ETV Bharat / health

মুখৰ স্বাস্থ্য বজাই ৰখাটো আমাৰ বাবে কিয় জৰুৰী ?

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 5:29 PM IST

world-oral-health-day-2024-a-happy-mouth-is-a-happy-body
মুখৰ স্বাস্থ্য বজাই ৰখাটো আমাৰ বাবে কিয় জৰুৰী ?

World Oral Health Day 2024: বিশ্ব মুখ স্বাস্থ্য দিৱসৰ গুৰুত্ব কি ? মুখৰ যত্ন আৰু দাঁত পৰিষ্কাৰ কৰি ৰখাটো কিয় প্রয়োজন এই সম্পর্কে জনালে দন্ত চিকিৎসা বিশেষজ্ঞ ডাঃ আৰজিন আৰা ৰহমানে ৷

দন্ত চিকিৎসা বিশেষজ্ঞ ডাঃ আৰজিন আৰা ৰহমান

গুৱাহাটী, 20 মাৰ্চ: প্রতিবছৰে সমগ্র বিশ্বজুৰি ২০ মার্চ তাৰিখে 'ব'ৰ্ল্ড অৰেল হেল্থ ডে' অর্থাৎ 'মুখ স্বাস্থ্য দিৱস' হিচাপে পালন কৰা হয় ৷ মুখৰ যতন লগতে দাঁতৰ যতন কেনেদৰে ল'ব লাগে তাৰে প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয় ৷ A happy mouth is....a happy body বিষয়বস্তুৰ সৈতে এইবাৰৰ World Oral Health Day পালন কৰা হৈছে ৷ অৰ্থাৎ আমাৰ যদি মুখ বা দাঁতৰ যত্ন ভালদৰে ল'ব পাৰো তেতিয়া আমাৰ স্বাস্থ্যও ভালে থাকিব ৷

আমাৰ মুখখনৰ ভিতৰখন যদি ভালে থাকে আমাৰ শৰীৰৰ বা স্বাস্থ্যও ভালে থাকিব ৷ মুখৰ স্বাস্থ্যৰ মূলতে হ'ল আমাৰ দাঁত দুপাৰি ৷ বহু এনেৰোগী আহে যাৰ দাঁত দুপাৰিৰ কিছু দাঁত নাথাকে যাৰ ফলত খাদ্যবস্তু চোবাই খোৱাত অসুবিধাৰ সন্মুখীন হয় যাৰ ফলত তেওঁলোকৰ গেষ্ট্ৰাইটিছ, কোষ্ঠকাঠিন্য, বদহদজম আদি বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগা পৰিলক্ষিত হয় ৷ ৰোগী গৰাকীয়ে ভালদৰে খাদ্য চোবাই খাবলৈ অসমৰ্থ হোৱাৰ ফলত এই সমূহ সমস্যাৰ সৃষ্টি হয় ৷ লগতে ইয়াৰ ফলত খাদ্যৰ বিভিন্ন উপাদানৰ পৰাও বঞ্চিত হ'ব লগা হয় ৷

আনহাতে, ডায়েবেটিছ ৰোগীসকল সকলৰ ক্ষেত্ৰত দাঁতৰ পৰা তেজ-পুজ ওলোৱা আদি দেখা যায় ৷ তেনে ৰোগীক পৰীক্ষা কৰিলে তেওঁলোকৰ তেজত থকা শৰ্কৰাৰ পৰিমাণ বহু বেছি দেখা যায় ৷ লগতে হৃদৰোগী সকলৰ ক্ষেত্ৰত তেওঁলোকে যদি মুখখন ভালদৰে পৰিষ্কাৰ কৰি নাৰাখে বা মুখৰ ভিতৰত বা দাঁতৰ মাজত লেতেৰা বস্তু লাগি থাকিলে বেছি বিপদজনক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷

সেইবাবে আমি সকলোৱে মুখখনৰ যত্ন ভালদৰে ল'ব লাগে ৷ বিশেষকৈ আমাৰ দাঁত দুপাৰি যাতে সকলো সময়তে পৰিষ্কাৰ হৈ থাকে তাৰ প্ৰতি সকলো সময়তে লক্ষ্য ৰখা উচিত ৷ দীৰ্ঘদিন ধৰি যদি দাঁতৰ সমস্যাত ভুগি আছে তেন্তে অনতিপলমে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত ৷

লগতে পঢ়ক: কিয় প্ৰতিবছৰে ২০ মাৰ্চৰ দিনাই পালন কৰা হয় World Oral Health Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.