ETV Bharat / health

কিয় প্ৰতিবছৰে ২০ মাৰ্চৰ দিনাই পালন কৰা হয় World Oral Health Day

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 11:59 PM IST

World Oral Health Day 2024: Date, History and Significance
কিয় প্ৰতিবছৰে ২০ মাৰ্চৰ দিনাই পালন কৰা হয় World Oral Health Day

World Oral Health Day 2024: প্ৰতি বছৰে ২০ মাৰ্চৰ দিনটোত মুখ অৰ্থাৎ দাঁত, দাঁতৰ গুৰি আৰু জিভাৰ সঠিক যত্নৰ প্ৰয়োজনীয়তা আৰু পৰিষ্কাৰ কৰি ৰখাৰ সঠিক পদ্ধতিৰ বিষয়ে মানুহক সজাগ কৰাৰ লক্ষ্যৰে আৰু সেই পদ্ধতিসমূহ নিয়মীয়া ৰুটিনত অন্তৰ্ভুক্ত কৰিবলৈ মানুহক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে World Oral Health Day' পালন কৰা হয় ৷

আন্তঃৰাষ্ট্ৰীয় দন্ত চিকিৎসা সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৪ বিলিয়ন লোকে বিভিন্ন ধৰণৰ দন্ত সমস্যাৰ বাবে কম-বেছি পৰিমাণে গুৰুতৰ ৰোগ আৰু সমস্যাৰ সন্মুখীন হৈছে ৷ দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বা স্বাস্থ্যৰ যত্ন নোলোৱাটোৱে বহু ধৰণৰ সমস্যা আৰু ৰোগক আমন্ত্ৰণ জনাব পাৰে ৷ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন নোলোৱাৰ ফলত হোৱা সকলো সমস্যাৰ বিষয়ে নজনা বা কম জ্ঞান থকা লোকৰ বিপৰীতে সচেতন হোৱাৰ পিছতো কেতিয়াবা অসাৱধানতাৰ বাবে কেতিয়াবা এলাহৰ বাবে বহু লোকে এই বিষেয়ে অধিক গুৰুত্ব নিদিয়ে ৷ আমি এইটো জনা উচিত যে দন্তৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব দিয়াটো কিমান লাগতিয়াল ৷

বিশ্ব পৰ্যায়ত মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মানুহক সচেতন কৰি মুখৰ স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰয়োজনীয় অভ্যাস গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ২০ মাৰ্চত World Oral Health Day পালন কৰা হয় ৷ এইবাৰ মুখৰ স্বাস্থ্যৰ গুৰুত্ব আৰু সামগ্ৰিক শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ‘A happy mouth is a happy body’ শীৰ্ষক বিষয়বস্তুৰে এই দিৱসটো পালন কৰা হৈছে ৷

পৰিসংখ্যাই কি কয় ?

২০২২ চনত প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন (Global Oral Health Status Report) অনুসৰি সমগ্ৰ বিশ্বতে ৩.৫ বিলিয়নতকৈ অধিক লোক মুখৰ ৰোগে আক্ৰান্ত কৰে ৷ আৰু এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ ইয়াৰ পৰাও এই কথা অনুমান কৰিব পাৰি যে ১৯৯০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত মুখৰ ৰোগত আক্ৰান্তৰ আনুমানিক সংখ্যা ১ বিলিয়নতকৈও অধিক বৃদ্ধি পাইছে যি ইয়াৰে প্ৰায় ৫০% ৷ উক্ত প্ৰতিবেদন অনুসৰি ২০১৯ বৰ্ষত দক্ষিণ-পূব এছিয়া অঞ্চলত প্ৰায় ৯০ কোটি দাঁতৰ ক্ষয়, গুৰুতৰ পিৰিয়ডন্টাল ৰোগ আৰু ইডেন্টুলিজমৰ ৰোগী আছিল ৷ লগতে প্ৰতিবেদনত কোৱা হৈছে যে উক্ত অঞ্চলটোত মুখৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ৷

চিকিৎসকে কি কয়

বাংগালুৰুৰ দন্ত চিকিৎসক ডাঃ অপূৰ্ব যোশীয়ে কয় যে দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন নকৰিলে দাঁত ক্ষয়, মুখৰ দুৰ্গন্ধ, দাঁতত দাগ বা হালধীয়া হোৱা, দুৰ্বল আৰু ঢিলা হৈ সোনকালে ভাঙি যোৱাৰ সম্ভাৱনাই পিৰিয়ডন্টাল ৰোগ, যেনে প্ৰদাহ বা আলচাৰ আৰু অন্যান্য পিৰিয়ডন্টাল ৰোগৰ আশংকা বৃদ্ধি কৰে ৷ কিন্তু এই সমস্যা বা আন কোনো ধৰণৰ দন্তক্ষয়ৰ সমস্যা যদি সময়মতে চিকিৎসা নহয় বা চিকিৎসা নকৰাকৈ ৰখা হয়, তেন্তে মুখ বা ডিঙিত সংক্ৰমণ বা ৰোগ, ডিমেনচিয়া, মুখৰ যিকোনো অংশৰ লগত জড়িত কেন্সাৰ, হৃদৰোগ, এণ্ডোকাৰ্ডিটিছ, ডায়েবেটিছ, বৃক্কৰ ৰোগ আৰু গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাৰ সময়ত জটিলতা বা আগতীয়াকৈ প্ৰসৱৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

ইতিহাস আৰু গুৰুত্ব

World Oral Health Dayৰ আৰম্ভণি ‘এফ ডি আই’ৰ দ্বাৰা ৷ প্ৰথমবাৰৰ বাবে ২০১৩ চনত উদযাপন কৰা হৈছিল ৷ তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱসটো এটা নতুন বিষয়বস্তুৰে কিন্তু একেটা উদ্দেশ্যৰে আয়োজন কৰা হয় ‘মুখৰ স্বাস্থ্য সম্পৰ্কে সাধাৰণ জনতাৰ মাজত সজাগতা বৃদ্ধি কৰা’ ৷

এই বিশেষ দিনটোলৈকে বিভিন্ন সংগঠন আৰু দন্ত চিকিৎসকৰ দলে বিদ্যালয়, চিকিৎসালয় আৰু সামূহিক ভৱনত চেক-আপ কেম্প, সজাগতা কাৰ্যসূচী, ৰেলী, আলোচনা চক্ৰ আদিৰ আয়োজন কৰে ৷ যাৰ জৰিয়তে সকলো বয়সৰ যিমান পাৰি সিমান লোকক প্ৰাসংগিক তথ্য প্ৰদান কৰিব পাৰি আৰু তেওঁলোকক মুখৰ যত্নৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কথাবোৰ গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব পাৰি ৷

লগতে পঢ়ক: শিশুৰ দেহত ভিটামিন ডিৰ অভাৱ কেনেকৈ ধৰা পেলাব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.