ETV Bharat / sports

ভাৰতীয় ফুটবলৰ বিকাশৰ বাবে আই এম বিজয়নেৰে কাম কৰি আনন্দিত বাইচুং ভূটীয়া

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 8:00 PM IST

Indian Footballer Bhaichung Bhutia : ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই আই এম বিজয়নৰ নেতৃত্বত এআইএফএফৰ কাৰিকৰী সমিতিত অন্তৰ্ভুক্ত হোৱাত এক প্ৰকাৰ আশ্চৰ্য প্ৰকাশ কৰে । কিন্তু কিংবদন্তী ফুটবলাৰগৰাকীৰ সৈতে ইটিভি ভাৰতৰ সঞ্জীব গুহৰ এক বিশেষ বাৰ্তালাপত তেওঁ আনন্দ প্ৰকাশ কৰে ।

এআইএফএফৰ কাৰিকৰী সমিতিত অন্তৰ্ভুক্ত  বাইচুং ভূটীয়া

স্পৰ্টছ ডেস্ক, ৮ ফেব্ৰুৱাৰী : ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াক শেহতীয়াভাৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এআইএফএফ) কাৰিকৰী সমিতিত অন্তৰ্ভুক্ত কৰা হয় । ভাৰত তথা ইষ্ট বেংগলৰ আন এগৰাকী প্ৰাক্তন অধিনায়ক মনোৰঞ্জন ভট্টাচাৰ্যক অনানুষ্ঠানিকভাৱে ইয়াৰ পৰা বাহিৰ কৰাৰ পিছত ভূটীয়াক এই সমিতিত অন্তৰ্ভুক্ত কৰা হয় ।

উল্লেখ্য যে তিনি বছৰ পূৰ্বে বাইচুং ভূটীয়াই নিজেই ইষ্ট বেংগলৰ নিৰ্বাচক হিচাপে তেওঁৰ পদৰ পৰা অব্যাহতি লয় আৰু এই পদৰ বাবে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ক্লাবটোৰ দুজন কিংবদন্তী মনোৰঞ্জন ভট্টাচাৰ্য আৰু তৰুণ দে'ৰ নাম উল্লেখ কৰে ।

তিনিটা ছিজনৰ পাচত বাইচুং ভূটীয়াই মনোৰঞ্জন ভট্টাচাৰ্যৰ স্থানত আন এগৰাকী ভাৰতীয় কিংবদন্তী আই এম বিজয়নৰ নেতৃত্বত কাৰিকৰী সমিতিত অন্তৰ্ভুক্ত হয় । বাইচুং ভূটীয়ালৈ এই সিদ্ধান্তটো এক আচৰিত ধৰণে আহে । কিয়নো এই দায়িত্ব প্ৰদান কৰাৰ পূৰ্বে তেওঁৰ পৰা কোনো পৰামৰ্শ লোৱা হোৱা নাছিল । আনহাতে, বাইচুং ভূটীয়াই ভাৰতীয় ফুটবলৰ মূল সংস্থাৰ সৈতে কাম কৰি অধিক সুখী বুলি উল্লেখ কৰে ।

"মনোৰঞ্জনদাৰ (মনোৰঞ্জন ভট্টাচাৰ্য) স্থানত মোৰ নাম ঘোষণা কৰা হ'ব বুলি মোৰ কোনো ধাৰণা নাছিল । অৱশ্যে মই আইএম বিজয়নৰ দৰে এগৰাকী ব্যক্তিৰ সৈতে একেটা পেনেলত থকাৰ সৌভাগ্য লাভ কৰিছোঁ । তেওঁ মোৰ দীৰ্ঘদিনীয়া বন্ধু আৰু সহকৰ্মী আছিল ।" ভূটীয়াই এক বিশেষ বাৰ্তালাপত ফোনযোগে ইটিভি ভাৰতক কয় ।

ভূটীয়াই এই কথাও স্পষ্টভাৱে কয় যে তেওঁক প্ৰদান কৰা ভূমিকাৰ বিষয়ে তেওঁ অৱগত নাছিল । কিন্তু তেওঁ এই আশ্বাসো প্ৰদান কৰে যে তেওঁক যি ভূমিকা প্ৰদান কৰা হৈছে, তাৰ সৈতে ন্যায় কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব আৰু এই মুহূৰ্তত ভাৰতীয় ফুটবলৰ ৰোডমেপৰ বাবে কাম কৰি যাব ।

"অধ্যক্ষই মোৰ পৰা যেনেধৰণে বিচাৰে, মই তেনেধৰণে সহায় কৰিবলৈ ইয়াত আছোঁ । আইএম বিজয়নৰ ৰূপত আমাৰ এগৰাকী অতি ভাল অধ্যক্ষ আছে । যিহেতু সমিতিখনে কেনেদৰে কাম কৰে সেই বিষয়ত মোৰ কোনো ধাৰণা নাই, সেয়ে মই পেনেলৰ সদস্য হিচাপে মোৰ প্ৰকৃত ভূমিকাৰ ওপৰত আলোকপাত কৰিব নোৱাৰিম ।" ছিকিমৰ স্নাইপাৰগৰাকীয়ে কোনো লুকঢাক নকৰাকৈ কয় ।

উল্লেখ্য যে নিশ্চিতভাৱে ভাৰতীয় ফুটবলৰ অগ্ৰগতিৰ অংশ হোৱাৰ বাবে নিজৰ দলত ল'বৰ ভূটীয়াতকৈ আন ভাল বিকল্প হয়তো বিজয়নৰ নাই । আনহাতে, কেৰালাৰ গেমমেকাৰগৰাকীৰ প্ৰতি ভূটীয়াৰ সন্মানো অতি স্পষ্ট ।

"নতুন সংস্থাটো গঠন কৰা হয় আৰু বিজয়নক শীৰ্ষ পদত লৈ এখন নতুন সমিতি গঠন কৰা হৈছে । আমি একেলগে দীৰ্ঘদিন ধৰি দেশৰ হৈ খেলিছোঁ আৰু আমি পুনৰ একত্ৰিত হৈ ভাৰতীয় ফুটবলৰ বাবে এক ৰোডমেপ লাভ কৰিম । আমাৰ বাবে তেওঁৰ তুলনাত ভাল অধ্যক্ষ আন কোনো থাকিব নোৱাৰে ।" ভূটীয়াই বিজয়নৰ প্ৰশংসাৰ কোনো ত্ৰুটি নকৰাকৈ কয় ।

আনহাতে, বাইচুং ভূটীয়াই শেহতীয়া সময়ছোৱাত ভাৰতৰ হৈ বিজয়নে যি প্ৰদৰ্শন আগবঢ়াইছে তাৰো কৃতিত্ব প্ৰদান কৰে । "বিজয়নে এগৰাকী অধ্যক্ষ হিচাপে ভাল প্ৰদৰ্শন কৰিছে । কিয়নো প্ৰশিক্ষক হিচাপে ষ্টিমাকৰ চুক্তি সম্প্ৰসাৰিত কৰাৰ পিছত তেওঁ প্ৰদান কৰা ফলাফল আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ । আমি শেহতীয়াকৈ ষ্টিমাকৰ অধীনত ভাল প্ৰদৰ্শন কৰিছোঁ ।" তেওঁ লগতে কয় ।

ভাৰতীয় ফুটবলে কেনেদৰে আগবাঢ়িব পাৰে তাৰ ওপৰত প্ৰশ্ন কৰাত ভূটীয়াই কয় যে ছিনিয়ৰ পৰ্যায়ত উন্নত ফলাফল প্ৰদৰ্শনৰ বাবে তৃণমূল পৰ্যায়ৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব ।

"প্ৰগতিৰ বাবে আমি তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষক আৰু বিশেষজ্ঞ লগতে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰতি অৱশ্যেই লক্ষ্য ৰাখিব লাগিব । এই কাম ফেডাৰেচনে (এআইএফএফ) কৰি আহিছে । মূল সংস্থাটোৱে 2047 চনৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু যদি আমি সেইটো ভালদৰে ৰূপায়ণ কৰিব পাৰোঁ, তেন্তে আমি লক্ষ্যত উপনীত হ'ব পাৰোঁ ।" বাইচুং ভূটীয়াই সফলতাৰ মন্ত্ৰ এনেদৰে বৰ্ণনা কৰে ।

নতুন দায়িত্বৰ প্ৰস্তুতি হিচাপে তেওঁ মুখ্য প্ৰশিক্ষক ষ্টিমাকে দাখিল কৰা প্ৰতিবেদনখন পঢ়া বুলিও উল্লেখ কৰে বাইচুং ভূটীয়াই । "ষ্টিমাকৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতে এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰা আৰম্ভ কৰিব লাগে । তাৰ বাবে কাম আৰম্ভ কৰিবলৈ আমি অন্তত অনূৰ্ধ্ব-17, অনূৰ্ধ্ব-19 আৰু অনূৰ্ধ্ব-21ত যোগ্যতা অৰ্জন কৰিব লাগিব । এইটো হৈছে একেবাৰে সঁচা কথা । বিশ্বকাপৰ কথা পাহৰি যাওক, যদি আমি যোগ্যতা অৰ্জন কৰিব নোৱাৰো আৰু এছিয়ান কাপত ভাল ফলাফল লাভ কৰিব নোৱাৰো, তেন্তে দল হিচাপে ভাল প্ৰদৰ্শন কৰাটো আমাৰ বাবে কঠিন হ'ব । মই বিগত কাৰ্যকৰী সমিতিৰ বৈঠকত মোৰ কথাবোৰ আগবঢ়াইছোঁ, য'ত আমাৰ সভাপতি কল্যাণ চৌবেও উপস্থিত আছিল... তাৰ পৰা ইয়াক আগবঢ়াই নিব লাগিব ।" প্ৰাক্তন ফুটবলাৰগৰাকীয়ে এনেদৰে সমাপ্ত কৰে ।

লগতে পঢ়ক :আই চি চি পুৰুষৰ টেষ্ট বলিং ৰেংকিঙত প্ৰথম স্থানত যশপ্ৰীত বুমৰাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.