৰি বৰপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰমিঅ' পি নাৰ্জাৰীৰ উপৰি বিজেপি আৰু ইউ পিপি এলৰ কেইবাগৰাকীও জ্যেষ্ঠ কৰ্মকৰ্তা উপস্থিত থাকে।

ইপিনে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত অসম ৰাজ্যিক বিজেপিয়ে মঙলবাৰে তেওঁলোকৰ সংকল্প পত্ৰখন আনুষ্ঠানিকভাবে মুকলি কৰিছে ৷ এই সংকল্প পত্ৰখনে ৰাইজৰ মনৰ আশা পূৰণ কৰিব পাৰিব বুলি সভাত বক্তাসকলে কয় ।

লগতে পঢ়ক: সাধাৰণ জনতাক পণবন্দী কৰি মহানগৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব' - Lok Sabha Election 2024

Last Updated : April 17, 2024 at 8:38 AM IST