ETV Bharat / politics

সাধাৰণ জনতাক পণবন্দী কৰি মহানগৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব' - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 9:28 PM IST

PM MODI ASSAM VISIT
গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জনতাক বেৰিকেডত আৱদ্ধ কৰি গুৱাহাটীৰ ৰাজপথ হৈ পৰিল মোদীময় । বিমান বন্দৰত উপস্থিত হৈ জি এছ ৰোডেৰে কইনাধৰাত প্ৰধানমন্ত্ৰী মোদী ৷ ৰাজপথত মোদীক বিপুল আদৰণি । বেৰিকেডৰ মাজত আৱদ্ধ ৰাইজৰ অভিবাদন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে । জি এছ ৰোডত প্ৰধানমন্ত্ৰীয়ে কৰিলে ৰোড শ্ব' । নিশা গুৱাহাটীত কটাই বুধবাৰে নলবাৰীত নিৰ্বাচনী জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গুৱাহাটী, ১৬ এপ্ৰিল: মোদীময় হৈ পৰিল গুৱাহাটী মহানগৰী । সাধাৰণ জনতাক পণবন্দী কৰি গুৱাহাটী মহানগৰীত অনানুষ্ঠানিক ৰোড শ্ব' কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দুদিনীয়া নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্দী নৰেন্দ্ৰ মোদীক বিপুল আদৰণি জনোৱা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

সন্ধিয়া বিশেষ বিমান যোগে গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলীয় নেতৃত্বই প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । বিমান বন্দৰৰ পৰা স্থলপথেৰে গুৱাহাটীৰ মাজেৰে কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ আহে প্ৰধানমন্ত্ৰীৰ বিশাল কনভয় । এককথাত আনুষ্ঠানিকভাৱে নহ'লেও অনানুষ্ঠানিকভাৱে গুৱাহাটী মহানগৰীত ৰোড শ্ব' কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বজালে নিৰ্বাচনী ৰণদুণ্ডুভি ।

গুৱাহাটীৰ মেৰুদণ্ডস্বৰূপ জি এছ ৰোডেৰে প্ৰধানমন্ত্ৰীৰ বিশাল কনভয় যোৱাৰ লগে লগে স্তব্ধ হৈ পৰে গুৱাহাটী মহানগৰী । অৱশ্যে বিয়লিৰ পৰাই গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে । যাত্ৰাপথৰ সমগ্ৰ পথছোৱাত হাজাৰ হাজাৰ লোক সমবেত হৈ প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় । প্ৰধানমন্ত্ৰীয়েও ৰাইজৰ অভিবাদন গ্ৰহণ কৰি আগুৱাই যায় ।

লক্ষ্যণীয় বিষয় যে জি এছ ৰোডেৰে কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত পথৰ দুয়োকাষে ৰাইজে প্ৰধানমন্ত্ৰীক অভিবাদন জনোৱাৰ বাবে বিশেষ ব্যৱস্থা কৰা হয় । প্ৰধানমন্ত্ৰীয়ে কোনো আনুষ্ঠানিক ৰোড শ্ব' নকৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল যদিও প্ৰধানমন্ত্ৰীৰ যাত্ৰাপথক বিশেষভাৱে সজাই তোলাৰ লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ।

প্ৰধানমন্ত্ৰী পাৰ হৈ যোৱা সময়ত ফুটপাথৰ পৰা ৰাইজে অভিবাদন জনাবৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰা হৈছিল । আনুষ্ঠানিক ৰোড শ্ব' নহয় বুলি মুখ্যমন্ত্ৰীয়ে ক'লেও প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বিমান বন্দৰৰ পৰা কইনাধৰালৈ পথৰ কাষত তৈয়াৰ কৰা হৈছিল বাঁহৰ বেৰিকেড । যি বেৰিকেডৰ মাজত সাধাৰণ জনতা আৱদ্ধ হৈ প্ৰধানমন্ত্ৰীক জনাইছিল অভিবাদন । এককথাত অনানুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত ৰোড শ্ব' কৰি একপ্ৰকাৰ গুৱাহাটীৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায় ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত জি এছ ৰোডৰ এ বি চিৰ পৰা বিশেষকৈ ৰাজীৱ ভৱনৰ সন্মূখৰ পৰা জনতা ভৱনলৈ পথছোৱা বেৰিকেড লগাই ৱান ৱে কৰি দিয়া হয় । য'ৰ পৰা ৰোড শ্ব' কৰি প্ৰধানমন্ত্ৰীৰ বিশাল কনভয় আগুৱাই যোৱাৰ বিপৰীতে আনটো ফালে বিজেপিৰ সমৰ্থক সকলে প্ৰধানমন্ত্ৰীক অভিবাদন জনায় ।

আনহাতে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত জি এছ ৰোডত এ বি চি পইণ্টৰ পৰা অসম সচিবালয়ৰ সন্মুখলৈ সম্পূৰ্ণৰূপে যান-বাহন চলাচল বন্ধ কৰি দিয়া হয় । ইফালে প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীত যান-বাহনৰ চলাচলত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উল্লেখ্য যে ৰঙালী বিহুৰ উচাহৰ মাজতে লোকসভা নিৰ্বাচনৰ উত্তাপক আৰু অধিক তীব্ৰতৰ কৰি নিৰ্বাচনী ৰণদুণ্ডুভি বজাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

১৭ এপ্ৰিলত নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ'বলগীয়া বিশাল জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে । বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মোদীয়ে । আজি নিশাটো কইনাধৰাৰ চৰকাৰী অতিথিশালাত কটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে পুৱা ১০.৩০ বজাত নলবাৰীত আয়োজন কৰা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব ।

নলবাৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰকুৰাত বৰপেটা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভোটাৰক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । মোদীৰ এই সভাত কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টিৰ ভোটাৰো উপস্থিত থাকিব বুলি দলীয় সূত্ৰই সদৰী কৰিছে । ইফালে নৰেন্দ্ৰ মোদীৰ পিচতেই বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি আজি বিয়লিৰ পৰা নিশালৈ গুৱাহাটী মহানগৰী প্ৰায় স্তব্ধ হৈ পৰে । জি এছ ৰোড বন্ধ কৰি দিয়াৰ ফলত গুৱাহাটীৰ আন পথসমূহত ব্যাপক যানজঁটৰ সৃষ্টি হয় । ঘণ্টাৰ পিচত ঘণ্টা ৰাজপথত আৱদ্ধ হৈ পৰে হাজাৰ হাজাৰ লোক । এককথাত গুৱাহাটীৰ ট্ৰেফিক ব্যৱস্থাটো অনিয়ন্ত্ৰিত হৈ পৰে ।

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি গুৱাহাটী মহানগৰীক স্তব্ধ কৰি প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ৰে কাৰ্যত শক্তি প্ৰদৰ্শন কৰিলে শাসকীয় দল বিজেপিয়ে ।

লগতে পঢ়ক: বিজেপিয়ে কামৰ খতিয়ান দাঙি ধৰিব নোৱাৰি কংগ্ৰেছক গালি পাৰিয়েই চলাইছে প্ৰচাৰ : কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.