ETV Bharat / international

বানৰ কবলত ব্ৰাজিল: মৃত্যুৰ সংখ্যা ৭৫লৈ বৃদ্ধি, ১০০ৰো অধিক লোক সন্ধানহীন - FLOOD IN BRAZIL

author img

By ANI

Published : May 6, 2024, 10:39 AM IST

Brazil Floods
বানৰ কৱলত ব্ৰাজিল (Reuters)

Brazil Floods : প্ৰলয়ংকাৰী বানৰ কবলত ব্ৰাজিল । দক্ষিণত থকা ৰিঅ' গ্ৰেণ্ডডো ছুল ৰাজ্যত বানৰ ফলত ৭৫ গৰাকী লোকৰ মৃত্যু । ১০০ ৰো অধিক সন্ধানহীন । মৃত্যুৰ সংখ্যা বৃদ্ধি সম্ভাৱনা ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ মে' : প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে দক্ষিণ ব্ৰাজিল । দেশখনৰ ৰিঅ' গ্ৰেণ্ডডো ছুল নামৰ ৰাজ্যখনত শেহতীয়াকৈ বানে কালৰূপ ধাৰণ কৰিছে । প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যখনত বানৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি হৈছে । আনহাতে ১০০ ৰো অধিক লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে ।

দেওবাৰে স্থানীয় প্ৰশাসনে জনোৱা মতে বানৰ ফলত ৮৮,০০০ ৰো অধিক লোকে ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লৈছে । প্ৰায় ১৬,০০০ লোকে বিদ্যালয়, জিম আৰু অন্যান্য অস্থায়ী আশ্ৰয় শিবিৰত বাহৰ পাতিছে ।

ইফালে, ৰাজ্যখনৰ গভৰ্ণৰ এডুয়াৰ্ডো লেইটে দেওবাৰে পুৱা কয় যে এই পৰিস্থিতিৰ বাবে তেওঁ উদ্বিগ্ন । খবৰ অনুসৰি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভায়েও দেওবাৰে দ্বিতীয়বাৰৰ বাবে ৰিঅ' গ্ৰেণ্ডডো ছুল ভ্ৰমণ কৰে । তেওঁৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী জোছ মুচিও, বিত্তমন্ত্ৰী ফাৰ্নাণ্ডো হাদ্দাদ আৰু পৰিৱেশ মন্ত্ৰী মেৰিনা চিলভাও এই ভ্ৰমণৰ সময়ত উপস্থিত থাকে ।

দলটোৱে হেলিকপ্টাৰেৰে ৰাজ্যৰ ৰাজধানী পোৰ্তো আলেগ্ৰেৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে । ইফালে প্ৰশাসন তথা উদ্ধাৰকাৰী দলে ধ্বংসপ্ৰাপ্ত ঘৰ, দলং আৰু ৰাস্তাৰ ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱাৰ বাবে অভিযান অব্যাহত ৰাখিছে ।

বিভিন্ন সংবাদ মাধ্যমৰ মতে ৰিঅ' গ্ৰেণ্ডে ডো ছুল ৰাজ্যত থকা নৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত বান্ধবোৰ বিপদজনক হৈ আছে আৰু পোৰ্তো আলেগ্ৰে মহানগৰবাসীৰ বাবে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । ইয়াৰ মাজতে গভৰ্ণৰ এডুয়াৰ্ডো লেইটে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।

ৰাজ্যখনৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ দুৰ্যোগ হিচাপে বিবেচনা কৰি গৱৰ্ণৰগৰাকীয়ে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে । নৈপৰীয়া আৰু ভূমিস্খলন এলেকাৰ পৰা লোকসকলক স্থানান্তৰ কৰাৰো নিৰ্দেশ দিয়া হৈছে ।

জানিব পৰা মতে, এতিয়াও ৰাজ্যখনৰ বহু স্থানত খাদ্য, খোৱপানীৰ বাবে বানপীড়িতসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক : দক্ষিণ ব্ৰাজিলত মহাপ্ৰলয়, মৃত্যুৰ সংখ্যা ৩৯ লৈ বৃদ্ধি - Flood In Brazil

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.