ETV Bharat / sports

দ্বিতীয় টেষ্টত জয়লাভেৰে শৃংখলাত সমতা স্থাপন ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 6:21 PM IST

IND Vs ENG 2nd Test : সোমবাৰে বিশাখাপট্টনমত তিনিগৰাকী বলাৰৰ গুৰুত্বপূৰ্ণ প্ৰদৰ্শন আৰু দলৰ আন সদস্যসকলৰ সুন্দৰ অৱদানেৰে ভাৰতে দ্বিতীয় টেষ্টত ইংলেণ্ডক ১০৬ ৰাণত পৰাস্ত কৰে । এই জয়েৰে ভাৰতে পাঁচখন মেচৰ টেষ্ট শৃংখলাটোত ১-১ ব্যৱধানত সমতা স্থাপন কৰে। ৩৯৯ ৰাণৰ বিজয় লক্ষ্য লৈ ইংলেণ্ডে চতুৰ্থ দিনটো এক উইকেটত ৬৭ ৰাণত আৰম্ভ কৰে আৰু ২৯২ ৰাণত বাকী নটা উইকেট হেৰুৱায় ।

দ্বিতীয় টেষ্টত জয়লাভেৰে শৃংখলাত সমতা স্থাপন ভাৰতৰ
দ্বিতীয় টেষ্টত জয়লাভেৰে শৃংখলাত সমতা স্থাপন ভাৰতৰ

স্পৰ্টছ ডেস্ক, ৫ ফেব্ৰুৱাৰী : বিশাখাপট্টনমত চলি থকা ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত ভাৰতে জয়লাভ কৰে । এই জয়েৰে ভাৰতে চলিত টেষ্ট শৃংখলাটোত ১-১ ব্যৱধানত সমতা স্থাপন কৰে । মেচৰ চতুৰ্থদিনা দ্বিতীয় ইনিংছত ইংলেণ্ড দলটো ২৯২ ৰাণত অল আউট হয় । লগে লগে ৩৯৯ ৰাণৰ বিজয় লক্ষ্যৰে খেলপথাৰত নমা ইংলেণ্ড ১০৬ ৰাণত পৰাস্ত হয় । ইংলেণ্ডে দুটা ছেছনৰ ভিতৰতে বাকী নটা উইকেট হেৰুৱায় আৰু ৬৯.২ অভাৰত তেওঁলোকৰ ইনিংছ যৱনিকা পৰে ।

ইংলেণ্ডে চতুৰ্থ দিনৰ খেল এক উইকেটত ৬৭ ৰাণত আৰম্ভ কৰে আৰু ৩৯৯ ৰাণৰ জয়ৰ লক্ষ্য অনুসৰণ কৰে । আবেলিৰ বৰ্ধিত ছেছনত ইংলেণ্ড দলটোৱে ২৯২ ৰাণত আটাইকেইটা উইকেট হেৰুৱায় । প্ৰথম ছেছনত দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰাৰ পিছত ৫০০ উইকেটৰ মাইলৰ খুঁটিৰ পৰা মাত্ৰ এটা উইকেট দূৰৈত স্তব্ধ হয় ৰবিচন্দ্ৰন অশ্বিন । আনহাতে, যশপ্ৰীত বুমৰাহে তেওঁৰ দূৰন্ত গতিৰে ইংলিছ বেটছমেনক ধৰাশায়ী কৰে । অক্ষৰ পেটেল আৰু কুলদীপ যাদৱেও উচিত সমৰ্থন আগবঢ়াই তিনিটা উইকেট দখল কৰি ইংলেণ্ডক ২৯২ ৰাণত সীমাবদ্ধ ৰাখে । আৰ অশ্বিনে তিনিটা উইকেট দখল কৰাৰ পিছত এতিয়া তেওঁ 500 টেষ্ট উইকেট সম্পূৰ্ণ কৰাৰ বাবে আৰু মাত্ৰ এটা উইকেটৰ প্ৰয়োজন ।

আনহাতে, জাক ক্ৰাউলি হৈছে ইংলেণ্ড দলৰ আটাইতকৈ সফল বেটাৰ । তেওঁৰ বেটৰ পৰা 132 বলত 73 ৰাণ যোগ হয় ইংলেণ্ডৰ স্ক'ৰ বোৰ্ডত । যশপ্ৰীত বুমৰাহক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচন কৰা হয় ।

উল্লেখ্য যে ভাৰতে প্ৰথম ইনিংছত 396 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত 255 ৰাণ সংগ্ৰহ কৰে । প্ৰথম ইনিংছত যুৱ বেটাৰ যশস্বী জয়ছোৱালে দ্বিশতক অৰ্জন কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত শুভমন গিলৰ বেটৰ পৰা আহে শতকীয় ইনিংছ । আনহাতে, ইংলেণ্ডৰ প্ৰথম ইনিংছ 253 ৰাণতে থমকি ৰয় । ভাৰতে হায়দৰাবাদত অনুষ্ঠিত প্ৰথম টেষ্টখনত ২৮ ৰাণত পৰাস্ত হৈছিল । এতিয়া তৃতীয়খন টেষ্ট অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :অসম বনাম উত্তৰ প্ৰদেশ, অসমৰ শক্তিশালী প্ৰত্যুত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.