ETV Bharat / entertainment

জন আব্ৰাহামৰ বেদাৰ একশ্যন-প্যাক টিজাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 2:09 PM IST

Vedaa Teaser Out: John Abraham, Sharvari and Tamannaah Fight It out against All Odds - Watch
বেদা’ৰ টিজাৰ মুকলি

Vedaa Teaser Out: ‘বেদা’ৰ টিজাৰ মুকলি ৷ জন আব্ৰাহাম আৰু শৰ্বাৰী ৱাগক দেখা গৈছে একশ্যন অৱতাৰত । তামান্না ভাটিয়াৰো আভাসো দেখা গৈছে টিজাৰত ।

চিটাৰা ডেস্ক, ১৯ মাৰ্চ: আজি মুকলি হ’ল জন আব্ৰাহাম আৰু শৰ্বাৰী ৱাগৰ ছবি ‘বেদা’ৰ জোৰদাৰ টিজাৰ । টিজাৰত জন আব্ৰাহাম আৰু শৰ্বাৰী ৱাগক সম্পূৰ্ণ একশ্যন অৱতাৰত দেখা গৈছে । টিজাৰটোত শৰ্বাৰী ৱাগে চৰকাৰী ব্যৱস্থাৰ বিৰুদ্ধে মাত মতা দেখা গৈছে । ইফালে জন আব্ৰাহামক তেওঁৰ ৰক্ষক হিচাপে যুঁজ দিয়া দেখা গৈছে ।

‘বেদা’ৰ টিজাৰৰ আৰম্ভণি হয় শৰ্বাৰী ৱাগৰ একশ্যন অৱতাৰৰ পৰা । যিয়ে নিজৰ অধিকাৰৰ বাবে যুঁজ দিয়া দেখা যায় । ইয়াৰ পিচত জন আব্ৰাহামৰ প্ৰৱেশ ঘটে আৰু কয় – মই কাজিয়া কৰিব নাজানো, কিন্তু মই যুঁজিব জানো । ইয়াৰ পিচত শত্ৰুৱে তেওঁৰ পৰিচয় সোধাত তেওঁ নিজকে পিতৃ বুলি কয় । ‘বেদা’ৰ টিজাৰত তামন্না ভাটিয়াকো দেখা যায় । তামান্না আৰু জনৰ কেমিষ্ট্ৰী টিজাৰত দেখা যায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

১২ জুলাইত মুক্তি পাব ‘বেদা’

জী ষ্টুডিঅ’ৰ প্ৰযোজনাত নিৰ্মিত একশ্যন ছবি ‘বেদা’ৰ পৰিচালনা কৰিছে নিখিল আদৱানীয়ে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জন আব্ৰাহাম আৰু শৰ্বাৰী ৱাগে । ইয়াৰ উপৰিও অভিষেক বেনাৰ্জী আৰু তামান্না ভাটিয়াকো দেখা যাব ছবিখনত । চলিত বৰ্ষৰ ১২ জুলাইত ছবিগৃহত মুক্তি পাব ‘বেদা’ ।

ডেৰ বছৰৰ পিচত পৰ্দালৈ উভতি আহিছে জন

উল্লেখ্য যে, জন আব্ৰাহাম ডেৰ বছৰৰ পিচত ‘বেদা’ৰ জৰিয়তে পৰ্দালৈ ঘূৰি আহিছে । অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল শ্বাহৰুখ খান অভিনীত ছবি ‘পাঠান’ত । ছবিখনত জনক খলনায়কৰ চৰিত্ৰত দেখা গৈছিল আৰু ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক: এয়াৰ হোষ্টেছ হৈ সোণৰ বিস্কুট লাভ টাবু-কৃতি-কৰীণাৰ, চাওক ক্ৰুৰ মনোৰঞ্জনমূলক ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.