ETV Bharat / sports

অসম বনাম উত্তৰ প্ৰদেশ, অসমৰ শক্তিশালী প্ৰত্যুত্তৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 1:30 PM IST

Assam Vs UP Ranji Trophy: উত্তৰ প্ৰদেশৰ বৃহৎ স্ক'ৰৰ বিপৰীতে অসমৰ বেটছমেনেও সঠিক প্ৰত্যুত্তৰ দিছে । বৰষুণে কিছু বিধি-পথালি দিলেও অসমে দুটা উইকেট হেৰুৱাই ৩১৬ ৰাণ সংগ্ৰহ কৰিছে । খেলখন ড্ৰ' হোৱাৰ সম্ভাৱনা ।

Assam Vs UP Ranji Trophy
অসম বনাম উত্তৰ প্ৰদেশ অসমৰ শক্তিশালী প্ৰত্যুত্তৰ

স্পৰ্টছ ডেস্ক, ৫ ফেব্ৰুৱাৰী : কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অসম আৰু উত্তৰ প্ৰদেশৰ মাজত চলি আছে ৰঞ্জী ট্ৰফীৰ গুৰুত্বপূৰ্ণ খেল । কিন্তু প্ৰতিকূল বতৰ আৰু অসমৰ সঠিক প্ৰত্যুত্তৰৰ বাবে খেলখন ড্ৰ' হোৱাৰ দিশে আগবাঢ়িছে । উত্তৰ প্ৰদেশৰ পৰ্বতসম স্ক'ৰৰ পিচত দৌৰি অসমৰ বেটছমেনসকলেও উপযুক্ত প্ৰত্যুত্তৰ দিছিল । যাৰ বাবে অসমৰ স্ক'ৰ ৩১৬ত উপনীত হৈছে । একে সময়তে, দলটোৰ মাত্ৰ দুটা উইকেটৰহে পতন হৈছে । এই মুহূৰ্তত অসমৰ দলটো শক্তিশালী স্থিতিত আছে ।

অসমৰ হৈ অপেনিং কৰিবলৈ অহা পাৰভেজ আৰু ৰাহুলে দুয়ো শতক অৰ্জন কৰি অসম দলটোক শক্তিশালীস্থিতিলৈ লৈ গৈছে । পাৰভেজে ২৯৫ টা বলত ১২৯ ৰাণ সংগ্ৰহ কৰে আৰু তাৰ পিচত তেওঁ উইকেট হেৰুৱায় । ইয়াৰ পিচত, ৰাহুলেও ২৬৫ টা বলত ১২৮ ৰাণ সংগ্ৰহ কৰে আৰু পিচত পেভিলিয়নলৈ উভতি যায় । দুয়োজন বেটছমেনক শিৱম শৰ্মাই আউট কৰে ।

একে সময়তে অভিষেক আৰু ঋষভ খেলপথাৰত আছিল । তৃতীয় দিনৰ শেষলৈকে, অসম দলে ১১৩ অভাৰত ৩১৬ ৰাণ সংগ্ৰহ কৰিছে । উত্তৰ প্ৰদেশ আৰু অসমৰ মাজত চলি থকা খেলখন সম্পূৰ্ণৰূপে বেটছমেনসকলে নেতৃত্ব দিয়া দেখা গৈছে । প্ৰথম ইনিংছত উত্তৰ প্ৰদেশ দলে ৫৪৮ ৰাণৰ লক্ষ্য ৰাখিছিল । য'ত আৰিয়ান আৰু কৰণে দ্বিশতক অৰ্জন কৰিছিল ।

অসমেও শক্তিশালী আৰম্ভণিৰে ৩১৬ ৰাণৰ লক্ষ্য অৰ্জন কৰিছিল । অসম দলে মাত্ৰ দুটা উইকেট হেৰুৱাইছে । যাৰ বাবে দলটো শক্তিশালী স্থিতিত আছে । ইউপিচিএ. মিডিয়াৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ ফাহিমে কয় যে খেলখনৰ পৰিসংখ্যাই দেখুৱাইছে যে খেলখন ড্ৰ' হ'ব পাৰে । অৱশ্যে ক্ৰিকেটক অনিশ্চয়তাৰ খেল বুলি কোৱা হয় । সেয়ে শেষ মুহূৰ্তলৈকে নিশ্চিতভাৱে একো কথা অনুমান কৰিব নোৱাৰি ।

লগতে পঢ়ক :কেন উইলিয়ামছনৰ ৩০ সংখ্যক টেষ্ট শতক; এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থগৰাকী বেটছমেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.