ETV Bharat / entertainment

এবছৰৰ ভিতৰতে অনুপমা ছিৰিয়েলৰ দুগৰাকী অভিনেতাৰ মৃত্যু, দুয়োৰে মৃত্যুৰ কাৰণো একে

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 1:46 PM IST

Anupama fame two actors death: এবছৰৰ ভিতৰত মৃত্যু ‘অনুপমা’ ধাৰাবাহিকৰ দুগৰাকী অভিনেতাৰ ৷ ঋতুৰাজ কে সিং আৰু নীতিশ পাণ্ডেৰ মৃত্যু ৷

Two actors of Anupama serial died within a year,Rituraj K singh Nitesh Pandey death,
অনুপমা ছিৰিয়েলৰ দুগৰাকী অভিনেতাৰ মৃত্যু

চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী: টেলিভিছন উদ্যোগৰ জনপ্ৰিয় অভিনেতা ঋতুৰাজ কে সিঙৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে । সোমবাৰে নিশা ইহলীলা ত্যাগ কৰে অভিনেতাগৰাকীয়ে । ৫৯ বছৰ বয়সত হাৰ্ট এটাকত হৈ মৃত্যু হয় অভিনেতাগৰাকীৰ । এইখিনিতে উল্লেখ কৰিব লাগিব যে, এইকেইদিন অভিনেতাগৰাকীক টিভি শ্ব’ ‘অনুপমা’ত দেখা পোৱা গৈছিল । দৰ্শকে ধাৰাবাহিকখনত তেওঁৰ চৰিত্ৰটো অতিশয় ভাল পাইছিল, যদিও এতিয়াৰে পৰা আৰু যশপালৰ চৰিত্ৰ দেখা নাযাব অনুপমাত ।

ঋতুৰাজৰ দৰেই মৃত্যু হৈছিল নীতিশ পাণ্ডেৰো

যোৱা বছৰ ‘অনুপমা’ খ্যাত নীতিশ পাণ্ডেৰ দেহাৱসান ঘটিছিল । কিন্তু নীতিশৰ মৃত্যুৰ এবছৰ পাৰ নৌহওঁতেই শ্ব’টোৰ পৰা আন এজন অভিনেতাই মৃত্যুক আকোৱালি লয় । ঋতুৰাজ কে সিঙৰ দৰে নীতিশ পাণ্ডেৰো হাৰ্ট এটাকত মৃত্যু হৈছিল । তেওঁৰ মৃত্যুৰো খবৰ ঋতুৰাজৰ দৰেই হঠাৎ পোৱা গৈছিল । নাচিকৰ সমীপৰ ইগাটপুৰীত অভিনেতাগৰাকীৰ হাৰ্ট এটাক হৈছিল । এনে ক্ষেত্ৰত ঋতুৰাজৰ মৃত্যুৰ খবৰে আচৰিত কৰি তুলিছে অনুৰাগীক ।

শ্ব’টোত অনুপমাৰ স্বামী অনুজৰ বন্ধুৰ চৰিত্ৰত নীতিশ পাণ্ডেই অভিনয় কৰাৰ বিপৰীতে শ্ব’টোত পাঁচ বছৰীয়া লিপৰ পিচত নীতিশ পাণ্ডেই এটা নতুন এণ্ট্ৰিৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ নাম আছিল যশদীপ । এই চৰিত্ৰত তেওঁক ৰেষ্টুৰেণ্টৰ মালিক হিচাপে দেখা গৈছিল, যিয়ে অনুপমাক চাকৰি দিছিল । তেওঁ শ্ব’টোত অংশগ্ৰহণ কৰাৰ পিচতে হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । ইয়াৰ কিছুদিন পিচতে তেওঁৰ দেহাৱসান ঘটিছিল ৷

এই শ্ব’বোৰত কাম কৰিছিল ঋতুৰাজ আৰু নীতিশ পাণ্ডেই

‘অনুপমা’ৰ উপৰিও ঋতুৰাজ কে সিঙে টেলিভিছন, অ’টিটি আৰু বহু ছবিত কাম কৰিছে । বহু বছৰ ধৰি তেওঁ নিজৰ অভিনয় দক্ষতাৰে অনুৰাগীক আপ্লুত কৰি আহিছে । টেলিভিছনত ঋতুৰাজে আন বহু টিভি শ্ব’ যেনে ‘য়েহ ৰিষ্টা ক্যা কেহলাতা হে’, ‘ত্ৰিদেৱিয়া’, ‘দিয়া অৰ বাতি হম’ আদিত কাম কৰি আহিছে । আনহাতে, ‘অনুপমা’, ‘কুচ তো লগ কাহেংগে’, ‘পিয়াৰ কা দৰদ হে মিঠা মিঠা প্যাৰা প্যাৰা’, ‘এক ৰিষ্ঠা সাজেদৰী কা’ আদি শ্ব’ৰ বাবে পৰিচিত নিতেশ পাণ্ডে ।

লগতে পঢ়ক: হাৰ্ট এটাকত মৃত্যু টিভি অভিনেতা ঋতুৰাজ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.