ETV Bharat / international

Biden supports Israel and Ukraine : ইজৰাইল আৰু ইউক্ৰেইনৰ পক্ষত আছে আমেৰিকা

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 11:10 AM IST

পুনৰ আমেৰিকাই নিজৰ স্থিতি স্পষ্ট কৰিছে । ৰাছিয়া আৰু হামাছক প্ৰত্যাহ্বান জনাই আমেৰিকাৰ ঘোষণা ইজৰাইল আৰু ইউক্ৰেইন যুদ্ধত জয়ী হোৱাটো আমেৰিকাযুক্ত ৰাষ্ট্ৰৰ বাবে গুৰুত্বপূৰ্ণ । দুয়োখন দেশলৈ নতুন পেকেজো ঘোষণা বাইডেনৰ ।

Biden supports Israel and Ukraine
ইজৰাইল আৰু ইউক্ৰেইনৰ পক্ষত আছে আমেৰিকা

ইণ্টাৰনেশ্যনেল ডেস্ক,২০ অক্টোবৰ : এফালে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধ আৰু আনফালে ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ । এনে পৰিস্থিতিত ইতিমধ্যে আমেৰিকাই নিজৰ স্থিতি স্পষ্ট কৰি আহিছে । এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ ঘোষণা কৰে যে ইজৰাইল আৰু ইউক্ৰেইন যুদ্ধত জয়ী হোৱাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে গুৰুত্বপূৰ্ণ । তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এইটো প্ৰয়োজনীয় । ইফালে বৃহস্পতিবাৰে বাইডেনে এই দুয়োখন দেশলৈ বিলিয়ন ডলাৰৰ সামৰিক সাহায্যও ঘোষণা কৰে ।

  • #WATCH | US President Joe Biden says "The assault on Israel echoes nearly 20 months of war, tragedy, and brutality inflicted on the people of Ukraine, people that were very badly hurt since Putin launched his all-out invasion. Hamas and Putin represent different threats, but they… pic.twitter.com/QwgHQfivT3

    — ANI (@ANI) October 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বাইডেনে কয় যে যদি আন্তৰ্জাতিক আক্ৰমণ অব্যাহত ৰাখিবলৈ দিয়া হয় তেন্তে সংঘাত আৰু বিশৃংখলতা পৃথিৱীৰ আন প্ৰান্তলৈ বিয়পি পৰিব পাৰে । বাইডেনে কয় যে হামাছ আৰু পুটিনে বিভিন্ন ভাবুকিৰ সৃষ্টি কৰিছে । তেওঁ কয় যে ৰাছিয়া আৰু হামাছে চুবুৰীয়া গণতন্ত্ৰক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰে ।

বাইডেনে কয় যে তেওঁ কংগ্ৰেছলৈ এক জৰুৰী পুঁজিৰ অনুৰোধ জনাব । অনুমান কৰা হৈছে যে এই পুঁজিৰ পৰিমাণ হ'ব প্ৰায় ১০০ বিলিয়ন আমেৰিকান ডলাৰ । বাইডেনে শুকুৰবাৰে পুঁজিৰ প্ৰস্তাৱ কংগ্ৰেছত উত্থাপন কৰিব বুলি আশা কৰা হৈছে । প্ৰস্তাৱটোত ইউক্ৰেইন, ইজৰাইল, টাইৱানলৈ মানৱীয় সহায় আৰু সীমান্ত ব্যৱস্থাপনাৰ বাবে পুঁজি অন্তৰ্ভুক্ত আছে । বাইডেনৰ মতে এয়া এক স্মাৰ্ট বিনিয়োগ যি প্ৰজন্মৰ বাবে আমেৰিকান নিৰাপত্তাৰ দিশত লাভ হ'ব ।

  • #WATCH | US President Joe Biden says "...Iran is supporting Russia's in Ukraine, and it's supporting Hamas and other terrorist groups in the region and will continue to hold them accountable, I might add. The United States and our partners across the region are working to build a… pic.twitter.com/qniDnX0ZZc

    — ANI (@ANI) October 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইজৰাইল ভ্ৰমণৰ পাছতে বাইডেনে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ইজৰাইলত তেওঁ কৈছিল যে হামাছৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজত আমেৰিকাই একাত্মতা প্ৰদৰ্শন কৰিছে আৰু গাজা ষ্ট্ৰিপত পেলেস্তাইনীসকলক অধিক মানৱীয় সাহায্যৰ বাবে জোৰ দিছে ।

বাইডেনে কৈছিল যে আমেৰিকা ইউক্ৰেইনৰ সৈতে আছে । হোৱাইট হাউচৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কোৱা মতে যে বাইডেনে যোৱা সপ্তাহটোত এই সন্দৰ্ভত সহযোগীসকলৰ বিভিন্ন আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:UN on Israel vs Hamas war: হামাছৰ সমানে দোষী ইজৰাইল: ৰাষ্ট্ৰসংঘ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.