ETV Bharat / politics

বিজেপিয়ে কামৰ খতিয়ান দাঙি ধৰিব নোৱাৰি কংগ্ৰেছক গালি পাৰিয়েই চলাইছে প্ৰচাৰ : কংগ্ৰেছ - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 4:29 PM IST

Lok Sabha Polls 2024
বিজেপিয়ে কামৰ খতিয়ান দাঙি ধৰিব নোৱাৰি কংগ্ৰেছক গালি পাৰিয়েই চলাইছে প্ৰচাৰ : কংগ্ৰেছ

Lok Sabha Polls 2024:'কা' সন্দৰ্ভত অগপৰ স্থিতিক লৈ তীব্ৰ সমালোচনা নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ । সংবিধান ৰক্ষাৰ বাবে সমগ্ৰ দেশৰ ভোটাৰ ৰাইজ মাৰ বান্ধি ঠিয় দিছে বুলি মন্তব্য় কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে ।

বিজেপিয়ে কামৰ খতিয়ান দাঙি ধৰিব নোৱাৰি কংগ্ৰেছক গালি পাৰিয়েই চলাইছে প্ৰচাৰ : কংগ্ৰেছ

কলিয়াবৰ, ১৬ এপ্ৰিল: ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ তিনি দিন । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ আগে-আগে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভাত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ যিধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলিছে তাৰ তুলনাত ৰ'জলীনা তিৰ্কীৰ প্ৰচাৰত কংগ্ৰেছ দল যথেষ্ট পিচ পৰি আছে । তাৰ মাজতে কলিয়াবৰ কংগ্ৰেছে দলীয় প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ ওলাই আহিল একাংশ নেতা-কৰ্মী ।

তেওঁলোকৰ লগত প্ৰাৰ্থী নাই, ষ্টাৰ কেম্পেইনাৰো নাই । মাত্ৰ সীমিত সংখ্যক সমৰ্থকৰে ৰ'জলীনা তিৰ্কীৰ হৈ কলিয়াবৰত চলাইছে নিৰ্বাচনী প্ৰচাৰ । কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ নামত মাত্ৰ এমুঠি সমৰ্থকে কেইখনমান গাড়ী লৈ ৰেলী কৰি প্ৰচাৰ চলাইছে কলিয়াবৰত । নিৰ্বাচনী প্ৰচাৰৰ নামত মাথো সংবাদ মাধ্যমৰ আগত বিজেপি-অগপক সমালোচনা নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াৰ ।

নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঔপনিৱেশত পৰিণত হৈছে কলিয়াবৰ । তেওঁ 'কা'ক লৈ অগপৰ স্থিতিকো তীব্ৰ সমালোচনা কৰে । নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে পুনৰ কয় যে সংবিধান ৰক্ষাৰ বাবে সমগ্ৰ দেশৰ ভোটাৰ ৰাইজ মাৰবান্ধি ঠিয় দিছে ।

বিজেপিয়ে নিজৰ কামৰ খতিয়ান দাঙি ধৰিব নোৱাৰি কেৱল কংগ্ৰেছক গালি পাৰিয়েই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াৰ । নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণকো সমালোচনা কৰে নগাঁও জিলা কংগ্ৰেছৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক:কাজিৰঙাত কি ভূমিকা ল'ব সংখ্যালঘু আৰু চাহ বাগিচাৰ ভোটাৰে ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.