ETV Bharat / international

আফগানিস্তানত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ - Protest against Taliban

author img

By ANI

Published : May 5, 2024, 1:12 PM IST

Protest against Taliban : তালিবানৰ বিৰুদ্ধে ক্ষুব্ধ আফগানিস্তানৰ বাদাখশ্বানৰ দাৰাইম জিলাৰ একাংশ লোক । ৩ মে'ৰ পৰা তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে । প্ৰতিবাদকাৰীক দমন কৰিবলৈ গুলীবৰ্ষণ তালিবানৰ ।

Protest against Taliban
আফগানিস্তানত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ মে' : আফগানিস্তানত এইবাৰ তালিবান বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে । স্থানীয় সংবাদ মাধ্যমৰ মতে দেশখনৰ বাদাখশ্বানৰ দাৰাইম জিলাত বিগত দুদিন ধৰি তালিবান বিৰোধী প্ৰতিবাদ অব্যাহত আছে । ৫ গৰাকী নেতাক আটক কৰাৰ বিৰুদ্ধে জিলাখনৰ ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

তেওঁলোকে অভিযোগ কৰা মতে দাবীৰ বিষয়ে আলোচনা কৰাৰ বাবে তালিবানে ৫ গৰাকী নেতাক আটক কৰিছিল । কিন্তু তেতিয়াৰে পৰা তেওঁলোকৰ কোনো সন্ধান নাই । বাদাখশ্বানৰ দাৰাইমত তালিবান বিৰোধী প্ৰতিবাদ ৩ মে'ৰ পৰা আৰম্ভ হৈছিল । বাদাখশ্বানবাসীৰ মতে প্ৰাৰম্ভিক প্ৰতিবাদৰ পিচত তালিবানে তেওঁলোকৰ ওপৰত গুলীচালনা কৰিছিল । য'ত এজন লোক নিহত হোৱা বুলি তেওঁলোকে দাবী কৰিছে ।

ইফালে প্ৰতিবাদকাৰীসকলে জনাইছে যে লোকজনৰ মৃত্যুৰ পিচত দাৰাইমৰ বাসিন্দাসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল । সংবাদ মাধ্যমৰ মতে আফিং খেতি জ্বলোৱাৰ উদ্দেশ্যে তালিবানী যুঁজাৰুসকলে আৱাসিক এলেকাত প্ৰৱেশ কৰিছিল । কিন্তু ইয়াৰ বিপৰীতে তালিবানীয়ে ঘৰে ঘৰে প্ৰৱেশ কৰি মহিলাসকলক উৎপীড়ন চলোৱাৰ অভিযোগ উঠিছে । যাৰ বাবে তালিবানৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ আৰম্ভ কৰে ।

ইফালে স্থানীয় তালিবান কৰ্তৃপক্ষইও নিশ্চিত কৰিছে যে এই প্ৰতিবাদত এজন লোক নিহত হৈছে । কিছুমান মাধ্যমত প্ৰচাৰিত ভিডিঅ'ত দেখা গৈছে যে প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গান দিছে । ইছলামিক আমিৰশ্বাহী নালাগে বুলিও একাংশই শ্ল'গান দিছে । তালিবানে জিলাখনৰ বাসিন্দাসকলক হাৰাশাস্তি আৰু ভাবুকি দিয়াৰো অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে ।

এগৰাকী প্ৰতিবাদকাৰীৰ মতে তালিবানে জনসাধাৰণৰ সন্মান, ধৰ্ম আৰু গোপনীয়তা উলংঘা কৰে । প্ৰতিবাদকাৰীসকলে তালিবানক মানুহৰ ঘৰ ধ্বংস কৰা আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ আৰু অন্যায় কৰাৰ অভিযোগ উত্থাপন কৰে । এতিয়ালৈকে, কাবুলৰ তালিবান নেতাসকলে বাদাখশ্বানৰ দাৰাইম অঞ্চলত হোৱা প্ৰতিবাদৰ কোনো সঁহাৰি দিয়া নাই ।

লগতে পঢ়ক :মছজিদৰ ভিতৰত বন্দুকধাৰীৰ গুলীচালনা ; নিহত ৬ - Gunman Attack In Mosque

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.