ETV Bharat / health

আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী এই ৩ বিধ শাক

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 1:55 PM IST

Leafy Green Vegetable: শাক আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ প্ৰয়োজন অনুসাৰে কেঁচাই চাটনিৰ ৰূপত, কেতিয়াবা ভাজি-তৰকাৰীৰ ৰূপত আৰু ৰস উলিয়াই ইচ্ছা অনুযায়ী প্ৰস্তুত দ্ৰব্যৰ ৰূপত শাকক ব্যৱহাৰ কৰা হয় ৷ অসমত কিছুমান শাকক বিশেষভাৱে ঔষধি গুণসম্পন্ন বুলি জ্ঞাত হোৱাৰ পিছত তেনে শাকক প্ৰত্যক্ষভাৱে ঔষধ হিচাপে ব্যৱহাৰৰো পথ মুকলি হৈছে ৷ তাৰ ভিতৰত চিৰতা, দোৰোণ, মছন্দৰি, ভেদাইলতা আৰু তুলসীৰ নাম বিশেষভাৱে উল্লেখযোগ্য ৷ আজি আমি ইয়াৰে ভিতৰত তিনি শাকৰ গুণকাৰী দিশৰ বিষয়ে আলোচনা কৰিম ৷

These 3 leafy green vegetables are very beneficial for your health
আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী এই ৩ বিধ শাক

শাক অসমীয়াৰ প্ৰিয় খাদ্য ৷ অসমৰ জলবায়ুও অৱশ্যে শাকৰ খেতিৰ বাবে অতি উপযোগী ৷ সেয়েহে বছৰৰ সকলো সময়তে এই অসমত ভিন্ন প্ৰকাৰৰ শাক পোৱা যায় ৷ প্ৰয়োজন অনুসাৰে কেঁচাই চাটনিৰ ৰুপত, কেতিয়াবা ভাজি-তৰকাৰীৰ ৰূপত আৰু ৰস উলিয়াই ইচ্ছানুযায়ী প্ৰস্তুত দ্ৰব্যৰ ৰূপত শাকক ব্যৱহাৰ কৰা হয় ৷

দীৰ্ঘদিনৰ পৰা অসমত কিছুমান শাকক বিশেষভাৱে ঔষধি গুণসম্পন্ন বুলি জ্ঞাত হোৱাৰ পিছত তেনে শাকক প্ৰত্যক্ষভাৱে ঔষধ হিচাপে ব্যৱহাৰৰো পথ মুকলি হৈছে ৷ তাৰ ভিতৰত চিৰতা, দোৰোণ, মছন্দৰি, ভেদাইলতা আৰু তুলসীৰ নাম বিশেষভাৱে উল্লেখযোগ্য ৷ আজি আমি ইয়াৰে ভিতৰত তিনি শাকৰ গুণকাৰী দিশৰ বিষয়ে আলোচনা কৰিম ৷

কলমৌ শাক:

  • বসন্ত ৰোগৰ সৈতে প্ৰতিৰোধ কৰাত কলমৌ শাকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
  • জণ্ডিছ ৰোগীয়ে কলমৌৰ আগ বা পাত গাখীৰৰ লগত মিহলাই খালে আৰোগ্য লাভ কৰিব পৰা যায় ৷
  • নিদ্ৰাহীনতা দূৰ কৰে ৷
  • আনহাতে, মাতৃদুগ্ধ কম হ’লে ঘিউৰ লগত এই শাক মিশ্ৰণ কৰি খালে মাকৰ গাখীৰ বেছি হয় ৷
  • স্নায়ু দুৰ্বল, ধাতু দুৰ্বল আৰু যৌন ব্যাধি দূৰ কৰে ৷

দোৰোণ শাক:

  • মেলেৰিয়া, নিউমোনিয়া, স্বাস-প্ৰস্বাসজনিত ৰোগ, কফ, জণ্ডিছ, কৃমি, অভোক আদি ৰোগত দোৰোণ শাক বৰ উপকাৰী ৷
  • পানীলগা জ্বৰ বা স্বাস-প্ৰস্বাসজনিত ৰোগত দোৰোণ শাক অতি উপকাৰী ৷
  • শিশুক মৌৰ ৰসৰ লগত সিজাই খুৱালে যথেষ্ট উপকাৰিতা লাভ কৰিব পাৰে৷
  • ছাইনাছাইটিছ্ ৰোগত নাকেৰে এই ৰস ল’লে ৰোগ নিৰ্মূল হয় ৷

ভেদাইলতা:

  • ভেদাইলতা শাকে আমাৰ শৰীৰত যথেষ্ট শক্তি প্ৰদান কৰে ৷
  • পেটৰ ৰোগ, ৰুচি নোহোৱা, পেটৰ সৈতে জড়িত সমস্যাৰ ক্ষেত্ৰত ই উপকাৰী ৷
  • বাতবিষ, বুকুৰ বিষত সুফল পাব পাৰি ৷
  • ফোঁহা বা কটা-চিঙাত ভেদাইলতা ডাল-পাত থেতেলাই প্ৰলেপ দিব লাগে ৷

লগতে পঢ়ক: কাঠবাদাম খোৱাৰ সময়ত আপুনিও কৰে নেকি এই ভুল ? তেন্তে লাভৰ পৰিৱৰ্তে হ’ব লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.