ETV Bharat / politics

যোৰহাটৰ চাৰিগৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য বন্দী হ’ব ইভিএমত - LOk sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 6:54 AM IST

1727121 VOTERS TO DECIDE FATE OF FOUR CANDIDATES IN JORHAT TODAY
যোৰহাটৰ চাৰিগৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য বন্দী হ’ব ইভিএমত

1st phase of LS election in assam: শুকুৰবাৰে অনুষ্ঠিত হ’ব যোৰহাট লোকসভা সমষ্টিত ভোটগ্রহণ প্রক্রিয়া । 17,27,121 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব যোৰহাট লোকসভা সমষ্টিৰ চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্রহণ প্রক্রিয়া । স্বচ্ছ-নিকা আৰু সুকলমে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে যাৱতীয় সকলো ব্যৱস্থা ।

গুৱাহাটী, 19 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । অসমৰ 5 টা সমষ্টিত আজি হ’ব ভোটযুদ্ধ । পাঁচটা সমষ্টিৰ ভিতৰত অন্যতম যোৰহাট লোকসভা সমষ্টি । সমষ্টিটোত স্বচ্ছ-নিকা আৰু শান্তিপূর্ণ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনে । পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অনুষ্ঠিত হ'ব এই ভোটগ্রহণ প্রক্রিয়া ।

লক্ষণীয় বিষয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অনুষ্ঠিত কৰা এই নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছে । প্ৰায় প্ৰতিটো সমষ্টিৰে সীমা আৰু জনগাঠনিৰ ব্যাপক সাল-সলনি ঘটোৱা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা আছিল । সমষ্টিকেইটা হৈছে ক্ৰমে যোৰহাট, তিতাবৰ, মৰিয়নী, টীয়ক, আমগুৰি, নাজিৰা, মাহমৰা, সোণাৰি, থ‍াওৰা আৰু শিৱসাগৰ সমষ্টি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ইয়াৰ সালসলনি কৰা হয় যদিও বিধানসভাৰ সমষ্টি সংখ্যা একেই আছে ।

যোৰহাট লোকসভা সমষ্টিৰ চাৰিগৰাকী প্ৰাৰ্থী:

বিজেপিৰ তপন কুমাৰ গগৈ

কংগ্ৰেছৰ গৌৰৱ গগৈ

একম সনাতন ভাৰত দলৰ অৰুণ চন্দ্ৰ সন্দিকৈ

নিৰ্দলীয় প্ৰাৰ্থী ৰাজ কুমাৰ দুৱৰা

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি :

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাছৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে - সোণাৰি মাহমৰা ডিমৌ শিৱসাগৰ নাজিৰা মাজুলী (এছ টি) টীয়ক যোৰহাট মৰিয়নী আৰু তিতাবৰ ৷

যোৰহাট সমষ্টিৰ ভোটাৰ আৰু ভোটকেন্দ্ৰ: দহটা বিধানসভা সমষ্টিৰে গঠিত যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰৰ ৰূপৰেখা - মুঠ ভোটাৰ 17,27,121 গৰাকী

পুৰুষ ভোটাৰ 8,48,924 জন

মহিলা ভোটাৰ 8,78,192 গৰাকী

তৃতীয় লিংগৰ ভোটাৰ 5 গৰাকী

যুৱ ভোটাৰ 29,462 গৰাকী

80 ৰ ঊৰ্ধ্বৰ ভোটাৰ 17,188 গৰাকী

বিশেষভাৱে সক্ষম 12,265 গৰাকী

এশ বছৰৰ ঊৰ্ধ্বৰ 115 গৰাকী

আহোম জনগোষ্ঠীৰ আছে 5.50 লাখ ভোটাৰ

চাহ জনগোষ্ঠীৰ আছে 3.10 লাখ ভোটাৰ

কোঁচ, কলিতা আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছে 1.50 লাখ ভোটাৰ

মুছলমান ভোটাৰ আছে 1.50 লাখ ভোটাৰ

হিন্দু-বঙালী ভোটাৰ আছে 1.05 লাখ

হিন্দীভাষী ভোটাৰ আছে 85 হাজাৰ

মিচিং, দেউৰী, মেচ-কছাৰী, গোর্খা জনগোষ্ঠীৰ লগতে আন জনগোষ্ঠী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ ভোটাৰৰো আছে বিশেষ গুৰুত্ব

যোৰহাট লোকসভা সমষ্টিৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 2068 টা ।

সমষ্টিটোৰ পূৰ্বৰ স্থিতি: বেছিভাগ সময়েই যোৰহাট সমষ্টিক কংগ্ৰেছ দলেই প্ৰতিনিধিত্ব কৰি আহিছিল । যোৰহাট লোকসভা সমষ্টিক 1971 আৰু 1977 চনত প্ৰতিনিধিত্ব কৰিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ 1991 চনৰ পৰা অবিৰতভাৱে ছয়বাৰকৈ সমষ্টিটোৰ পৰা জয়ী হৈ আহিছিল কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈ ৷ 2014 চনত সমষ্টিটো বিজেপিৰ দখললৈ আহে আৰু কামাখ্যা প্ৰসাদ তাছা সাংসদ হিচাপে নিৰ্বাচিত হয় ৷ 2014 চনত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাই লাভ কৰিছিল 4,56,420 টা ভোট ৷

কামাখ্যা প্ৰসাদ তাছাৰ ভোটৰ হাৰ আছিল 48.99 % ৷ কংগ্ৰেছৰ বিজয় কৃষ্ণ সন্দিকৈয়ে লাভ কৰিছিল 3,54,000 টা ভোট ৷ বিজয় কৃষ্ণ সন্দিকৈৰ ভোটৰ হাৰ আছিল 38% ৷ কামাখ্যা প্ৰসাদ তাছা 1,02,420 টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ৷ 2019 চনৰ নিৰ্বাচনত জয়ী হয় বিজেপিৰ তপন কুমাৰ গগৈ ৷

2019 ত বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে লাভ কৰিছিল 5,44,288 টা ভোট ৷ তপন গগৈৰ ভোটৰ হাৰ আছিল 51.35 % ৷ 2019 ত কংগ্ৰেছৰ সুশান্ত বৰগোহাঁয়ে লাভ কৰিছিল 4,60,635 টা ভোট ৷ সুশান্ত বৰগোহাঁইৰ ভোটৰ হাৰ আছিল 43.54 % ৷ সুশান্ত বৰগোহাঁই বৰ্তমান বিজেপিৰ বিধায়ক ৷

নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ-নিকা আৰু সুকলমে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ভোটকেন্দ্রত লাইভ মণিটৰিং তথা বেৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, ভোটকেন্দ্ৰসমূহত ভোটাৰৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি খোৱাপানীৰ ব্যৱস্থা, শৌচালয়, পর্যাপ্ত বিদ্যুৎ যোগানৰ ব্যৱস্থা, বিশেষভাৱে সক্ষম ভোটাৰ আৰু বয়স্ক লোকৰ বাবে ৰেম্প, হুইল চেয়াৰ আদিৰ ব্যৱস্থা কৰা হৈছে ৷

যোৰহাট সমষ্টিৰ দুইগৰাকী সাংসদৰ লগতে মুঠ চাৰিগৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব । পুৱাৰ পৰাই ভোটকেন্দ্ৰসমূহত শাৰী পতা পৰিলক্ষিত হৈছে ভোটাৰ ৰাইজে । শেষ হাঁহি কোনে মাৰিব সেয়া জানিবৰ বাবে অপেক্ষা কৰিব লাগিব ফলাফল ঘোষণাৰ দিনটোলৈ ।

লগতে পঢ়ক: আজি অসমৰ ৫ সমষ্টিত ভোটগ্ৰহণ, প্ৰস্তুতি সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.