ETV Bharat / sports

আইফেল টাৱাৰৰ টুকুৰাৰে তৈয়াৰ হৈছে পেৰিছ অলিম্পিকৰ পদক

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 7:54 AM IST

Updated : Feb 9, 2024, 8:51 AM IST

Paris Olympics Medals : অলিম্পিক গেমছত ইতিহাস ৰচনা কৰি পেৰিছৰ পদক বিজয়ীসকলে ফ্ৰান্স আৰু ইয়াৰ ইতিহাসৰ কিছু সমল ঘৰলৈ লৈ যাব । এই পদকবোৰত এক বিশেষত্ব আছে, যিবোৰ নিশ্চিতভাৱে প্ৰশংসিত হ'ব । পেৰিছ অলিম্পিক পদকত থাকিব ঐতিহাসিক আইফেল টাৱাৰৰ লোৰ টুকুৰা ।

আইফেল টাৱাৰৰ টুকুৰাৰে তৈয়াৰ হৈছে পেৰিছ অলিম্পিকৰ পদক
আইফেল টাৱাৰৰ টুকুৰাৰে তৈয়াৰ হৈছে পেৰিছ অলিম্পিকৰ পদক

স্পৰ্টছ ডেস্ক, ৯ ফেব্ৰুৱাৰী : সমাগত অলিম্পিক । চলিত বৰ্ষৰ জুলাই-আগষ্টত পেৰিছত অনুষ্ঠিত হ'ব এইবাৰৰ অলিম্পিক । ইয়াৰ বাবে অলিম্পিক আয়োজক সমিতিয়ে তীব্ৰ গতিত প্ৰস্তুতি চলাই আছে । এইবাৰৰ অলিম্পিকত বিভিন্ন দিশত নতুনত্ব আৰু কাৰিকৰী চমক দিব বিচাৰিছে অলিম্পিক আয়োজক সমিতিয়ে । ইয়াৰ প্ৰতিফলন দেখা যাব অলিম্পিক পদকবোৰতো ।

এইবাৰৰ অলিম্পিকৰ পদক আইফেল টাৱাৰৰ টুকুৰাৰে তৈয়াৰ কৰা হৈছে । এই স্মাৰক পুৰস্কাৰৰ বাবে ঐতিহাসিক স্থপতিটোৰ পৰা লোৱা লোৰ এটা ষড়ভুজাকৃতিৰ পলিশ্ব কৰা অংশ থাকিব । সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ'বলগা পেৰিছ অলিম্পিক আৰু পেৰা অলিম্পিকত খেলুৱৈসকলৰ ডিঙিত ই শোভাবৰ্ধন কৰিব ।

অলিম্পিক আয়োজকসকলে বৃহস্পতিবাৰে তেওঁলোকৰ এই বৈপ্লৱিক ডিজাইন প্ৰকাশ কৰে । চিমোন বাইলছে পূৰ্বৰ দুটা অলিম্পিকৰ পৰা সাতটা পদক লাভ কৰিছে । আনহাতে, লেব্ৰন জেমছে লণ্ডন, বেইজিং আৰু এথেন্সৰ পৰা দুটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে । কিন্তু পেৰিছ গেমছক লক্ষ্য কৰি লোৱা এই খেলুৱৈসকলৰ মাজৰ এজনো বা ১৮৯৬ চনৰ পৰা আৰম্ভ কৰি পূৰ্বৰ ২৯ টা গ্ৰীষ্মকালীন অলিম্পিকত প্ৰায় ৩৬,৬০০ গৰাকী আন পদক বিজয়ীৰ মাজত কোনো এগৰাকীয়ে এনেধৰণৰ খেলুৱৈ নাছিল ।

অলিম্পিক গেমছত ইতিহাস ৰচনা কৰি পেৰিছৰ পদক বিজয়ীসকলে ফ্ৰান্স আৰু ইয়াৰ ইতিহাসৰ কিছু সমল ঘৰলৈ লৈ যাব । এই পদকবোৰত এক বিশেষত্ব আছে, যিবোৰ নিশ্চিতভাৱে প্ৰশংসিত হ'ব । 330 মিটাৰ (1,083 ফুট) ওখ টাৱাৰটো 18,038 টা লোৰ অংশৰে নিৰ্মিত । ১৮৮৯ চনৰ বিশ্ব মেলাৰ বাবে নিৰ্মিত আৰু ফৰাচী বিপ্লৱৰ ১০০ সংখ্যক বাৰ্ষিকী উদযাপন কৰা আইফেল টাৱাৰটোৰ অভিযন্তা গুস্তাভৰ উদ্দেশ্য আছিল কেৱল ২০ বছৰ ইয়াক থিয় কৰি ৰখা ।

কিন্তু ইয়াৰ পৰিৱৰ্তে ই এতিয়া বছৰ বছৰ ধৰি থিয় হৈ আছে । অৱশ্যে সময়ে সময়ে ইয়াক পুনৰুজ্জীৱিত কৰি ৰখাৰ বাবে কিছু যতন বা মেৰামতি কৰি থকা হৈছে । 135 বছৰ পুৰণি টাৱাৰটো পূৰ্বৰ দুখন অলিম্পিকৰ অভিজ্ঞতাপুষ্ট । তাৰে এবাৰ হৈছে 1900 আৰু অন্তিমবাৰ 1924 চনৰ পেৰিছ অলিম্পিক । অলিম্পিক পদকবোৰৰ কেন্দ্ৰত সোমাই থকা লোৰ টুকুৰাবোৰৰ ওজন 18 গ্ৰাম (এক আউন্সৰ প্ৰায় দুই-তৃতীয়াংশ) । পেৰিছ অলিম্পিক আয়োজক সমিতিৰ ডিজাইন হেড জোৱাচিম ৰনচিনৰ মতে, এই লোৰ টুকুৰাবোৰ আইফেল টাৱাৰৰ মেৰামতিৰ সময়ত বা ইয়াৰ নৱীকৰণ বা ইয়াৰ সুৰক্ষিত কৰি ৰখাৰ বাবে কৰা বিভিন্ন কাৰ্যত ব্যৱহৃত লোৰ কটা অংশ, যিবোৰ সংৰক্ষিত কৰি ৰখা হৈছিল তাৰ পৰা লোৱা হৈছে ।

"ধাৰণাটো কেইটামান আলোচনাৰ পিছত আহিছিল । আমি উপলব্ধি কৰোঁ যে সমগ্ৰ বিশ্বতে এটা প্ৰতীকক জনা যায়, যিটো হৈছে আইফেল টাৱাৰ ।" ৰনচিনে কয় ।

"আমি নিজকে কৈছিলোঁ, 'যদি আমি আইফেল টাৱাৰ অপাৰেটিং কোম্পানীৰ ওচৰলৈ যাওঁ তেন্তে পদকটোত একত্ৰিত কৰিবলৈ আইফেল টাৱাৰৰ অলপ অংশ পোৱাটো সম্ভৱ হ'ব নেকি ?' । কোম্পানীটো আমাৰ কথাত সন্মত হয় আৰু আমাৰ সপোনটো বাস্তৱত পৰিণত হয় ।" তেওঁ লগতে কয় ।

"এইটো সঁচাকৈয়ে আইফেল টাৱাৰৰ পৰা সংগ্ৰহ কৰা অলপ ধাতুৰে নিৰ্মিত ।" ৰনচিনে কয় । ইয়াত এই টুকুৰাবোৰক দ্বিতীয় জীৱন দিবৰ বাবে পলিশ্ব, বাৰ্নিশ্ব আৰু ৰং কৰা হৈছে । তাৰ ওপৰত 'পেৰিছ 2024' আৰু গেমছৰ ল'গ' ৰখা হৈছে । পাঁচটা অলিম্পিক ৰিঙো অলিম্পিক পদকৰ লোত লগোৱা হৈছে ।

লগতে পঢ়ক :ভাৰতীয় ফুটবলৰ বিকাশৰ বাবে আই এম বিজয়নেৰে কাম কৰি আনন্দিত বাইচুং ভূটীয়া

Last Updated : Feb 9, 2024, 8:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.