ETV Bharat / sports

আই চি চি পুৰুষৰ টেষ্ট বলিং ৰেংকিঙত প্ৰথম স্থানত যশপ্ৰীত বুমৰাহ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 11:00 PM IST

ICC Test Rankings
টেষ্ট বলিং ৰেংকিঙত প্ৰথম স্থানত বুমৰাহ

ICC Test Rankings : ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ চমক । টেষ্ট বলিং ৰেংকিঙত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বুমৰাহ । ৰবিচন্দ্ৰন অশ্বিনক প্ৰথম স্থানৰ পৰা আঁতৰাই এই স্থান দখল কৰে ভাৰতীয় বেগী বলাৰজনে ৷

স্পৰ্টছ ডেস্ক, 7 ফেব্ৰুৱাৰী : ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত শক্তিশালী প্ৰদৰ্শনৰ পিছত বুধবাৰে আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষস্থান দখল কৰা প্ৰথমজন ভাৰতীয় বেগী বলাৰ হিচাপে পৰিগণিত হয় যশপ্ৰীত বুমৰাহ ৷ বিশাখাপট্টনমত 30 বছৰীয়া বলাৰগৰাকীয়ে 9 টা উইকেট দখল কৰি পেট কামিন্স, কাগিছ’ ৰাবাডা আৰু ৰবিচন্দ্ৰন অশ্বিনক অতিক্ৰম কৰে ৷ তেওঁ দেশৰ টেষ্ট বলাৰৰ শীৰ্ষ ৰেংকিঙত প্ৰৱেশ কৰা চতুৰ্থজন খেলুৱৈ ৷

ইয়াৰ পূৰ্বে বিষেণ সিং বেদী, ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাই ৰেংকিঙৰ শীৰ্ষত স্থান লাভ কৰাত সফল হৈছে ৷ বিগত 11 মাহ ধৰি এই তালিকাৰ শীৰ্ষত থকা অশ্বিনৰ ঠাই এতিয়া বুমৰাহে দখল কৰে ৷ টেষ্ট মেচত 499 টা উইকেট দখল কৰা অশ্বিন তৃতীয় স্থানত অৱস্থান কৰিছে ৷ বুমৰাহৰ নামত আছে 881 ৰেটিং পইণ্ট ৷ সৰ্বাধিক ৰেটিং পইণ্ট লাভ কৰাৰ ক্ষেত্ৰত তেওঁ অশ্বিন (904) আৰু জাডেজা (899)ৰ পিছত চতুৰ্থ স্থানত আছে ৷ 2017 চনৰ মাৰ্চ মাহত অশ্বিন আৰু জাডেজা যৌথভাৱে শীৰ্ষত আছিল ৷

বেটছমেনৰ কথা ক’বলৈ গ’লে এই তালিকাত বিশাখাপট্টনমত দ্বি শতক অৰ্জন কৰা অ’পেনাৰ যশস্বী জয়ছৱালে 29 নম্বৰ স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছত শতক অৰ্জন কৰাৰ পিছত শুভমন গীলে 14 টা স্থান আগুৱাই কেৰিয়াৰৰ শ্ৰেষ্ঠতম 38 নং স্থান দখল কৰিছে ৷ ইংলেণ্ডৰ অ’পেনিং বেটছমেন জেক ক্ৰ’লিয়ে বিশাখাপট্টনম টেষ্টৰ অন্তত 8 স্থান আগুৱাই 22 নম্বৰ স্থানত উপনীত হৈছে ৷ ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত তেওঁ 76 আৰু 73 ৰানৰ ইনিংছ খেলিছিল ৷

ইংলেণ্ডৰ যুৱ লেগ স্পীনাৰ ৰেহান আহমেদে 14 স্থান আগুৱাই 70 নম্বৰ স্থান দখল কৰাৰ বিপৰীতে ইংলেণ্ডৰ টম হাৰ্টলীয়ে প্ৰথমখন টেষ্ট মেচতে 50 ৰান সংগ্ৰহ আৰু 5 উইকেট দখল কৰা দ্বিতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু দুয়োখন তালিকাতে তেওঁৰ স্থান উন্নত কৰিবলৈ সক্ষম হৈছে ৷ বেটিং ৰেংকিঙত 103 নম্বৰৰ পৰা 95 নম্বৰলৈ আৰু বলিংত 63 নম্বৰৰ পৰা 53 নম্বৰলৈ গতি কৰিছে তেওঁ ৷

শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত খেলা খেলখনকো এই ৰেংকিঙত অন্তৰ্ভুক্ত কৰা হৈছে ৷ খেলখনত 8 টা উইকেট দখল কৰা শ্ৰীলংকাৰ প্ৰভাত জয়সূৰ্যই তিনিটা স্থান উন্নত কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : জুলাই মাহত টি-20 শৃংখলাৰ বাবে জিম্বাব’ৱে ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.