ETV Bharat / sports

জুলাই মাহত টি-20 শৃংখলাৰ বাবে জিম্বাব’ৱে ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলে

IND vs ZIM: ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু জিম্বাব’ৱে ক্ৰিকেটে মঙলবাৰে ঘোষণা কৰে যে ভাৰতীয় দলটোৱে জুলাই মাহত পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে জিম্বাব’ৱে ভ্ৰমণ কৰিব ।

Cricket Updates
IND vs ZIM
author img

By ETV Bharat Assamese Team

Published : February 6, 2024 at 10:43 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী: টি-২০ বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতে জুলাইত পাঁচখনীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতে জিম্বাব’ৱে ভ্ৰমণ কৰিব । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই) আৰু জিম্বাব’ৱে ক্ৰিকেট (জেডচি) ব'ৰ্ডৰ মাজত সফল আলোচনাৰ পিছত শৃংখলাটোৰ ঘোষণা কৰিছে । শৃংখলাটো ৬ ৰ পৰা ১৪ জুলাইলৈ হাৰাৰেত অনুষ্ঠিত হ'ব । ১ ৰ পৰা ২৯ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে আয়োজন কৰিব লগা টি-২০ বিশ্বকাপ ২০২৪ ৰ ঠিক পিছতে এই শৃংখলাটো অনুষ্ঠিত হ'ব ।

ভাৰতীয় দলটোৱে যোৱা বছৰ নৱেম্বৰ-ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টি-২০ খেলিছিল । তাৰ পিছত তেওঁলোকে যোৱা মাহত তিনিখন টি-২০ খেল খেলিছিল আফগানিস্তানৰ বিৰুদ্ধে । অৱশ্যে, মেন ইন ব্লুৱে ১ জুনৰ পৰা টি-২০ বিশ্বকাপ ২০২৪ আৰম্ভ হোৱালৈকে কোনো দ্বিপাক্ষিক টি-২০ খেলিব নোৱাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিচিচিআইৰ সম্পাদক জয় শ্বাহে কয় যে ব’ৰ্ডৰ লক্ষ্য হৈছে জিম্বাব’ৱে ক্ৰিকেটক সহায় আগবঢ়োৱা । বিচিচিআইৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিবৃতিত তেওঁ কয় যে বিচিচিআইয়ে বিশ্ব ক্ৰিকেট সম্প্ৰদায়লৈ অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে । ‘‘আমি বুজি পাওঁ যে জিম্বাব’ৱেৰ বাবে এয়া পুনৰ নিৰ্মাণৰ সময়, আৰু এই সন্ধিক্ষণত জিম্বাব’ৱে ক্ৰিকেটক আমাৰ সমৰ্থনৰ প্ৰয়োজন।’’ পোষ্টটোত কোৱা হৈছে ৷

জয় শ্বাহে লগতে কয়, "সতীৰ্থ সদস্য ব'ৰ্ডসমূহ ভ্ৰমণ আৰু সমৰ্থন কৰাৰ আমাৰ অটল প্ৰতিশ্ৰুতিৰ ক্ৰিকেটৰ পৰিৱেশৰ ভিতৰত ইতিবাচক পৰিৱৰ্তন অনাৰ আমাৰ নীতিৰ সৈতে মিল আছে । বিচিচিআইয়ে দ্বিপাক্ষিক ক্ৰিকেটক অধিক শক্তিশালী আৰু বাণিজ্যিকভাৱে অধিক কাৰ্যক্ষম কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব ।"

জিম্বাব’ৱেৰ ক্ৰিকেটৰ অধ্যক্ষ টাভেংগৱা মুকুহলানীয়ে ভাৰতক আতিথ্য প্ৰদানৰ বাবে উৎসাহ প্ৰকাশ কৰে । তেওঁ মন্তব্য কৰে যে এই বছৰ ঘৰুৱা ক্ষেত্ৰত আমাৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় আকৰ্ষণ হ’ব পৰা জুলাই মাহত ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে আয়োজন কৰিবলৈ পাই আমি একেবাৰেই ৰোমাঞ্চিত হৈছো ।’’

টাভেংগৱা মুকুহলানীয়ে লগতে কয়, ‘‘ভাৰতৰ প্ৰভাৱ আৰু ক্ৰীড়াৰ প্ৰতি নিষ্ঠাৰ পৰা ক্ৰিকেট খেলখন সদায় অসীম লাভৱান হৈছে আৰু পুনৰবাৰ জিম্বাব’ৱে ভ্ৰমণৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে বিচিচিআইক মই বিপুল ধন্যবাদ জনাইছোঁ ।’’ বৰ্তমান ভাৰত ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলা চলি আছে আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত তৃতীয়খন টেষ্ট আৰম্ভ হ’ব ।

লগতে পঢ়ক: দ্বিতীয় টেষ্টত জয়লাভেৰে শৃংখলাত সমতা স্থাপন ভাৰতৰ