ETV Bharat / international

দক্ষিণ ব্ৰাজিলত মহাপ্ৰলয়, মৃত্যুৰ সংখ্যা ৩৯ লৈ বৃদ্ধি - Flood in Brazil

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 1:43 PM IST

Flood in Brazil: দক্ষিণ ব্ৰাজিলৰ ৰিঅ' গ্ৰেণ্ডডো ছুল ৰাজ্যত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ৩৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৬৫ৰো অধিক লোক সন্ধানহীন হৈ আছে । প্ৰায় ২৫,০০০ লোকে সুৰক্ষিত স্থানত আশ্ৰয় লৈছে ।

Flood in Brazil
দক্ষিণ ব্ৰাজিলত মহাপ্ৰলয় (AP Picture)

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ মে': প্ৰকৃতিৰ ৰোষত ব্ৰাজিল । শেহতীয়াকৈ দক্ষিণ ব্ৰাজিলৰ ৰিঅ' গ্ৰেণ্ডডো ছুল ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । ৰাজ্যখনত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । স্থানীয় সূত্ৰৰ মতে এতিয়ালৈ ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত প্ৰায় ৩৯ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে ৬৮ গৰাকী লোক সন্ধানহীন হৈ আছে । স্থানীয় প্ৰশাসনৰ মতে বানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । ৮০ বছৰৰ অভিলেখ ভংগ কৰি ৰাজ্যখনত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ।

২০২৩ চনৰ জুলাই, ছেপ্টেম্বৰ আৰু নৱেম্বৰত হোৱা বানৰ ফলত মুঠ ৭৫ গৰাকী লোকৰ মৃত্যু হৈছিল । এবছৰৰ ভিতৰতে পুনৰ ব্ৰাজিলত প্ৰাকৃতিক দুৰ্যোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ব্ৰাজিলিয়ান ভূতাত্ত্বিক সেৱাৰ মতে ১৯৪১ চনৰ এক ঐতিহাসিক বানৰ পিচতে ই দ্বিতীয়টো মহাপ্ৰলয় । কিছুমান চহৰত পানীৰ স্তৰৰ ক্ষেত্ৰত প্ৰায় ১৫০ বছৰৰ অভিলেখ ভংগ কৰিছে ।

বৃহস্পতিবাৰে বেণ্টো গনকেলভচ আৰু কোটিপোৰা চহৰৰ মাজৰ এটা জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ আংশিকভাৱে খহি পৰে । যাৰ ফলত লাজেয়াডো আৰু এষ্ট্ৰেলাৰ দৰে টাকুয়াৰী নদী উপত্যকাৰ সমগ্ৰ চহৰবোৰ প্লাৱিত হৈ পৰে । ৰাজ্যখনৰ ৰাজধানী পোৰ্তো আলেগ্ৰেৰ পৰা ৫০ মাইল (৮০ কিলোমিটাৰ) দূৰত্বত অৱস্থিত ফেলিজ চহৰত এখন নদীৰ ওপৰত থকা দলং বানত উটি গৈছে ।

ইফালে ৰাজ্যজুৰি বিদ্যুৎ, যোগাযোগ আৰু পানী যোগান বন্ধৰ খবৰ পোৱা গৈছে । স্থানীয় সংস্থাৰ মতে ২৪,০০০ তকৈও অধিক লোকে ঘৰ এৰিব লগা হৈছে । হেলিকপ্টাৰ চহৰসমূহৰ ওপৰত নিৰন্তৰ উৰি থকা দেখা গৈছে আৰু আৱদ্ধ লোকসকলক উদ্ধাৰ কৰা হৈছে । পূৰ্বে বানৰ কৱলত নপৰা বহু অঞ্চল এইবাৰ প্লাৱিত হোৱা দেখা গৈছে ।

শ শ লোকে আশ্ৰয় শিবিৰত দিন-ৰাতি কটাইছে । স্থানীয় প্ৰশাসনেও লোকসকলৰ বাবে খাদ্য সামগ্ৰী যোগানৰ লগতে চিকিৎসা সেৱা প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে ।

লগতে পঢ়ক :চীনত খহি পৰিল ঘাইপথৰ অংশ, ৩০ৰো অধিক লোকৰ মৃত্যু - China Highway Collapsed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.