ETV Bharat / international

পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল আইফেল টাৱাৰ

author img

By PTI

Published : Feb 26, 2024, 9:44 AM IST

Eiffel Tower reopens: দেওবাৰে দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰা হয় আইফেল টাৱাৰ । কৰ্মচাৰীয়ে বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্মঘটত বহাৰ পিচত 6 দিন ধৰি পৰ্যটকৰ বাবে বন্ধ হৈ আছিল কীৰ্তিচিহ্নটো ৷ ইউনিয়নৰ শ্ৰমিকসকলৰ সৈতে চুক্তিত উপনীত হোৱাৰ পিচতে পৰ্যটকৰ বাবে খুলি দিয়া হয় আইফেল টাৱাৰ ।

The Eiffel Tower reopens to visitors after a 6-day closure due to an employee strike
The Eiffel Tower reopens to visitors after a 6-day closure due to an employee strike

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী: পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি আকৰ্ষণীয় পৰ্যটনস্থলী আইফেল টাৱাৰ ৷ কৰ্মচাৰীৰ ধৰ্মঘটৰ বাবে 6 দিন বন্ধ হৈ থকাৰ পিছত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় আইফেল টাৱাৰ ৷ ঐতিহাসিক কীৰ্তিচিহ্নটোৰ উন্নত ৰক্ষণাবেক্ষণৰ দাবীৰ লগতে দৰমহা বৃদ্ধিৰ দাবীত ধৰ্মঘটকাৰীসকলে ছয় দিন ধৰি বন্ধ কৰি ৰাখে আইফেল টাৱাৰ ৷ দেওবাৰে দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰা হয় আইফেল টাৱাৰ ।

330 মিটাৰ (1083 ফুট) দৈৰ্ঘৰ এই টাৱাৰটোৰ অপাৰেটৰে এক বিবৃতিত কয়, "2031 চনৰ ভিতৰত পুৰ্ননিৰ্মাণৰ কামৰ বাবে 38 কোটি ইউৰো (প্ৰায় 412 মিলিয়ন মাৰ্কিন ডলাৰ)ৰ অভিলাষী বিনিয়োগ আৱণ্টন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত ইউনিয়নৰ শ্ৰমিকসকলৰ সৈতে এক চুক্তিত উপনীত হৈছে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

চলিত সপ্তাহতে দৰমহাৰ সম্পৰ্কীয় আলোচনাও আৰম্ভ কৰে ৷ যিটো অহা মাহত চূড়ান্ত হোৱাৰ আশা কৰা হৈছে ৷ কাৰণ ধৰ্মঘট কৰা কৰ্মচাৰীসকলে টিকট বিক্ৰীৰ পৰা পোৱা ৰাজহৰ সমানুপাতিক বৃদ্ধিৰ দাবী জনাইছে । 26 জুলাইৰ পৰা 11 আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া পেৰিছ গেমছ আৰু তাৰ পিছৰ পেৰালিম্পিকত 135 বছৰীয়া এই টাৱাৰটোত বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব । পেৰিছৰ অলিম্পিক আৰু পেৰালিম্পিক পদকত ঐতিহাসিক কীৰ্তিচিহ্নৰ পৰা লোৱা ষড়ভূজৰ লোহাৰ টুকুৰা সোমাই আছে ।

আইফেল টাৱাৰ সাধাৰণতে বছৰৰ 365 দিন খোলা থাকে । যোৱা বছৰ দেশৰ পেঞ্চন ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰে লোৱা পৰিকল্পনাৰ বিৰুদ্ধে সমগ্ৰ ফ্ৰান্সত ব্যাপক প্ৰতিবাদৰ চলাৰ সময়ত 10 দিনৰ বাবে এই স্মৃতিসৌধটোৰ চৌহত দৰ্শনাৰ্থী প্ৰৱেশ বন্ধ কৰি ৰখা হৈছিল ।

লগতে পঢ়ক: আইফেল টাৱাৰৰ টুকুৰাৰে তৈয়াৰ হৈছে পেৰিছ অলিম্পিকৰ পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.