ETV Bharat / sports

তৃতীয় কনিষ্ঠ ভাৰতীয় দ্বিশতক অৰ্জনকাৰীৰ ৰেকৰ্ড যশস্ৱী জয়ছোৱালৰ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 2:15 PM IST

Yashasvi Jaiswal Set Record
তৃতীয় কনিষ্ঠ ভাৰতীয় দ্বিশতক অৰ্জনকাৰীৰ ৰেকৰ্ড যশস্ৱী জয়ছোৱালৰ

Yashasvi Jaiswal Set Record : যশস্ৱী জয়ছোৱালে বিনোদ কাম্বলী আৰু সুনীল গাভাস্কাৰৰ দৰে কিংবদন্তিৰ তালিকাত নিজৰ নাম খোদিত কৰাইছে । তেওঁ বিশাখাপট্টনমত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিশতক অৰ্জন কৰি এক ডাঙৰ অভিলেখ গঢ়ে ।

স্পৰ্টছ ডেস্ক, ৩ ফেব্ৰুৱাৰী : যুৱ বাঁওহতীয়া অপেনাৰ যশস্বী জয়ছোৱালে বিশাখাপট্টনমত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত দ্বিশতক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰে । উল্লেখ্য যে ভাৰতৰ কোনো এজনে বেটছমেনে ৩৫-তকৈ অধিক ৰাণ কৰিব নোৱাৰা পৰিৱেশত যশস্বীয়ে অকলে ২০৯ ৰাণ সংগ্ৰহ কৰে ।

আনহাতে, অতিম কম বয়সত দ্বিশতক অৰ্জন কৰা তৃতীয় ভাৰতীয় হিচাপে পৰিগণিত হয় যশস্বী । যশস্বী জয়ছোৱালে ১৮ টা চাৰি আৰু ৭টা ছয়েৰে তেওঁৰ ইনিংছটো সজায় আৰু ২৭৭ টা বলত ২০০ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিশতক সম্পূৰ্ণ কৰে । তেওঁ ২২ বছৰ বয়সত দ্বিশতক অৰ্জন কৰা তৃতীয়গৰাকী সৰ্বকনিষ্ঠ ভাৰতীয় হিচাপে ৰেকৰ্ড বুকত নাম সন্নিৱিষ্ট কৰে । তেওঁ ২২ বছৰ আৰু ৩৬ দিন বয়সত ভাৰতৰ হৈ দ্বিশতক অৰ্জন কৰে ।

উল্লেখ্য যে ভাৰতৰ হৈ আটাইতকৈ কম বয়সত টেষ্টত দ্বিশতক অৰ্জন কৰা ৰেকৰ্ড বিনোদ কাম্বলীৰ নামত আছে । তেৱোঁ ইংলেণ্ডৰ বিৰুদ্ধে ২২৪ ৰাণ সংগ্ৰহ কৰি দ্বিশতক অৰ্জন কৰিছিল । সেই সময়ত তেওঁৰ বয়স আছিল ২১ বছৰ আৰু ৩২ দিন । আনহাতে, তেওঁ ভাৰতৰ হৈ দুবাৰকৈ এই কৃতিত্ব অৰ্জন কৰিছে । ২১ বছৰ আৰু ৫৫ দিন বয়সত তেওঁ দ্বিতীয়টো দ্বিশতক অৰ্জন কৰিছিল ।

ইয়াৰ উপৰি এই তালিকাত সুনীল গাভাস্কাৰৰো নাম আছে । গাভাস্কাৰে ২১ বছৰ ২৮৩ দিনত দ্বিশতক অৰ্জন কৰি এই তালিকাত দ্বিতীয় সৰ্বকনিষ্ঠ হিচাপে নাম খোদিত কৰিছে । তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২২০ ৰাণ সংগ্ৰহ কৰি নিজৰ দ্বিশতক সম্পূৰ্ণ কৰিছিল । জয়ছোৱাল বৰ্তমান ভাৰতৰ হৈ তৃতীয় সৰ্বকনিষ্ঠ দ্বিশতক অৰ্জনকাৰী হিচাপে এই তালিকাত অন্তৰ্ভুক্ত হৈছে ।

উল্লেখ্য যে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে চলিত পাঁচখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত প্ৰথম ইনিংছত ৩৯৬ ৰাণ সংগ্ৰহ কৰে । হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্টত পৰাজয়ৰ পিছত ভাৰতে এইখন টেষ্টত জয়লাভেৰে শৃংখলাত সমতা স্থাপনৰ লক্ষ্য ৰাখিব ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড দ্বিতীয় টেষ্ট : যশস্বীৰ দ্বিশতক, ভাৰতৰ প্ৰথম ইনিংছত ৩৯৬ ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.