ETV Bharat / sports

কেন উইলিয়ামছনৰ ৩০ সংখ্যক টেষ্ট শতক; এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থগৰাকী বেটছমেন

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 7:57 PM IST

Updated : Feb 4, 2024, 9:40 PM IST

Kane Williamson: দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত অপৰাজিত ১১২ ৰান সংগ্ৰহ কৰি কেন উইলিয়ামছনে ইতিহাসৰ নিজৰ নাম লিপিবদ্ধ কৰে । ৩০ সংখ্যক টেষ্ট শতক অৰ্জন কৰাৰ লগতে বেটছমেনগৰাকীয়ে কেইটামান অভিলেখ ভংগ কৰি ইয়াক স্মৰণীয় কৰি তোলে ৷

Kane Williamson
কেন উইলিয়ামছনৰ ৩০ সংখ্যক টেষ্ট শতক

স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰী : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত নিউজীলেণ্ডৰ হৈ ষ্টাৰ বেটছমেন কেন উইলিয়ামছনে প্ৰথম দিনাই 2 উইকেটত মুঠ 258 ৰান সংগ্ৰহ কৰাত সহায় কৰে ৷ লগতে তেওঁৰ প্ৰদৰ্শনে তেওঁক 30 টা টেষ্ট শতক অৰ্জন কৰা চতুৰ্থ দ্ৰুততম বেটছমেন হোৱাত সহায় কৰে ৷

ব্লেককেপছৰ হৈ উইলিয়ামছনে অপৰাজিত 112 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে যুৱ বেটছমেন ৰাচিন ৰবীন্দ্ৰই অপৰাজিত 118 ৰান সংগ্ৰহ কৰে ৷ তৃতীয় উইকেটত 219 ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলা এই যুটিয়ে আয়োজক দলটোক এক সুদৃঢ় স্ক’ৰলৈ লৈ যায় ৷ তেওঁ ক্ৰীজত থকাৰ সময়ত নিউজীলেণ্ডৰ প্ৰাক্তন অধিনায়ক উইলিয়ামছনে কেইটামান অভিলেখ ভংগ কৰিছিল ৷ তেওঁ 30 টা টেষ্ট শতক অৰ্জন কৰা চতুৰ্থ দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয় ৷

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং আৰু কিংবদন্তি সুনীল গাভাস্কাৰক অতিক্ৰম কৰি 169 টা ইনিংছ খেলি তেওঁ এই কৃতিত্ব অৰ্জন কৰে ৷ এই তালিকাৰ শীৰ্ষত আছে 159 টা ইনিংছ খেলি এই কৃতিত্ব অৰ্জন কৰা ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰ ৷ দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ ৷ তেওঁ 162 টা ইনিংছত এই অভিলেখ গঢ়িছিল ৷

তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অ’পেনাৰ মেথিউ হেইডেন ৷ হেইডেনে 167 টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে ৷ উইলিয়ামছনে ঘৰুৱা খেলপথাৰত 17 সংখ্যক টেষ্ট শতক পঞ্জীয়ন কৰে যিটো ৰেড বল ক্ৰিকেটত নিউজীলেণ্ডৰ যিকোনো বেটছমেনৰ সৰ্বাধিক ৷ লগতে টেষ্টত নিউজীলেণ্ডৰ যিকোনো বেটছমেনৰ দ্বাৰা সৰ্বাধিক শতক ৷

বৰ্তমান 33 বছৰীয়া খেলুৱৈগৰাকীয়ে সক্ৰিয় ক্ৰিকেটাৰসকলৰ মাজত ইংলেণ্ডৰ জ’ ৰুটৰ সৈতে যুটীয়াভাৱে দ্বিতীয় সৰ্বাধিক শতক অৰ্জন কৰিছে ৷ অষ্ট্ৰেলিয়ান বেটাৰ ষ্টিভ স্মিথৰ নামত সৰ্বাধিক 32 টা শতক আছে ৷ আনহাতে তাৰকা ইণ্ডিয়াৰ বেটাৰ আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলী 29 টা শতকৰ সৈতে তৃতীয় স্থানত আছে ৷

লগতে পঢ়ক : সমালোচকক প্ৰত্যুত্তৰ: ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন শুভমন গীলৰ

Last Updated : Feb 4, 2024, 9:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.