ETV Bharat / politics

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবেই লখিমপুৰ লোকসভা আসন দখল মসৃণ নহ’ব বিজেপি-কংগ্ৰেছৰ বাবে

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 11:58 AM IST

A Survey says, BJP will loose huge amounts of votes due to the Constituency Delimitation
সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবেই শাসকীয় বিজেপিয়ে লক্ষাধিক ভোট হেৰুওৱাৰ সমীক্ষা পোহৰলৈ

Lok sabha Election: সমষ্টি পুনৰ নিৰ্ধাৰণে বেমেজালিত পেলাইছে বিজেপি দলক ৷ ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ এটা লোকসভা সমষ্টিত দলে হেৰুৱাব লক্ষাধিক ভোট ৷ ইফালে কংগ্ৰেছো এটা সুবিধাজনক স্থিতিত নাই ৷ জানিবলৈ পঢ়ক আমাৰ এই বিশ্লেষণাত্মক প্ৰতিবেদন---

লখিমপুৰ, 18 মাৰ্চ: লোকসভা নিৰ্বাচন অনুষ্ঠিত নৌহওঁতেই 12 নং লখিমপুৰ লোকসভা সমষ্টি সন্দৰ্ভত চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে কিছু আকৰ্ষণীয় সমীকৰণ ৷ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই শাসকীয় বিজেপি দলে লক্ষাধিক ভোট হেৰুৱাব বুলি এই সমীক্ষাত পোহৰলৈ আহিছে । একেদৰে প্ৰধান বিৰোধী দল কংগ্ৰেছেও এই সমীক্ষাত অৰ্ধ লক্ষাধিক ভোট হেৰুৱাব বুলি পোহৰলৈ আহিছে ।

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মুঠ 9 টা বিধানসভা সমষ্টিৰ পৰা এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণত মাজুলী আৰু চাবুৱা সমষ্টি দুটা বাদ দিয়াৰ বাবে শাসক-বিৰোধী দল এনেদৰে বুজন পৰিমাণৰ ভোট হেৰুৱাটো নিশ্চিত হৈ পৰিছে । কিয়নো বিগত 2019 ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ প্ৰাপ্ত ভোটৰ তথ্যই এই কথা স্পষ্ট কৰি তুলিছে ।

তথ্য মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত শাসকীয় বিজেপি দল আৰু বিৰোধী কংগ্রেছ দল সৰ্বাধিক ক্ষতি হোৱাৰ সম্ভাৱনা পোহৰলৈ আহিছে । উল্লেখ্য যে, 2019 চনৰ নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই পোৱা ভোটৰ সংখ্যা আছিল 62 হেজাৰ 375 টা । তেনেদৰে চাবুৱা সমষ্টিত পোৱা ভোটৰ সংখ্যা আছিল 79 হেজাৰ 21 টা । এই দুয়োটা সমষ্টিত প্ৰদান বৰুৱাই পোৱা মুঠ ভোটৰ সংখ্যা হ’ল 1 লাখ 41 হেজাৰ 396 টা ।

একেদৰে, কংগ্রেছৰ প্ৰাৰ্থী অনিল বৰগোঁহায়ে মাজুলী সমষ্টিত পাইছিল 24 হেজাৰ 242 টা ভোট আৰু চাবুৱা সমষ্টিত পাইছিল 27 হেজাৰ 573 টা ভোট । কংগ্রেছৰ প্ৰাৰ্থীজনে এই দুয়োটা সমষ্টিত পোৱা ভোটৰ সংখ্যা হ’ল 51 হেজাৰ 815 টা ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এই সমষ্টি দুটা বাদ দিয়াৰ ফলত শাসকীয় দলে যেনেদৰে লক্ষাধিক ভোট হেৰুৱালে তেনেদৰে বিৰোধী কংগ্রেছ দলেও হেৰুৱালে অৰ্ধ লক্ষাধিক ভোট । আনহাতে, এইবাৰ লোকসভা সমষ্টিটোৰ পৰা এই দুটা সমষ্টি বাদ দি নতুনকৈ গঠন কৰা ৰঙানদী আৰু চিচিবৰগাঁও সমষ্টি দুটা অন্তর্ভুক্ত কৰা হৈছে । এতিয়া নতুনকৈ গঠন কৰা সমষ্টি দুটাই শাসক-বিৰোধী দলে হেৰুৱা ভোটৰ জোৰা মাৰিবলৈ সক্ষম হ’ব নে নহয় সেয়া হৈছে বৰ্তমান সমষ্টিটোত অন্যতম চৰ্চিত বিষয় ৷

ই লখিমপুৰ লোকসভা সমষ্টিৰ এইবাৰৰ নিৰ্বাচনত এক নিৰ্ণায়ক কাৰক হোৱাৰো সম্ভাবনা আছে ৷ উল্লেখ্য যে, বিগত নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়ে 3 লাখ 50 হেজাৰ 551 টা ভোটৰ ব্যৱধানত কংগ্রেছৰ প্ৰাৰ্থীজনক পৰাস্ত কৰিছিল । এইবাৰ যদি বাদ দিয়া সমষ্টি দুটাৰ পৰা ঘাটি হোৱা ভোটৰ সংখ্যা নতুন সমষ্টি দুটাত বিজেপি দলে জোৰা মাৰিব নোৱাৰে তেন্তে ডেৰ লক্ষাধিক ভোট হেৰুৱাৰ বিপৰীতে বিৰোধী দলে নতুন সমষ্টিত খোপনি পুতিবলৈ সক্ষম হ’লে সম্পূৰ্ণ নিৰ্বাচনী চিত্রপট ওলট-পালট হৈ পৰাৰ সম্ভাৱনা ।

কিয়নো নতুন সমষ্টি দুটাত এই মুহুর্তত বিজেপি অথবা কংগ্রেছৰ কোনো বিধায়ক নাই । সেয়ে সেই সমষ্টি দুটাৰ জনমত লোকসভা নির্বাচনত কোন দলৰ সপক্ষে যাব সেয়া এই সময়ত স্পষ্টকৈ কোৱা টান । অৱশ্যে এই নতুন সমষ্টিকেইটাত যি দলেই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব তাৰ ওপৰতে লখিমপুৰ লোকসভা নির্বাচনৰ ফলাফল বহু পৰিমাণে নিৰ্ভৰশীল ৷

লগতে পঢ়ক: কাৰ হাতলৈ যাব চৰ্চিত লখিমপুৰ লোকসভা সমষ্টি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.