ETV Bharat / entertainment

ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ দায়িত্ব স্বীকাৰ : এয়া ট্ৰেইলাৰহে আছিল, এয়া অন্তিম সতৰ্কবাণী - Firing in Salman Khan house

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 8:32 PM IST

Opened Fire Outside Salman's House: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ মুম্বাইস্থিত বাসগৃহ হাউছ গ্যালাক্সী এপাৰ্টমেণ্টৰ বাহিৰত আজি দুই আততায়ীয়ে চাৰি জাঁইকৈ গুলীচালনা কৰাৰ পিচতেই আৰক্ষীৰ হাতত আততাতীয়ে ব্যৱহাৰ কৰা বাইকখন ধৰা পৰে ৷ ইয়াৰ সমান্তৰালকৈ কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈইৰ ভাতৃ অনমোল বিষ্ণৈয়ে ছলমান খানৰ ঘৰৰ বাহিৰত হোৱা গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে । সামাজিক মাধ্যমৰ পোষ্টত, অনমোলে কয় যে, এইটো কেৱল এটা "ট্ৰেইলাৰ"হে।

Opened Fire Outside Salman's House
ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ দায়িত্ব স্বীকাৰ : এয়া ট্ৰেইলাৰহে আছিল, এয়া অন্তিম সতৰ্কবাণী

চিটাৰা ডেস্ক, 14 এপ্ৰিল : গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ভাতৃ অনমোল বিষ্ণৈয়ে দেওবাৰে বলীউড অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত হোৱা গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে । অনমোলে এটা সামাজিক মাধ্যমত পোষ্ট কৰি ছলমান এয়া প্ৰথমবাৰ আৰু শেষৰবাৰৰ বাবে সতৰ্কবাণী দিয়ে । এই পোষ্টটোত অনমোলে মুকলিকৈ গুলীচালনাৰ ঘটনাক কেৱল ট্ৰেইলাৰ বুলি কয় যে, ইয়াৰ পিচত গুলী ঘৰৰ বাহিৰত নহয়, তেওঁৰ শৰীৰত চলিব ৷

ছ'চিয়েল মিডিয়া পোষ্টত অন্তিম সতৰ্কবাণী

গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ভাতৃ অনমোল বিষ্ণৈয়ে ফেচবুকত পোষ্ট কৰি লিখে, 'আমি শান্তি বিচাৰো, অত্যাচাৰৰ বিৰুদ্ধে একমাত্ৰ সিদ্ধান্ত হৈছে যুদ্ধ, তেন্তে এনেকুৱাই হ'ব। ছলমান খান, আমি কেৱল আপোনাক এইটো ট্ৰেইলাৰহে দেখুৱাইছো ৷ যাতে আপুনি আমাৰ শক্তি বুজি পায় আৰু আমাক অত্যধিক পৰীক্ষা নলয় । এইটো প্ৰথম আৰু অন্তিম সতৰ্কবাণী ৷ ইয়াৰ পিচত, কেৱল ঘৰৰ বাহিৰত কোনো গুলীচালনা নহ'ব ৷"

দেওবাৰে পুৱা মুম্বাইৰ বান্দ্ৰাস্থিত চলমান খানৰ ঘৰৰ বাহিৰত দুজন অচিনাক্ত বাইক আৰোহীয়ে চাৰি ৰাউণ্ড গুলী চালনা কৰে । এই ঘটনাত কোনো লোক আহত হোৱা নাছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই ঘটনাৰ পিচতে বলীউডৰ অভিনেতাজনৰ ঘৰৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে । অপৰাধ শাখা, স্থানীয় আৰক্ষী আৰু ফৰেনচিক দলে অধিক অনুসন্ধানৰ বাবে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু খানৰ ঘৰৰ বাহিৰত গুলীচালনা কৰা বুলেটৰ কেচিং উদ্ধাৰ কৰে। কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈই আৰু গেংষ্টাৰ গোল্ডি ব্ৰাৰে চলমান খানক আগতে বহুবাৰ হত্যা কৰাৰ ভাবুকি দিছিল । লৰেন্স বিষ্ণৈইৰ দলটো পাঞ্জাৱী গায়ক আৰু ৰেপাৰ সিদ্ধু মুছেৱালাৰ হত্যাৰ বাবেও দায়ী আছিল।

প্ৰাথমিক তদন্তৰ পিচতে মুম্বাই আৰক্ষীয়ে ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা কৰাত ব্যৱহাৰ কৰা বাইকখন উদ্ধাৰ কৰিছে ৷ বাইকখন ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ মুম্বাই আৰক্ষীৰ সৈতে, অপৰাধ শাখাও ঘটনাস্থলীত উপস্থিত হৈছে অনুসন্ধান আৰম্ভ কৰিছে । এটা ফৰেনচিক দলো মাতি অনা হৈছে । আৰক্ষীৰ এটা দলে চিচিটিভি ফুটেজো পৰীক্ষা কৰিছে ।

লগতে পঢ়ক: ছলমান খানৰ বাসগৃহলৈ চাৰি জাঁই গুলী - Fired Outside Salman Khan house

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.