ETV Bharat / politics

পৰাজিত লোকেহে ই ভি এমৰ বিসংগতি থকা বুলি কয় : হিমন্ত বিশ্ব শৰ্মা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 10:57 PM IST

Himanta Biswa Sarma
যোৰহাটত কংগ্ৰেছ নেতাৰ বিৰুদ্ধে আক্ৰমণাত্মক হিমন্ত বিশ্ব শৰ্মা

পৰাজিত হ’লেহে ই ভি এমৰ বিসংগতি বুলি কয় ৷ এইদৰে দিগ্বিজয় সিঙক উভতি ধৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ আনহাতে জয়ৰাম ৰমেশ এজন বেকাৰ ব্যক্তি বুলি উল্লেখ কৰি তেওঁ ৰাহুল গান্ধীৰ চামচা বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

যোৰহাটত কংগ্ৰেছ নেতাৰ বিৰুদ্ধে আক্ৰমণাত্মক হিমন্ত বিশ্ব শৰ্মা

যোৰহাট, 12 এপ্ৰিল: কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে ই ভি এমৰ সন্দৰ্ভত অৱতাৰণা কৰা সন্দেহ আৰু প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে কংগ্ৰেছ অথবা বিৰোধী দল জয়ী হ’লে ইভিএমৰ সমস্যা বুলি নকয়, কিন্তু বিজেপি জয়ী হ’লেই ইভিএমৰ ওপৰত সন্দেহ আহি যায় ৷ দিগ্বিজয় সিং হাৰি থকা লোক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই যোৰহাটত এক ৰোড শ্ব’ত অংশগ্ৰহণৰ পিচতে সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় যে বিমুদ্ৰাকৰণৰ সময়ত টকাৰ যিদৰে কাম নাইকিয়া হৈছিল কংগ্ৰেছৰ অৱস্থাও আজি তেনেকুৱাই হৈছে । আনহাতে ২০২৬ চনত শিৱসাগৰৰ পৰা অখিল গগৈয়ে একেবাৰে বিদায় ল’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ কাৰণ হিচাবে তেওঁ কয় যে অখিল গগৈ থাকিলে শিৱসাগৰৰ উন্নয়ন নহ’ব ।

আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ এজন বেকাৰ ব্যক্তি বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ ৰাহুল গান্ধীৰ চামচা বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভাৰতৰ সংবিধান ৰক্ষা কৰিছে যদি নৰেন্দ্ৰ মোদীয়েহে কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিজেপি শাসনলৈ আহিলে সংবিধান সলনি কৰি দিব বুলি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় ড৹ শৰ্মাই ৷

‘কা’ বিৰোধী আন্দোলনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী থকালৈকে বাংলাদেশৰ পৰা বিদেশী নহয়, চৰাই এটাও অসমত প্ৰৱেশ কৰিব নোৱাৰিব ৷ আনহাতে ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ ছহিদে কেতিয়াও অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক ক্ষমা নকৰে বুলি কৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ছহিদৰ আত্মাই তেওঁলোকক খেদি ফুৰিছে ।

লগতে পঢ়ক: একাষৰীয়া উৰুকাৰ বজাৰ : যোৰহাটত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.