ETV Bharat / entertainment

হাৰ্ট এটাকত মৃত্যু টিভি অভিনেতা ঋতুৰাজ সিঙৰ

Rituraj Singh Death: টিভি অভিনেতা ঋতুৰাজ সিঙৰ দেহাৱসান । হাৰ্ট এটাকৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

TV actor Rituraj Singh passed away at age of 59
অভিনেতা ঋতুৰাজ সিঙৰ দেহাৱসান
author img

By ETV Bharat Assamese Team

Published : February 20, 2024 at 11:12 AM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী: মনোৰঞ্জন জগতৰ পৰা আহিছে এটা বেয়া খবৰ ৷ টিভিৰ পৰা বলীউডলৈকে নিজৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰা অভিনেতা ঋতুৰাজ সিং আৰু নাই । জানিব পৰা মতে সোমবাৰে নিশা হৃদযন্ত্ৰ বন্ধ হৈ ঋতুৰাজ সিঙৰ মৃত্যু হয় । ‘অপনি বাত’, ‘জ্যোতি’, ‘হিটলাৰ দিদি’, ‘শপথ’, ‘ৱাৰিয়ৰ হে’, ‘আহাট’, ‘আদালত’, ‘দিয়া ঔৰ বাতি’ আদি বহু টিভি ধাৰাবাহিকত দেখা গৈছিল অভিনেতাগৰাকীক ৷ আনকি টিভিৰ বৰ্তমানৰ জনপ্ৰিয় শ্ব’ ৰূপালী গাংগুলীৰ 'অনুপমা'তো দেখা গৈছিল অভিনেতাগৰাকীক ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ । ইফালে অভিনেতাগৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে ৷

অমিত বাহলে নিশ্চিত কৰিছে তেওঁৰ মৃত্যুৰ খবৰ

খবৰ অনুসৰি সোমবাৰে অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীত ঋতুৰাজ সিং হঠাৎ কাৰ্ডিয়েক এৰেষ্টত আক্ৰান্ত হয়, তাৰ পিচত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি অগ্ন্যাশয় সম্পৰ্কীয় সমস্যাত ভুগি আছিল অভিনেতাগৰাকী । এতিয়া তেওঁৰ হঠাৎ মৃত্যুৱে কেৱল পৰিয়ালকে নহয়, অনুৰাগীকো গভীৰভাৱে স্তম্ভিত কৰি তুলিছে । অভিনেতাগৰাকীৰ ঘনিষ্ঠ বন্ধু অমিত বাহলে এই খবৰ নিশ্চিত কৰি শোক প্ৰকাশ কৰিছে ।

অমিত বাহলে কয়, ‘‘হয়, হৃদযন্ত্ৰ বন্ধ হোৱাৰ বাবে ঋতুৰাজ সিঙৰ মৃত্যু হৈছে । কিছুদিন পূৰ্বে পেনক্ৰিয়াটাইটিছৰ চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ঘৰলৈ উভতি অহাৰ পিচত তেওঁৰ হৃদযন্ত্ৰৰ জটিলতা দেখা দিয়ে আৰু তেওঁৰ মৃত্যু হয় ।’’

উল্লেখ্য যে, ১৯৯৩ চনত জি টিভিত প্ৰচাৰিত তেওঁৰ টিভি শ্ব’ ‘বানেগী আপনি বাত’ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল । ইয়াৰ পিচত তেওঁ ‘হিটলাৰ দিদি’, ‘জ্যোতি’, ‘শপথ’, ‘আদালত’, ‘আহাট’, ‘দিয়া ঔৰ বাতি’, ৱাৰিয়ৰ হে’, ‘লাডো ২’ আদি ধাৰাবাহিকতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

লগতে পঢ়ক: আমিৰ খানৰ অনস্ক্ৰীণৰ সৰু কন্যা সুহানী ভাটনাগৰ আৰু নাই