ETV Bharat / entertainment

সুশান্ত সিং ৰাজপুতৰ গোচৰত ৰিয়া চক্ৰৱৰ্তীক আদালতৰ সকাহ

Sushant Singh Rajput Case: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় চাৰি বছৰ হ’ল যদিও তেওঁৰ মৃত্যুৰ ৰহস্য এতিয়াও সমাধান হোৱা নাই । তেওঁৰ মৃত্যুৰ পিচত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল । ইয়াৰ পিচতে আদালতে তেওঁৰ বিদেশ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছিল । এতিয়া শেহতীয়াকৈ বহুদিনৰ মূৰত মুম্বাইৰ বিশেষ আদালতে এক বৃহৎ সকাহ দিয়ে অভিনেত্ৰীগৰাকীক ।

Rhea Chakraborty and her brother granted permission to travel abroad
ৰিয়া চক্ৰৱৰ্তীক আদালতৰ সকাহ
author img

By ETV Bharat Assamese Team

Published : March 7, 2024 at 2:14 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ৭ মাৰ্চ: ২০২০ চনৰ ১৪ জুনত মৃত্যু হৈছিল বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ । অভিনেতাজনৰ মৃত্যুৰ পিচত তেওঁৰ পৰিয়ালে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্ত সিং ৰাজপুতক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল । দীৰ্ঘদিনীয়া তদন্তৰ অন্তত অভিনেত্ৰীগৰাকীক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।

অৱশ্যে ২৮ দিনৰ অন্তত জামিনত জেইলৰ পৰা মুকলি কৰি দিয়া হয় অভিনেত্ৰীগৰাকীক । সুশান্ত সিং ৰাজপুতৰ গোচৰৰ পিচত আদালতত ৰিয়া চক্ৰৱৰ্তীৰ বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও এতিয়া এই বিষয়ত অভিনেত্ৰীগৰাকীয়ে সকাহ পাইছে, কাৰণ তেওঁ মুম্বাইৰ বিশেষ আদালতৰ পৰা বিদেশ ভ্ৰমণৰ অনুমতি লাভ কৰিছে ।

চলিত মাহৰ শেষত বিদেশ ভ্ৰমণ কৰিব ৰিয়া চক্ৰৱৰ্তীয়ে

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত ড্ৰাগছ গোচৰৰ অভিযুক্ত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক পৰিয়ালৰ সৈতে বিদেশলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে মুম্বাইৰ এখন বিশেষ আদালতে । আদালতে তেওঁক শ্ৰীলংকালৈ গৈ হোলী উদযাপনত অংশগ্ৰহণ কৰিবলৈও অনুমতি প্ৰদান কৰে । এন ডি পি এছ আইনৰ সৈতে জড়িত গোচৰৰ শুনানি বিশেষ আদালতৰ ন্যায়াধীশ কে পি ক্ষীৰসাগৰে তেওঁৰ এই আবেদন মানি লয় ।

আদালতে তেওঁৰ ভাতৃ তথা গোচৰৰ সহ-অভিযুক্ত শ্বোইক চক্ৰৱৰ্তীয়ে দাখিল কৰা একেধৰণৰ আবেদনৰ অনুমতি প্ৰদান কৰে । ২০২০ চনৰ ছেপ্টেম্বৰ মাহত এই গোচৰত ৰিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল । গ্ৰেপ্তাৰ হোৱাৰ প্ৰায় এমাহৰ পিচতে বম্বে উচ্চ ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে । এই গোচৰত ৰিয়াৰ উপৰিও তেওঁৰ ভাতৃ শ্বৌভিককে ধৰি বহুকেইজন অভিযুক্ত আছে ।

কিছুদিন পূৰ্বে শ্বেতা সিং কীৰ্তিয়ে ভাতৃ সুশান্তৰ মৃত্যুৰ কথা কৈছিল

সুশান্ত সিং ৰাজপুতৰ জ্যেষ্ঠ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে শেহতীয়াকৈ ভায়েকক মনত পেলাই কৈছিল যে তেওঁৰ ভায়েক অতি শক্তিশালী আৰু সকলোৰে সৈতে যুঁজিব জানে, সেয়েহে তেওঁ কেতিয়াও এনে পদক্ষেপ ল’ব নোৱাৰে । শ্বেতাই ক’লে যে তেওঁ মাত্ৰ জানিব বিচাৰিছে সুশান্তৰ সৈতে কি হৈছিল ।

উল্লেখ্য যে, যেতিয়া সমগ্ৰ দেশ Corona ভাইৰাছৰ ভয়াৱহতাৰ সন্মুখীন হৈছিল, তেতিয়া সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰ আহিছিল, যিয়ে সকলোকে আচৰিত কৰি তুলিছিল । বান্দ্ৰাৰ নিজৰ এপাৰ্টমেণ্টত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল অভিনেতাজন ।

লগতে পঢ়ক: ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ প্ৰকাশ কৰিলে জয়া বচ্চনে