ETV Bharat / international

সুমাত্ৰা দ্বীপত আকস্মিক বান : ভূমিস্খলনত নিহত কমেও ২৬, সন্ধানহীন ১১

author img

By PTI

Published : Mar 11, 2024, 1:23 PM IST

সুমাত্ৰা দ্বীপত আকস্মিক বান
সুমাত্ৰা দ্বীপত আকস্মিক বান

Flood in Sumatra Island : বৃহস্পতিবাৰৰ পৰা মৌচুমী বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত পশ্চিম সুমাত্ৰা প্ৰদেশৰ নখন জিলা আৰু চহৰ জলমগ্ন হয় । আনহাতে, শুকুৰবাৰে এক ডাঙৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ।

ইণ্টাৰনেচনেল ডেস্ক, ১১ মাৰ্চ : ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপত মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হয় আকস্মিক বান আৰু ভূমিস্খলন । আনহাতে, পানী হ্ৰাস হোৱাৰ লগে লগে উদ্ধাৰকাৰীসকলে অধিক মৃতদেহ উদ্ধাৰ কৰে । এই বান আৰু ভূমিস্খলৰ ফলত কমেও ২৬ জন লোকৰ মৃত্যু আৰু ১১ জন সন্ধানহীন হোৱা বুলি বিষয়াসকলে সোমবাৰে প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা মৌচুমী বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত পশ্চিম সুমাত্ৰা প্ৰদেশৰ নখন জিলা আৰু চহৰ জলমগ্ন হয় । আনহাতে, শুকুৰবাৰে এক ডাঙৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । এখন নদীৰ মথাউৰি ভাঙি পেচিচিৰ চেলাটান জিলাৰ পাহাৰৰ কাষৰ গাঁওবোৰ উটুৱাই লৈ যায় ।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই জনোৱা মতে, বিদ্যুৎ ঘাটি, ক্ষতিগ্ৰস্ত দলং আৰু বোকা আৰু ধ্বংসাৱশেষৰ ফলত পথ অৱৰোধ হোৱাৰ ফলত উদ্ধাৰ আৰু সাহায্য অভিযান বাধাগ্ৰস্ত হৈছে ।

সংস্থাটোৰ মুখপাত্ৰ আব্দুল মুহাৰীয়ে প্ৰকাশ কৰা মতে, উদ্ধাৰকাৰীয়ে অধিক মৃতদেহ উদ্ধাৰ কৰিছে । ইয়াৰে বেছিভাগ পেচিচিৰ চেলাটান আৰু ইয়াৰ চুবুৰীয়া পাদাং জিলাৰ । এইকেইখন জিলাত গাঁওবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । যাৰ ফলত মৃত্যুৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পায় ।

আনহাতে, ভূমিস্খলনৰ ফলত কমেও ১৪ টা ঘৰ বোকাত পোত গৈছে । এই ঘটনাত কমেও দুজন গাঁওবাসী আহত হোৱাৰ লগতে উদ্ধাৰকাৰীয়ে এতিয়াও সন্ধানহীন হৈ থকা ১১ জন লোকৰ সন্ধানত অভিযান চলাই আছে ।

উল্লেখ্য যে পশ্চিম সুমাত্ৰা প্ৰদেশত মৌচুমী বৰষুণৰ ফলত ৩৭,০০০-তকৈও অধিক ঘৰ আৰু অট্টালিকা জলমগ্ন হৈ পৰিছে । অতি কমেও তিনিটা ঘৰ আকস্মিক বানত উটি যায় আৰু অন্য ৬৬৬ টা ক্ষতিগ্ৰস্ত হয় ।

বানৰ ফলত ২৬ খন দলং, ৪৫ টা মছজিদ আৰু ২৫ খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰি ১৩ টা পথ, দুটা জলসিঞ্চন ব্যৱস্থাৰ ইউনিট ধ্বংস হয় । আনহাতে, ১১৩ হেক্টৰ ধানখেতি আৰু ৩০০ বৰ্গমিটাৰ অন্য খেতিপথাৰ পানীত ডুব গৈছে ।

উল্লেখ্য যে ধাৰাসাৰ বৰষুণৰ ফলত ইণ্ডোনেছিয়াত সঘনাই ভূমিস্খলন আৰু আকস্মিক বান হয় । ই হৈছে 17,000-তকৈও অধিক দ্বীপৰ এক দ্বীপপুঞ্জ ৰাষ্ট্ৰ । আনহাতে, ইয়াত লাখ লাখ লোক পাহাৰীয়া অঞ্চল বা বানপ্ৰবণ অঞ্চলত বাস কৰে ।

লগতে পঢ়ক :আল কায়দাৰ নেতা খালিদ আল বাটাৰফিৰ অস্বাভাৱিক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.