ইউক্ৰেইনৰ জাপোৰিঝিয়া পাৰমাণৱিক কেন্দ্ৰৰ পৰা সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিবলৈ মস্কোক আমেৰিকাৰ আহ্বান - Zaporizhzhia nuclear power plant
Zaporizhzhia nuclear power plant : ইউক্ৰেইনৰ জাপোৰিঝিয়া পাৰমাণৱিক কেন্দ্ৰৰ পৰা সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিবলৈ মস্কোক আমেৰিকাৰ আহ্বান ৷ আমেৰিকাই পাৰমাণৱিক শক্তি কেন্দ্ৰটোত ‘‘ড্ৰ'ন আক্ৰমণ’’ৰ বিষয়ে অৱগত বুলি উল্লেখ কৰি ইয়াৰ সাম্প্ৰতিক অৱস্থা নিৰীক্ষণ কৰি থকাৰ কথা জানিবলৈ দিয়ে ।

By ANI
Published : April 9, 2024 at 12:02 PM IST
ইন্টাৰনেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: আমেৰিকাই ৰাছিয়াক জাপোৰিঝিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰৰ পৰা নিজৰ সামৰিক বাহিনী আৰু অসামৰিক কৰ্মীসকলক প্ৰত্যাহাৰ কৰি ইউক্ৰেইনলৈ নিজৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘূৰাই দিবলৈ আহ্বান জনাইছে । সোমবাৰে (স্থানীয় সময়) আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ নিয়মীয়া ব্রিফিঙত মুখপাত্ৰ মেথিউ মিলাৰে কয় যে আমেৰিকাই পাৰমাণৱিক শক্তি কেন্দ্ৰটোত ‘‘ড্ৰ'ন আক্ৰমণ’’ৰ বিষয়ে অৱগত আৰু তাৰ সাম্প্ৰতিক অৱস্থা নিৰীক্ষণ কৰি আছে ।
ইয়াত আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থা চমুকৈ আইএইএৰ আনুষ্ঠানিক প্ৰতিবেদনো সংলগ্ন হৈ আছে, যিয়ে ড্ৰ'ন আক্ৰমণৰ ফলত পাৰমাণৱিক কেন্দ্ৰৰ সুৰক্ষাৰ লগত কোনো আপোচ হৈছে নে নাই সেই সম্পৰ্কে অৱগত ৷ ইউৰোপৰ ভিতৰতে সৰ্ববৃহৎ ইউক্ৰেইনৰ পাৰমাণৱিক শক্তি কেন্দ্ৰটো সামৰিকভাৱে দখল কৰি ৰাছিয়াই অতি বিপজ্জনক খেল খেলিছে বুলি বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰজনে লগতে কয় ।
তেওঁ লগতে কয় যে আমি ৰাছিয়াক প্লান্টটোৰ পৰা সামৰিক বাহিনী আৰু অসামৰিক কৰ্মীসকলক প্ৰত্যাহাৰ কৰিবলৈ, প্লান্টটোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ইউক্ৰেইনৰ যোগ্য কৰ্তৃপক্ষক ঘূৰাই দিবলৈ আৰু উদ্যোগটোত পাৰমাণৱিক কাণ্ড সংঘটিত হ’ব পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই আহিছো ।
আল জাজিৰাৰ মতে, ৰাছিয়াৰ নিয়ন্ত্ৰিত জাপোৰিঝিয়া পাৰমাণৱিক কেন্দ্ৰৰ এটা বন্ধ ৰিয়েক্টৰৰ ওপৰৰ গম্বুজটো দেওবাৰে ইউক্ৰেইনে আঘাত কৰে । তেতিয়া এই আক্ৰমণত কি অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল সেয়া তৎক্ষণাত স্পষ্ট হোৱা নাছিল । আনহাতে ৰাছিয়াৰ চৰকাৰী পাৰমাণৱিক সংস্থা ৰোষ্টমে কয় যে ২০২২ চনত ইউক্ৰেইনত আক্ৰমণৰ কিছু সময়ৰ পিচতে ৰাছিয়াৰ বাহিনীয়ে দখল কৰা পাৰমাণৱিক কেন্দ্ৰটোত ড্ৰ’ন আক্ৰমণ কৰা হৈছিল । কিন্তু পিছত ৰোষ্টমে জনোৱা মতে, বিশেষকৈ সেই স্থানৰ কেণ্টিনৰ ওচৰত ড্ৰ’নে খুন্দা মৰাৰ ফলত তিনিজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে ।
উদ্যোগটোৰ বিষয়াসকলৰ মতে, বিকিৰণৰ মাত্ৰা স্বাভাৱিক আছিল আৰু আক্ৰমণৰ পিচত কোনো বিশেষ ক্ষতি হোৱা নাই । ইউৰোপৰ আটাইতকৈ ডাঙৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ জাপোৰিঝিয়া পাৰমাণৱিক কেন্দ্ৰত ছোভিয়েট ইউনিয়নে ডিজাইন কৰা ছটা ইউৰেনিয়াম-২৩৫ শীতল পনীয় আৰু পানীৰ দ্বাৰা পৰিচালিত ভিভিইআৰ-১০০০ ভি-৩২০ ৰিয়েক্টৰ আছে । এই সুবিধাত ব্যৱহৃত পাৰমাণৱিক ইন্ধনো ৰখা হৈছে।
লগতে পঢ়ক: Biden supports Israel and Ukraine : ইজৰাইল আৰু ইউক্ৰেইনৰ পক্ষত আছে আমেৰিকা

