ETV Bharat / sports

সমালোচকক প্ৰত্যুত্তৰ: ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন শুভমন গিলৰ

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 4:40 PM IST

Updated : Feb 4, 2024, 8:27 PM IST

Shubman Gill : ভাৰতীয় ক্ৰিকেট দলৰ সোঁহতীয়া বেটছমেন শুভমন গিলে দীৰ্ঘদিন ধৰি টেষ্ট ক্ৰিকেটত দুৰ্বল প্ৰদৰ্শনৰ বাবে অনুৰাগীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল । এতিয়া তেওঁ শতক অৰ্জন কৰি সমালোচকক উপযুক্ত উত্তৰ দিছে ।

Shubman Gill
শুভমন গীলৰ তৃতীয় টেষ্ট শতক

স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰী: বিশাখাপট্টনমত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা দ্বিতীয়খন টেষ্টত শতক অৰ্জন টিম ইণ্ডিয়াৰ বেটছমেন শুভমন গিলৰ ৷ এই মেচৰ পূৰ্বে টেষ্ট ক্ৰিকেটত বহু সময় স্তব্ধ হৈ আছিল গিলৰ বেট ৷ ফলত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল যুৱ বেটছমেনজন ৷ কিন্তু দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰি সমালোচকসকলক প্ৰত্যুত্তৰ দলে গিলে ৷ এই মেচত গিল বেটিং কৰিবলৈ আহিছিল যেতিয়া অধিনায়ক ৰোহিত শৰ্মাই ব্যক্তিগতভাৱে 13 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিছিল ৷

গিলৰ সন্মুখতেই প্ৰথমে যশস্বী জয়ছোৱাল আৰু তাৰ পিছত শ্ৰেয়াছ আয়াৰ আৰু ৰজত পাটিদাৰো পেভিলিয়নলৈ উভতি আহিছিল ৷ কিন্তু তেওঁ নিজৰ খেল অব্যাহত ৰাখি টেষ্ট কেৰিয়াৰৰ তৃতীয় শতক সম্পূৰ্ণ কৰে ৷ এই ইনিংছত গিলে বহুবাৰ জীৱন লাভ কৰে যদিও তেওঁ পিছলৈ ঘূৰি চোৱা নাছিল আৰু আক্ৰমণাত্মকভাৱে বেটিং কৰি খেলপথাৰত চাৰি আৰু ছয় কোবাই বিপক্ষৰ বলাৰক ব্যতিব্যস্ত কৰি তোলে ৷

প্ৰথমে শুভমন গিলে 60 টা বলত 8 টা চাৰি আৰু 1 টা ছয়ৰে 50 ৰাণ সম্পূৰ্ণ কৰাৰ পিছত মুঠ 132 টা বলত 11 টা চাৰি আৰু 2 টা ছয়ৰ সহায়ত 100 টা ৰাণ সম্পূৰ্ণ কৰে ৷ এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল 70.75 ৷ অৱশ্যে 104 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় বেটছমেনজন ৷

উল্লেখ্য যে, শুভমন গিলৰ শতকীয় ইনিংছৰ সহায়ত টিম ইণ্ডিয়াই দ্বিতীয় ইনিংছত 8 টা উইকেট হেৰুৱাই বৰ্তমানলৈকে সংগ্ৰহ কৰিছে 233 ৰাণ ৷ ইয়াৰ লগে লগে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে 376 ৰাণৰ অগ্ৰগতি লাভ কৰিছে ৷ এই খেলখনত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত 396 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ইংলেণ্ড দলটোৱে প্ৰথম ইনিংছত 253 ৰান সংগ্ৰহ কৰে ৷

লগতে পঢ়ক : ভাৰত বনাম ইংলেণ্ড, তৃতীয় দিনা আৰম্ভণিতে ৰোহিত আৰু জয়ছোৱালৰ উইকেট পতন

Last Updated : Feb 4, 2024, 8:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.