ETV Bharat / politics

বিজেপিৰ বৰ্তমান থৰহৰি কম্পমান অৱস্থা : কংগ্ৰেছ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 9:20 PM IST

বিজেপিৰ বিৰুদ্ধে আদৰ্শ নিৰ্বাচনী বিধি উলংঘাৰ লগতে ভুৱা অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ ৷ শিৱসাগৰৰ ৰাজীৱ ভৱনত আজি এক সংবাদমেলত তোলে এই গুৰুতৰ অভিযোগ তোলে প্ৰদেশ কংগ্ৰেছে ৷

LOK SABHA ELECTION 2024
বিজেপিৰ বিৰুদ্ধে অভিযোগ প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ্য মুখপাত্ৰ বৰ্ণালী ফুকনৰ

প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ্য মুখপাত্ৰ বৰ্ণালী ফুকনৰ সংবাদমেল

শিৱসাগৰ, 8 এপ্ৰিল : শিৱসাগৰৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনে সংবাদমেল সম্বোধন কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে ৷ সংবাদমেলত শাসকীয় দলৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আদৰ্শ নিৰ্বাচনী বিধি উলংঘাৰ লগতে ভুৱা অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ উত্থাপন কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে, এই নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ নহয় ৷ এই নিৰ্বাচন অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন হ’ব, এই নিৰ্বাচন মিছাৰ বিৰুদ্ধে সঁচাৰ নিৰ্বাচন, এই নিৰ্বাচন হ’ব 'কা'ৰ বিৰুদ্ধে নিৰ্বাচন ৷ গতিকে এইবাৰ বদনক খেদি অসমৰ সম্পদ গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিৰ পৰা ৰাইজে সাংসদ হিচাবে নিৰ্বাচিত কৰিব বুলি মন্তব্য কৰে তেওঁ ৷ লগতে বিজেপিৰ বৰ্তমান 'থৰহৰি কম্পমান' অৱস্থা বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে বিজেপিয়ে এতিয়া আদৰ্শ নিৰ্বাচনী বিধিকো নেওচি ভুৱা অৰুণোদয়ৰ প্ৰ-পত্ৰ বিতৰণ কৰিছে বুলি অভিযোগ কৰে ৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে তেওঁৰ অভিযোগৰ সমৰ্থনত কেতবোৰ নথি-পত্ৰও সংবাদমেলত প্ৰদৰ্শন কৰে ৷

ইফালে বিজেপি দলক "ভাৰতীয় জনতা পাৰ্টীৰ আচল নাম হৈছে ভাৰতৰ জুমলা পাৰ্টী" বুলি তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ বিজেপি দল জুমলাবাজীত সিদ্ধহস্ত বুলি উল্লেখ কৰি তেওঁ বিজেপি দলটোৱে এতিয়া জুমলাৰ দ্বাৰা ৰাইজক প্ৰলোভন দিয়াৰ কথা ভাবিছে বুলি অভিযোগ কৰে ৷ লগতে তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰখনে গণতন্ত্ৰক ইমান অৱনমিত কৰিছে যে, তেওঁলোকে নিৰ্বাচন জিকিবলৈ মিছাৰ আশ্ৰয় ল’বলগীয়া হৈছে, ৰাইজক আভুৱা ভাৰিছে ৷

লগতে পঢ়ক : ৰাজীৱ ভৱনত বহিবলৈও মানুহ নাই কংগ্ৰেছত: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.