ETV Bharat / politics

NRC ত আবেদন নকৰা লোকে নাগৰিকত্ব পালে মই প্ৰথমে পদত্যাগ কৰিম: ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 2:16 PM IST

Assam CM on CAA implementation: CAA ৰ অধিসূচনা জাৰিৰ পিচতে অসমৰ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । অসমত ইয়াক লৈ চিন্তাৰ কাৰণ নাই । অতি কম সংখ্যক লোকেহে পৰ্টেলত আবেদন কৰিব । প্ৰতিবাদকাৰীসকলক অগ্নি পৰীক্ষাৰ বাবে সাজু থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ।

Assam CM on CAA implementation
এনআৰচিত আবেদন নকৰা লোকে নাগৰিকত্ব পালে মই প্ৰথমে পদত্যাগ কৰিম

এনআৰচিত আবেদন নকৰা লোকে নাগৰিকত্ব পালে মই প্ৰথমে পদত্যাগ কৰিম

শিৱসাগৰ, ১২ মাৰ্চ : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) বাবে আবেদন নকৰা এজনো ব্যক্তিয়ে যদি নাগৰিকত্ব লাভ কৰে, তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব । ইফালে লাখ লাখ লোকে যদি নাগৰিকত্ব লাভ কৰে, তেনেহ'লে CAA ৰ বিৰুদ্ধে প্ৰতিবাদো কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । দেশত CAA ৰ অধিসূচনা জাৰিৰ পিচতে সংবাদ মাধ্যমত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ।

সোমবাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বলৱৎ কৰাৰ পিচতে অসমৰ বিভিন্ন প্ৰান্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে । এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অসমৰ সন্তান । যদি এন আৰ চিৰ বাবে আবেদন নকৰা এজনো ব্যক্তিয়ে নাগৰিকত্ব লাভ কৰে তেন্তে তেওঁ প্ৰথমে পদত্যাগ কৰিব ।

প্ৰতিবাদকাৰীসকলে দাবী কৰিছে যে CAA ৰূপায়ণৰ পিচত লাখ লাখ লোক ৰাজ্যখনত প্ৰবেশ কৰিব । যদি এয়া সঁচা হয় তেনেহ'লে তেওঁ নিজেও CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আশ্বাস প্ৰদান কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া পৰ্টেলত আবেদন কৰাৰ সময় আহি পৰিছে । পৰ্টেলৰ তথ্যই এতিয়া স্পষ্ট কৰিব প্ৰতিবাদকাৰীসকলে দাবী কৰা কথাবোৰ কিমান শুদ্ধ আছিল । CAA বিৰোধীসকলক অগ্নি পৰীক্ষাৰ বাবে সাজু থাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

মুখ্যমন্ত্ৰীৰ মতে অসমত একেবাৰে কম সংখ্যক লোকেহে নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব ৷ আগন্তুক দুমাহৰ ভিতৰত এই পৰিসংখ্যাটো স্পষ্ট হ'ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ প্ৰতিবাদকাৰীসকলক সন্মান কৰে । কিন্তু অবাবত প্ৰতিবাদ হোৱাটো তেওঁ নিবিচাৰে ।

উল্লেখ্য যে, মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী শিৱসাগৰত উপস্থিত হৈ জয়সাগৰৰ ডিমৌ পথাৰত নিৰ্মাণ কৰা অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নৰ ছাউনী উদ্বোধন কৰে । তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ সুৰক্ষাত নিয়োজিত ২৫ সংখ্যক বেটেলিয়নৰ ছাউনী ১৫ কোটি টকা ব্যয় সাপেক্ষে ১৩০ বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে ।

পূৰ্বে লিগিৰীপুখুৰীস্থিত ১ নং বেটেলিয়নৰ সৈতে আছিল ২৫ নং বেটেলিয়ন । মুঠ ১১৪৫ গৰাকী জোৱানৰ বাবে নিৰ্মাণ কৰা ছাউনীৰ পুঁজি বহন কৰিছে তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগে ।

লগতে পঢ়ক : অসমৰ মানুহে কেতিয়াও এই আইন মানি লোৱা নাছিল আৰু মানি নলয় : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.