ETV Bharat / entertainment

এয়াৰ হোষ্টেছ হৈ সোণৰ বিস্কুট লাভ টাবু-কৃতি-কৰীণাৰ, চাওক ক্ৰুৰ মনোৰঞ্জনমূলক ট্ৰেইলাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:04 PM IST

Crew Trailer Release: মুক্তি লাভ কৰিছে টাবু, কৃতি ছেনন আৰু কৰীণা কাপুৰ খানৰ আগন্তুক ছবি ‘ক্ৰু’ৰ মনোৰঞ্জনমূলক ট্ৰেইলাৰ । ২০২৪ চনৰ ২৯ মাৰ্চত ছবিগৃহত মুক্তি পাব ।

Crew Trailer: Kareena Kapoor, Tabu and Kriti Sanon Are Set to Take off a Hilarious and Quirky Flight
ক্ৰু ট্ৰেইলাৰ

চিটাৰা ডেস্ক, ১৬ মাৰ্চ: মুক্তি লাভ কৰিছে টাবু, কৃতি ছেনন আৰু কৰীণা কাপুৰ খানৰ আগন্তুক ছবি ‘ক্ৰু’ৰ মনোৰঞ্জনমূলক ট্ৰেইলাৰ । ২৯ মাৰ্চত ছবিগৃহত মুক্তি পাব এই ছবিখন ৷ ইয়াৰ পূৰ্বে নিৰ্মাতাই আজি মুকলি কৰিছে ছবিখনৰ ট্ৰেইলাৰ । চাচপেন্স, কমেডী আৰু মনোৰঞ্জনেৰে ভৰা ছবিখন পৰিচালনা কৰিছে ৰাজেশ কৃষ্ণনে ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘ক্ৰু’ৰ ট্ৰেইলাৰ কেনেকুৱা ?

‘ক্ৰু’ৰ ট্ৰেইলাৰৰ আৰম্ভণি হয় কৰীণা কাপুৰ, টাবু আৰু কৃতি ছেননৰ জোৰদাৰ লুকৰ পৰা । ইয়াৰ পিচত তিনিওগৰাকীকে পেছাদাৰী ৰূপত দেখা যায় । ছবিখনত এয়াৰ হোষ্টেছৰ চৰিত্ৰত অভিনয় কৰা তিনিগৰাকী অভিনেত্ৰী নিজৰ পেছা আৰু মধ্যবিত্তীয় জীৱনক লৈ অশান্তিত ভুগি থকা দেখা যায় । ইয়াৰ মাজতে তিনিওগৰাকীয়ে লাভ কৰে সোণৰ বিস্কুট । বোনাছৰ আশাত এয়াৰ হোষ্টেছসকলে চহকী জীৱন যাপন কৰিবলৈ কি কৰে তাৰ আভাস ট্ৰেইলাৰত দেখুওৱা হৈছে ।

২০২৪ চনৰ ২৯ মাৰ্চত মুক্তি পাব ‘ক্ৰু’

  • " class="align-text-top noRightClick twitterSection" data="">

‘ক্ৰু’ হ’ব মনোৰঞ্জন আৰু কমেডীৰে ভৰপূৰ ছবি যিয়ে মুম্বাইৰ তিনিগৰাকী সাধাৰণ এয়াৰ হোষ্টেছৰ কাহিনী দেখুৱাব ৷ যিয়ে নিজৰ সপোন পূৰণৰ বাবে ৰাওনা হয় যদিও বহু বিপদৰ সন্মুখীন হ’বলগীয়া হয় । যোৱা ২৪ ফেব্ৰুৱাৰীত ছবিখনৰ টিজাৰ মুকলি কৰা হৈছিল ৷

উল্লেখ্য যে, ৰাজেশ কৃষ্ণনৰ পৰিচালনাত নিৰ্মিত ‘ক্ৰু’ ছবিখন বালাজী টেলিফিল্মছ, এ কে এফ চি আৰু কমিউনিকেচন নেটৱৰ্ক প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত অনিল কাপুৰ, শোভা কাপুৰ, একতা কাপুৰ আৰু ৰিয়া কাপুৰে প্ৰযোজনা কৰিছে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কৰীণা কাপুৰ খান, কৃতি ছেনন আৰু টাবুৱে । উল্লেখযোগ্য যে, দিলজিৎ দোছাঞ্জক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যাব । ইয়াৰ উপৰিও কপিল শৰ্মাৰ বিশেষ ভূমিকাও আছে ।

লগতে পঢ়ক: অদা শৰ্মাৰ বস্তৰ-দ্য নক্সাল ষ্ট’ৰীয়ে প্ৰথম দিনা কিমান টকা উপাৰ্জন কৰিলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.