ETV Bharat / politics

অসমৰ মানুহে কেতিয়াও এই আইন মানি লোৱা নাছিল আৰু মানি নলয় : লুৰীণজ্যোতি গগৈ

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 9:22 PM IST

Updated : Mar 11, 2024, 9:33 PM IST

Lurinjyoti Gogoi on CAA
লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

Lurinjyoti Gogoi on CAA : দেশজুৰি বলৱৎ হোৱা নাগৰিকত্ব (সংশোধনী) আইন- 2019 সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ অসমৰ মানুহে কেতিয়াও এই আইন মানি লোৱা নাছিল আৰু মানি নলয় বুলি মন্তব্য কৰে তেওঁ ৷

কা বলবৎ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ লুৰীণজ্যোতি গগৈৰ

তেজপুৰ, 11 মাৰ্চ : "চৰকাৰখনে ৰাইজৰ ওপৰত প্ৰচণ্ড অন্যায় কৰি জাতিধ্বংসী 'কা' আইন জাপি দিছে ৷ অসমৰ মানুহৰ ভাষা, কৃষ্টি-সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যৎ, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক ভৱিষ্যৎ সকলো নিঃশেষ কৰি এই জাতিধ্বংসী আইন অসমৰ ওপৰত জাপি দিছে ৷" আজি দেশজুৰি বলৱৎ হোৱা নাগৰিকত্ব (সংশোধনী) আইন- 2019 সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

'কা' সন্দৰ্ভত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অজাপৰ সভাপতিগৰাকীয়ে কয় যে, অসমৰ ৰাইজৰ গণ আন্দোলন, গণ সংগ্ৰাম, মানুহৰ ত্যাগ, শ্বহীদৰ আত্মত্যাগ সকলো উপেক্ষা কৰি আজি অৱশেষত এই আইনখন তেওঁলোকে বলৱৎ কৰিলে ৷ লগতে অসমৰ মানুহে কেতিয়াও এই আইন মানি লোৱা নাছিল আৰু মানি নলয় বুলি মন্তব্য কৰে তেওঁ ৷

অজাপৰ সভাপতিজনে পুনৰ কয় যে, যিসকল নেতাই 'কা'ৰ বিৰোধিতা কৰিব লাগিছিল তেওঁলোকেও এই আইনৰ সমৰ্থনত উঠি-পৰি লাগিছে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰি এই আইনৰ পক্ষত থিয় দিলে, কেৱল নিজৰ গাদী ৰক্ষাৰ কাৰণে ৷ অসম মাতৃৰ সুৰক্ষিত ভৱিষ্যতৰ কথা নাভাবি কেৱল নিজৰ স্বাৰ্থ, নিজৰ গাদী ৰক্ষাৰ কাৰণে চাবি দিয়া পুতলাৰ দৰে তেওঁলোকে নিৰ্লজ্জভাৱে এই আইনৰ সমৰ্থন কৰিলে বুলি উল্লেখ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ গতিকে এইক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এক ভয়ংকৰ জাতীয় অপৰাধত অপৰাধী বুলিও কয় অজাপৰ সভাপতিজনে ৷

আনহাতে আজি দেশজুৰি বলৱৎ হোৱা নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে সকলো ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈয়ো আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে ৷ লগতে এই আইনৰ বিৰুদ্ধে বিৰোধী ঐক্যই প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও জানিবলৈ দিয়ে তেওঁ ৷

লগতে পঢ়ক : এই আইন বলবৎ কৰি জনগণক প্ৰতাৰণা কৰিলে : দেৱব্ৰত শইকীয়া

Last Updated :Mar 11, 2024, 9:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.