ETV Bharat / entertainment

সুহানীৰ মৃত্যুত ভাঙি পৰিছে দংগলৰ সহ অভিনেত্ৰী জাইৰা ৱাছিম

Suhani Bhatnagar Death: দংগলৰ শিশু অভিনেত্ৰী সুহানী ভাটনাগৰৰ দেহাৱসান । সুহানীৰ মৃত্যুৰ পিচত আমিৰ খান আৰু পৰিচালক নিতেশ তিৱাৰীয়েও শোক প্ৰকাশ কৰিছে । এতিয়া জাইৰা ৱাছিমেও সহ অভিনেত্ৰী সুহানীৰ মৃত্যুক লৈ দুখ প্ৰকাশ কৰিছে ৷

Wish This Is A Rumour Dangal co-star Zaira Wasim react on Suhani Bhatnagar's death
সুহানীৰ মৃত্যুত স্তম্ভিত জাইৰা ৱাছিম
author img

By ETV Bharat Assamese Team

Published : February 18, 2024 at 10:38 AM IST

|

Updated : February 18, 2024 at 11:27 AM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১৮ ফেব্ৰুৱাৰী: আমিৰ খান অভিনীত দংগল ছবিত জুনিয়ৰ ববিতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰা সুহানী ভাটনাগৰ আৰু নাই । মাত্ৰ ১৯ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ জানিব পৰা মতে ডাৰ্মাট’মাইঅ’চাইটিছ নামৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় সুহানীয়ে ।

সুহানী ভাটনাগৰৰ মৃত্যুত দংগলৰ অভিনেতা-অভিনেত্ৰীসকল শোক প্ৰকাশ কৰিছে ৷ ইফালে চিনেমাৰ পৰা বিদায় লোৱা জাইৰা ৱাছিমেও সুহানীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । দংগল ছবিখনত জাইৰাই গীতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছিল ।

জাইৰা ৱাছিমৰ শোক প্ৰকাশ

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি সুহানীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে জাইৰা ৱাছিমে । প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে লিখিছে, "সুহানী ভাটনাগৰৰ মৃত্যুত মই ইমানেই স্তম্ভিত হৈছো যে মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো । এই কঠিন সময়ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । তেওঁৰ পিতৃ-মাতৃয়ে নিশ্চয় কি অৱস্থাৰ মাজেৰে পাৰ কৰিছে সেই কথা ভাবি মোৰ হৃদয় বিষাইছে ।’’

Wish This Is A Rumour Dangal co-star Zaira Wasim react on Suhani Bhatnagar's death
জাইৰা ৱাছিমৰ পোষ্ট

ইফালে সুহানীৰ সৈতে কটোৱা মুহূৰ্তবোৰ মনত পেলাই সংবাদ মাধ্যমৰ সৈতে কথা পাতি জাইৰা ৱাছিমে কয়, ‘‘মই এই বিষয়ে এইমাত্ৰ পঢ়িলোঁ, কিন্তু বিশ্বাস কৰিব পৰা নাই । এইটো উৰাবাতৰি হ’লে ভাল আছিল । খবৰটো মিছা হ’লে ভাল আছিল । খবৰ পোৱাৰ পৰাই মোৰ মনত তাইৰ লগত থকা মোৰ মুহূৰ্তৰ ফ্লেছবেক হৈছে । সুহানী খুব ধুনীয়া ব্যক্তিত্বৰ আছিল আৰু আমাৰ বহুত ভাল লগা স্মৃতি আছে একেলগে । সুহানীৰ মাক-দেউতাকে কি অৱস্থাৰ মাজেৰে পাৰ কৰিছে মই কল্পনাও কৰিব পৰা নাই । তেওঁলোকে শক্তি লাভ কৰিবলৈ প্ৰাৰ্থনা কৰোঁ ।’’

উল্লেখ্য যে, জাইৰা ৱাছিমে বলীউডৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছে । দংগলৰ উপৰিও আমিৰ খানৰ ছিক্ৰেট ছুপাৰষ্টাৰ আৰু প্ৰিয়ংকা চোপ্ৰা অভিনীত ছবি দ্য স্কাই ইজ পিংকত কাম কৰিছে জাইৰাই । কিন্তু এতিয়া চিৰদিনৰ বাবে এই উদ্যোগটোৰ পৰা বিদায় লৈছে জাইৰাই ৷

লগতে পঢ়ক: আমিৰ খানৰ অনস্ক্ৰীণৰ সৰু কন্যা সুহানী ভাটনাগৰ আৰু নাই

Last Updated : February 18, 2024 at 11:27 AM IST