ETV Bharat / entertainment

মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিল ৰশ্মিকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 12:56 PM IST

Rashmika's flight makes emergency landing: ৰশ্মিকা মন্দান্নাক লৈ আহিছে এক চাঞ্চল্যকৰ খবৰ । মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে অভিনেত্ৰীগৰাকীৰ । ঘটনাৰ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Rashmika's flight makes emergency landing: Know the reason
কথমপি প্ৰাণ ৰক্ষা পৰিল ৰশ্মিকাৰ

চিটাৰা ডেস্ক, ১৮ ফেব্ৰুৱাৰী: চলচ্চিত্ৰৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় ৰশ্মিকা মন্দান্না। প্ৰতিদিনে পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে জড়িত হৈ থাকে অভিনেত্ৰীগৰাকী । কেৱল এয়াই নহয়, পোষ্টৰ জৰিয়তে দৈনন্দিন জীৱনৰ সৈতে জড়িত কাহিনীও শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ।

এতিয়া শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ যিটো পোষ্ট দেখি স্তম্ভিত হৈ পৰিছে অনুৰাগী । শেহতীয়া ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰি ৰশ্মিকাই জনাইছে যে তেওঁৰ লগত এনেকুৱা এটা ঘটনা ঘটিছে, যিটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে অভিনেত্ৰীগৰাকীৰ ।

মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিল ৰশ্মিকা

আচলতে অভিনেত্ৰীগৰাকী শেহতীয়াকৈ বিমানেৰে যাত্ৰা কৰিছিল । এই সময়চোৱাত অভিনেত্ৰীগৰাকী যিখন বিমানেৰে যাত্ৰা কৰিছিল, সেই বিমানখনৰ জৰুৰীকালীন অৱতৰণ হৈছিল । অভিনেত্ৰীগৰাকীয়ে নিজেই এই তথ্য ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে দিছে ।

Rashmika's flight makes emergency landing: Know the reason
ৰশ্মিকাৰ পোষ্ট

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টা ষ্ট’ৰীত এখন ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক বিমানখনত নিজৰ আসনত বহি থকা দেখা গৈছে । এই ছবিখন শ্বেয়াৰ কৰি ৰশ্মিকাই লিখিছে, ‘‘মাত্ৰ এটা তথ্য যে এইদৰে আমি মৃত্যুৰ পৰা ৰক্ষা পৰিছো ।’’ অভিনেত্ৰী শ্ৰদ্ধা দাসকো এই ছবিখনত ৰশ্মিকাৰ সৈতে দেখা গৈছে । ৰশ্মিকাৰ এই পোষ্টটো প্ৰকাশ পোৱাৰ লগে লগে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত । অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক লৈ চিন্তিত হৈ পৰে, কিন্তু চিন্তাৰ কোনো কাৰণ নাই, ৰশ্মিকা এতিয়া একেবাৰে ঠিকে আছে ।

খবৰ অনুসৰি কোৱা হৈছে যে যিখন বিমানেৰে ৰশ্মিকা যাত্ৰা কৰিছিল, সেই বিমানখনে ৩০ মিনিটৰ পিচত কিছু কাৰিকৰী ত্ৰুটিৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল । এই বিমানখন মুম্বাইৰ পৰা হায়দৰাবাদলৈ গৈ আছিল । কিন্তু ই জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হোৱাত বিমানখন মুম্বাইলৈ উভতি আহিল । অৱশ্যে ভাল খবৰটো হ’ল এই ঘটনাত কাৰো কোনো ক্ষতি হোৱা নাই আৰু সকলোৱে সুৰক্ষিত ।

লগতে পঢ়ক: সুহানীৰ মৃত্যুত ভাঙি পৰিছে দংগলৰ সহ অভিনেত্ৰী জাইৰা ৱাছিম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.