ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড, তৃতীয় দিনা আৰম্ভণিতে ৰোহিত আৰু জয়ছোৱালৰ উইকেট পতন

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:28 AM IST

IND vs ENG 2nd Test
তৃতীয় দিনা আৰম্ভণিতে ৰোহিত আৰু জয়ছোৱালৰ উইকেট পতন

IND vs ENG 2nd Test: ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা দ্বিতীয় টেষ্টৰ তৃতীয় দিনা ভাৰতে ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালৰ উইকেট হেৰুৱায় । ভাৰতে ১৮০ৰো অধিক ৰাণৰ অগ্ৰগতি লাভ কৰিছে । ভাৰতীয় বেটছমেনৰ ওপৰত ইংলেণ্ডৰ বলাৰৰ চাপ ।

স্পৰ্টছ ডেস্ক, ৪ ফেব্ৰুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত বিশাখাপট্টনমৰ ড৹ ৱাই এছ ৰাজশেখৰ ক্ৰিকেট ষ্টেডিয়ামত দ্বিতীয় টেষ্ট চলি আছে । দ্বিতীয়খন টেষ্টৰ আজি তৃতীয় দিন । এই খেলখনত ভাৰতে প্ৰথম ইনিংছত ৩৯৬ ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ পিচত, ইংলেণ্ডে প্ৰথম ইনিংছত মাত্ৰ ২৫৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । দ্বিতীয় ইনিংছত দ্বিতীয় দিনৰ শেষলৈ ভাৰতে এটাও উইকেট হেৰুওৱা নাছিল আৰু ২৮ ৰাণ সংগ্ৰহ কৰিছিল ।

কিন্তু তৃতীয় দিনা খেলৰ আৰম্ভণিতে ভাৰতৰ বাবে উদ্বেগজনক খবৰ । খেল আৰম্ভ হোৱাৰ কিছু সময়ৰ ভিতৰতে দুয়োগৰাকী অপেনাৰ বেটছমেন ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে নিজৰ উইকেট হেৰুৱায় । এতিয়া ক্ৰীজত ভাৰতৰ স্ক'ৰ আগুৱাই লৈ গৈছে শুভমন গিল আৰু শ্ৰেয়স আয়াৰে । প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈ ভাৰতে ১৮০ ৰাণৰ অগ্ৰগতি লাভ কৰিছে ।

এই খেলখনৰ প্ৰথম ইনিংছত যশস্ৱী জয়ছোৱালে ভাৰতৰ হৈ দ্বিশতক অৰ্জন কৰিছে । তেওঁ ১৯ টা চাৰি আৰু ৭ টা ছিক্সাৰৰ সহায়ত ২৯০ টা বলত ২০৯ ৰাণৰ বিস্ফোৰক ইনিংছ খেলিছিল । জয়ছোৱালৰ উপৰিও যশপ্ৰীত বুমৰাহে ভাৰতৰ হৈ ইংলেণ্ডৰ বিৰুদ্ধে আশ্চৰ্যজনক বলিং কৰে আৰু তেওঁ ৬ টা উইকেট লাভ কৰে । তেওঁ ২.২৮ ৰ ইক'নোমিৰ সৈতে ১৫.৫ অভাৰত ৪৫ ৰাণত ৬ টা উইকেট দখল কৰে ।

ইংলেণ্ডৰ প্লেয়িং ১১: বেন ডাকেট, জাক ক্ৰাউলি, অলি পোপ, জ' ৰুট, জনি বেয়াৰস্টো, বেন ষ্টকছ (অধিনায়ক), বেন ফ'কছ, ৰেহান আহমেদ, টম হাৰ্টলি, ছোৱেব বছিৰ, জেমছ এণ্ডাৰছন ।

ভাৰতৰ প্লেয়িং ১১: ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, শুভমন গিল, ৰজত পাতিদাৰ, শ্ৰেয়স আয়াৰ, কে এছ ভাৰত, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, অক্সৰ পেটেল, যশপ্ৰীত বুমৰাহ, মুকেশ কুমাৰ ।

লগতে পঢ়ক :তৃতীয় কনিষ্ঠ ভাৰতীয় দ্বিশতক অৰ্জনকাৰীৰ ৰেকৰ্ড যশস্ৱী জয়ছোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.