ETV Bharat / business

ৱাল্ট ডিজনী আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ একত্ৰীকৰণ চুক্তি সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 2:20 PM IST

Reliance Disney Merger: ৰিলায়েন্স-ডিজনী একত্ৰীকৰণ সন্দৰ্ভত মুকেশ আম্বানিয়ে কয় যে ই এক ঐতিহাসিক চুক্তি । ভাৰতীয় মনোৰঞ্জন উদ্যোগত এক নতুন যুগৰ আৰম্ভণি বুলি তেওঁ উল্লেখ কৰে । ৰিলায়েন্স আৰু ইয়াৰ সহযোগী সংস্থাসমূহৰ যুটীয়া উদ্যোগটোত মালিকানা ৬৩.১৬ শতাংশ হ'ব আনহাতে ডিজনীয়ে বাকী ৩৬.৮৪ শতাংশ ৰাখিব ।

Reliance Disney Merger
ৱাল্ট ডিজনী আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ একত্ৰীকৰণ চুক্তি সম্পন্ন

নেশ্যনেল ডেস্ক,২৯ ফেব্ৰুৱাৰী : অৱশেষত ৱাল্ট ডিজনী কৰ্পোৰেচন আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ একত্ৰীকৰণ হ'ল । বুধবাৰে ভাৰতত তেওঁলোকৰ মিডিয়া কাৰ্যকলাপ একত্ৰিত কৰি ৭০,০০০ কোটি টকাৰ এক চুক্তি স্বাক্ষৰ কৰে ।

ৰিলায়েন্স আৰু ইয়াৰ সহযোগী সংস্থাসমূহে যুটীয়া উদ্যোগটোত ৬৩.১৬ শতাংশ দখল কৰিব আনহাতে ডিজনীয়ে বাকী ৩৬.৮৪ শতাংশ ৰাখিব । ৰিলায়েন্সে ওটিটি ব্যৱসায় বৃদ্ধিৰ বাবে যুটীয়া উদ্যোগত প্ৰায় ১১,৫০০ কোটি টকা বিনিয়োগ কৰিবলৈ সন্মত হৈছে । ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিৰ পত্নী নীতা আম্বানিয়ে যুটীয়া উদ্যোগটোৰ মুৰব্বী হ'ব আৰু উদয় শংকৰ উপাধ্যক্ষ হ'ব ।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে বুধবাৰে একত্ৰীকৰণৰ কথা ঘোষণা কৰে । চুক্তিটো ২০২৪ চনৰ শেষ চতুৰ্থাংশত বা ২০২৫ চনৰ প্ৰথম চতুৰ্থাংশত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে । একত্ৰীকৰণ সম্পূৰ্ণ হোৱাৰ পিচত, নতুন উদ্যোগটো ৰিলায়েন্সে নিয়ন্ত্ৰণ কৰিব । য'ত আৰআইএলৰ ১৬.৩৪ শতাংশ, ভায়াকম১৮ৰ ৪৬.৮২ শতাংশ অংশীদাৰিত্ব থাকিব । একেদৰে ডিজনীৰ ৩৬.৮৪ শতাংশ অংশীদাৰিত্ব থাকিব ।

ডিজনীয়ে জেভি-ত নিয়ামক আৰু তৃতীয়-পক্ষৰ অনুমোদন সাপেক্ষে কিছুমান অতিৰিক্ত মিডিয়া সম্পদ অৰিহণা যোগাব পাৰে । জেভি হ'ব ভাৰতৰ মনোৰঞ্জন আৰু ক্ৰীড়া সমলৰ বাবে এক আগশাৰীৰ টিভি আৰু ডিজিটেল ষ্ট্ৰীমিং প্লেটফৰ্ম, যি মনোৰঞ্জন আৰু ক্ৰীড়া একত্ৰিত কৰিব । তাৰ ভিতৰত আছে জিঅ' চিনেমা আৰু হটষ্টাৰৰ জৰিয়তে টেলিভিছন আৰু ডিজিটেল প্লেটফৰ্মত উচ্চ প্ৰত্যাশিত অনুষ্ঠানৰ প্ৰৱেশাধিকাৰ । জেভিৰ সমগ্ৰ ভাৰতত ৭৫০ মিলিয়নতকৈও অধিক দৰ্শক থাকিব আৰু সমগ্ৰ বিশ্বৰ প্ৰবাসী ভাৰতীয়সকলকো সেৱা আগবঢ়াব ।

জেভিক ভাৰতত ডিজনী চলচ্চিত্ৰ আৰু প্ৰযোজনা বিতৰণ কৰাৰ একচেটিয়া অধিকাৰ প্ৰদান কৰা হ'ব, যাৰ সৈতে ৩০,০০০ তকৈও অধিক ডিজনী সমল সম্পদৰ অনুজ্ঞাপত্ৰ থাকিব ।

জেভিৰ সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মুকেশ আম্বানিয়ে কয় যে এয়া এক যুগান্তকাৰী চুক্তি যি ভাৰতীয় মনোৰঞ্জন উদ্যোগত এক নতুন যুগৰ সূচনা কৰে । ডিজনীক বিশ্বব্যাপী সৰ্বশ্ৰেষ্ঠ মিডিয়া গোট হিচাপে জনা যায় আৰু এই কৌশলগত যুটীয়া উদ্যোগটো গঠন কৰাত তেওঁ অতি উৎসাহী । তেওঁ ডিজনীক ৰিলায়েন্স গোটৰ মুখ্য অংশীদাৰ হিচাপে স্বাগতম জনায় ।

লগতে পঢ়ক :বিশ্বৰ ১০ টা শীৰ্ষ কোম্পানী কি কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.