ETV Bharat / international

আল কায়দাৰ নেতা খালিদ আল বাটাৰফিৰ অস্বাভাৱিক মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 11:41 AM IST

Al Qaida Leader Died in Yemen : আমেৰিকা চৰকাৰে ৫ মিলিয়ন ডলাৰৰ পুৰষ্কাৰ ঘোষণা কৰি থোৱা য়েমেনৰ আল-কায়দা শাখাৰ নেতা খালিদ আল-বাটাৰফিৰ মৃত্যু । সন্ত্ৰাসবাদী সংগঠনটোৱে মুকলি কৰা এটা ভিডিঅ'ত আল-বাটাৰফিক আল-কায়দাৰ পতাকাৰে কফিনত মেৰিয়াই থোৱা দেখুওৱা হৈছে । অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই ।

আল কায়দাৰ নেতা খালিদ আল বাটাৰফিৰ অস্বাভাৱিক মৃত্যু
আল কায়দাৰ নেতা খালিদ আল বাটাৰফিৰ অস্বাভাৱিক মৃত্যু

ইণ্টাৰনেচনেল ডেস্ক, ১১ মাৰ্চ : য়েমেনৰ আল-কায়দা শাখাৰ নেতাৰ মৃত্যু । সন্ত্ৰাসবাদী সংগঠনটোৱে দেওবাৰে এই কথা ঘোষণা কৰে । অৱশ্যে এই সন্দৰ্ভত সবিশেষ একো জনোৱা নাই । প্ৰতিষ্ঠাপক ওচামা বিন লাডেনৰ হত্যাৰ পিচত এতিয়াও কাম কৰি থকা সন্ত্ৰাসবাদী গোটটোৰ আটাইতকৈ বিপজ্জনক শাখা হিচাপে বিবেচিত আৰব উপদ্বীপত আল-কায়দা গোটটোৰ নেতৃত্ব দিয়াৰ বাবে খালিদ আল-বাটাৰ্ফিৰ মূৰৰ ওপৰত আমেৰিকাৰ চৰকাৰে ৫ নিযুত ডলাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল ।

এই সন্দৰ্ভত আল-কায়দাই মুকলি কৰা এটা ভিডিঅ'ত আল-বাটাৰফিক আল-কায়দাৰ ক'লা-বগা পতাকাৰে কফিনত মেৰিয়াই থোৱা দেখুওৱা হৈছে । অৱশ্যে সংগঠনটোৱে তেওঁৰ মৃত্যুৰ কাৰণ সম্পৰ্কে কোনো কথা জনোৱা নাই । আল-বাটাৰ্ফিৰ বয়স ৪০ বছৰ অতিক্ৰম কৰা বুলি ধাৰণা কৰা হৈছে ।

সংগঠনটোৱে য়েমেনত সোমবাৰৰ পৰা আৰম্ভ হোৱা মুছলমানসকলৰ পবিত্ৰ উপবাস মাহ ৰমজানৰ প্ৰাকমুহূৰ্তত এই কথা ঘোষণা কৰে । লগতে ঘোষণা কৰিছে যে চাদ বিন আতেফ আল-আওলাকিয়ে সংগঠনটোৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰিব । আনহাতে, আমেৰিকাই ৬ নিযুত ডলাৰৰ পুৰষ্কাৰ ঘোষণা কৰি কৈছে যে আল-আওলাকিয়ে 'আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিৰ বিৰুদ্ধে ৰাজহুৱাভাৱে আক্ৰমণৰ আহ্বান জনাইছে' ।

২০০৯ চনত আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত বিমান আক্ৰমণৰ পিচৰে পৰা ৱাশ্বিংটনে আল-কায়দাৰ য়েমেন শাখাক সন্ত্ৰাসবাদী নেটৱৰ্কৰ আটাইতকৈ বিপজ্জনক শাখা হিচাপে গণ্য কৰি আহিছে । ইয়াৰ উপৰি ২০১৫ চনত ফ্ৰান্সৰ ব্যংগাত্মক সাপ্তাহিক কাকত চাৰ্লি হেবডোৰ ওপৰত পেৰিছত হোৱা মাৰাত্মক আক্ৰমণৰো দায়িত্ব স্বীকাৰ কৰিছিল সংগঠনটোৱে ।

আল-বাটাৰ্ফিয়ে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত একিউএপি নামেৰে জনাজাত শাখাটোৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । তেওঁ দলটোৰ নেতা কাছিম আল-ৰিমিৰ উত্তৰাধিকাৰী হয় । এইগৰাকী নেতা তদানীন্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাৰ দ্ৰোণ আক্ৰমণত নিহত হৈছিল । আল-ৰিমীয়ে ২০১৯ চনত আমেৰিকাৰ নেভেল এয়াৰ ষ্টেচন পেনচাকোলাত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল । এই আক্ৰমণত এজন চৌদি বিমান প্ৰশিক্ষাৰ্থীয়ে তিনিজন আমেৰিকান নাবিকক হত্যা কৰিছিল ।

চৌদি আৰবৰ ৰিয়াধত জন্মগ্ৰহণ কৰা আল-বাটাৰ্ফিয়ে ১৯৯৯ চনত আফগানিস্তান ভ্ৰমণ কৰে আৰু আমেৰিকাৰ নেতৃত্বত হোৱা আক্ৰমণৰ সময়ত তালিবানৰ সৈতে যুঁজ দিয়ে । আমেৰিকাৰ মতে, তেওঁ ২০১০ চনত একিউএপিত যোগদান কৰিছিল আৰু য়েমেনৰ আবিয়ান প্ৰদেশ দখল কৰিবলৈ বাহিনীটোৰ নেতৃত্ব দিছিল ।

লগতে পঢ়ক :ৰাফাত সামৰিক অভিযানৰ পুনৰ হুংকাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.