ETV Bharat / entertainment

প্ৰথম দিনা কিমান উপাৰ্জন কৰিলে আৰ মাধৱন অভিনীত ভৌতিক ছবি চয়তানে ?

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 11:05 AM IST

Shaitaan Box Office Day 1 Ajay Devgan R Madhavan  and Jyothika Thriller Earns over Rs 14 Cr On Its First Day
চয়তান বক্স অফিচ

Shaitaan Box Office Collection Day 1: মুক্তিৰ দিনাই বক্স অফিচত অজয় ​​দেৱগনৰ ছবি ‘চয়তান’এ আলোড়নৰ সৃষ্টি কৰিছে । ছবিখনৰ প্ৰথম দিনাৰ উপাৰ্জনৰ বিষয়ে জানো আহক ৷

চিটাৰা ডেস্ক, ৯ মাৰ্চ: অজয় ​​দেৱগন আৰু আৰ মাধৱনৰ ২০২৪ বৰ্ষৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘চয়তান’ এই শুকুৰবাৰে চিনেমাগৃহত মুক্তি পালে । এই ছবিখনৰ গাৰ নোম শিয়ৰি উঠা ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচৰে পৰা ‘চয়তান’ক লৈ যথেষ্ট উন্মাদনা দেখা গৈছিল অনুৰাগীৰ মাজত ৷ যাৰ বাবে ছবিখনৰ মুক্তিৰ বাবে অনুৰাগীয়েও আগ্ৰহেৰে বাট চাই আছিল । এতিয়া মহাশিৱৰাত্ৰি উপলক্ষে, নিৰ্মাতাই ছবিগৃহত মুকলি কৰিলে 'চয়তান' । মুক্তিৰ লগে লগে প্ৰথম দিনাই বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে ছবিখনে ৷ এই প্ৰতিবেদনত জানো আহক অজয় ​​দেৱগন অভিনীত ছবি মুক্তিৰ প্ৰথম দিনাই কিমান কোটি টকা উপাৰ্জন কৰিলে ৷

মুক্তিৰ প্ৰথম দিনাই কিমান সংগ্ৰহ কৰিলে ‘চয়তান’এ ?

ভৌতিক ছবি ‘চয়তান’ মুক্তিৰ পূৰ্বেই ইয়াক লৈ যথেষ্ট উন্মাদনা দেখিবলৈ পোৱা গৈছিল । SACNILC ৰ প্ৰতিবেদন অনুসৰি ছবিখনৰ প্ৰথম দিনটোৰ বাবে ১.৭৬ লাখ টিকটৰ প্ৰি-চেল কৰা হৈছিল আৰু অগ্ৰিম বুকিঙত ৪.১৪ কোটি টকা উপাৰ্জন কৰিছিল ৷ ইফালে ছবিগৃহত মুক্তিৰ লগে লগে ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । প্ৰথম দিনাই ‘চয়তান’ চোৱা দৰ্শকে ছ’চিয়েল মিডিয়াত প্ৰশংসা কৰিছে আৰু আনকি চলিত বৰ্ষৰ ২০২৪ চনৰ ব্লকবাষ্টাৰ ছবি বুলিও অভিহিত কৰিছে । অৱশ্যে সমালোচকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

Sacknilk ৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ প্ৰথম দিনাই ‘চয়তান’এ ১৪.৫০ কোটি টকা সংগ্ৰহ কৰিছে ।

২০২৪ বৰ্ষৰ ব্লকবাষ্টাৰ ছবি হ’ব পাৰে ‘চয়তান’ !

ছবিখনৰ বাজেটৰ কথা ক’বলৈ গ’লে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘চয়তান’ৰ বাজেট ৬০ৰ পৰা ৬৫ কোটি টকা । এনে পৰিস্থিতিত ছবিখনে প্ৰথম দিনাই ১০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে । এনে পৰিস্থিতিত ছবিখনৰ বাজেট আদায় কৰাটো বৰ কঠিন নহ’ব, আনহাতে যদি এই ছবিখনে ছুটিৰ দিনত (দেওবাৰে) অধিক সংগ্ৰহ কৰে, তেন্তে আশা কৰিব পাৰি যে ই ২০২৪ চনৰ ব্লকবাষ্টাৰ ছবি হ’ব পাৰে ।

লগতে পঢ়ক: আল্লু অৰ্জুনৰ পুষ্পা-২ত দেখা যাব বলীউডৰ এইগৰাকী ছুপাৰষ্টাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.