ETV Bharat / international

প্ৰকৃতিৰ ৰোষত ব্ৰাজিল; মৃতকৰ সংখ্যা বৃদ্ধি 83 জনলৈ - Flood in Brazil

author img

By ANI

Published : May 7, 2024, 10:03 PM IST

Flood in Brazil: প্ৰকৃতিৰ ৰোষত ব্ৰাজিল । 83 জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা ৷ 276 জন লোক আহত হোৱাৰ লগতে কমেও 111 জন লোক নিৰুদ্দেশ ৷ স্থানচ্যুত হৈছে 1 লাখ 21 হাজাৰ নাগৰিক ৷

Death toll rises to 83 after series of catastrophic floods devastate Brazil
প্ৰকৃতিৰ ৰোষত ব্ৰাজিল; মৃতকৰ সংখ্যা বৃদ্ধি 83 জনলৈ (AP)

নেশ্যনেল ডেস্ক, 7 মে’: দক্ষিণ ব্ৰাজিলৰ ৰিঅ' গ্ৰেণ্ডডো ছুল ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানৰ ফলত মৃতকৰ সংখ্যা 83 জনলৈ বৃদ্ধি পাইছে ৷ ৰাজ্যখনৰ অসামৰিক প্ৰতিৰক্ষা ইউনিটৰ উদ্ধৃতি দি চি এন এনে প্ৰকাশ কৰিছে এই তথ্য ৷

ৰিঅ' গ্ৰেণ্ডডো ছুলৰ নাগৰিক প্ৰতিৰক্ষা বিভাগে জনোৱা মতে, ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানৰ ফলত 276 জন লোক আহত হোৱাৰ লগতে কমেও 111 জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ।

তদুপৰি কমেও 1 লাখ 21 হাজাৰ লোক স্থানচ্যুত হৈছে বুলি জানিব পৰা গৈছে ।

ইফালে, কৰ্তৃপক্ষই আন চাৰিজনৰ মৃত্যুৰ তদন্ত কৰি ধুমুহাৰ সৈতে সম্পৰ্ক আছে নে নাই সেইটোও নিৰ্ণয় কৰি আছে বুলি চি এন এনে প্ৰকাশ কৰিছে ।

এই দুৰ্যোগৰ ফলত 345 খন পৌৰসভাৰ 8 লাখ 50 হাজাৰৰো অধিক লোকৰ ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে পথ আৰু দলং ক্ষতিগ্ৰস্ত কৰিছে । স্থানীয় বাসিন্দা আৰু স্থানচ্যুত হোৱা একাংশ লোকে বানত এতিয়াও মৃতদেহ দেখাৰ কথা উল্লেখ কৰিছে ৷ এতিয়াও মৃতকৰ প্ৰকৃত গণনা হোৱা নাই বুলি আশংকা প্ৰকাশ কৰা হৈছে ।

চি এন এনৰ বাতৰি অনুসৰি ৰিঅ' গ্ৰেণ্ডডো ছুল মিলিটাৰী ফায়াৰ ফায়াৰছৰ উপকমাণ্ডাৰ কৰ্ণেল জোচে কাৰ্লোছ চেলেটে কয় যে প্ৰায় 1000 অগ্নিনিৰ্বাপক বাহিনী উদ্ধাৰ অভিযানত জড়িত হৈ আছে ।

তেওঁ কয়, "যেতিয়া বৰষুণ বন্ধ হয়, তেতিয়া তেওঁলোকে যিমান পাৰি সিমান লোকক বচাবলৈ সৰু সৰু উদ্ধাৰ অভিযান চলায় আহিছে । কালি (শনিবাৰে) আমি অভিযান তীব্ৰতৰ কৰিবলৈ সক্ষম হৈছিলো ।"

আল জাজিৰাৰ মতে, দেওবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাই দ্বিতীয়বাৰৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী জোচে মুচিঅ’, বিত্তমন্ত্ৰী ফাৰ্নাণ্ডো হাদ্দাদ আৰু পৰিৱেশ মন্ত্ৰী মেৰিনা ছিলভা আদিৰ সৈতে ৰিঅ' গ্ৰেণ্ডডো ছুল ভ্ৰমণ কৰে ।

নেতাগৰাকী আৰু তেওঁৰ দলটোৱে হেলিকপ্টাৰৰ পৰা ৰাজ্যখনৰ ৰাজধানী পৰ্টো আলেগ্ৰেৰ বানl ডুবা ৰাজপথৰ জৰীপ চলায় । ইতিমধ্যে গৱৰ্ণৰ এডুয়াৰ্ডো লেইটে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।

উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশা কৰা হৈছে বুলি গৱৰ্ণৰ লেইটে আক্ষেপ প্ৰকাশ কৰি কয়, "আমি আমাৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ দুৰ্যোগৰ সৈতে মোকাবিলা কৰিছো ।"

লগতে পঢ়ক: বানৰ কবলত ব্ৰাজিল: মৃত্যুৰ সংখ্যা ৭৫লৈ বৃদ্ধি, ১০০ৰো অধিক লোক সন্ধানহীন - FLOOD IN BRAZIL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.