ETV Bharat / bharat

মনোনয়নৰ বাবে আজিৰ দিনটোৱেই কিয় বাছনি কৰিলে প্ৰধানমন্ত্ৰীয়ে ? - PM Modi nomination

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 3:43 PM IST

PM Modi nomination: হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি আজিৰ দিনটোৰ বিশেষত্ব আছে । যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী আসনৰ বাবে মনোনয়ন দাখিল কৰে ।

PM Modi nomination
মনোনয়ৰ বাবে আজিৰ দিনটো কিয় বাছনি কৰিলে প্ৰধানমন্ত্ৰীয়ে ? (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৪ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে বাৰাণসী লোকসভা আসনৰ পৰা মনোনয়ন দাখিল কৰে । বগা পোছাকৰ লগতে নীলা ৰঙৰ জেকেট পৰিধান কৰি বাৰাণসীৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মোদী । বাৰাণসীত ১ জুনত লোকসভা নিৰ্বাচনৰ সপ্তম আৰু অন্তিম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

মনোনয়ন দাখিলৰ পূৰ্বে তেওঁ কাশীৰ গংগাৰ পাৰত থকা দশাশ্বমেধ ঘাটত প্ৰণাম কৰি নমো ঘাটলৈ যাত্ৰা কৰে । তেওঁ বাৰাণসীৰ কাল ভৈৰৱ মন্দিৰত প্ৰাৰ্থনা কৰে আৰু মন্দিৰত আৰতি আগবঢ়ায় ।

কিন্তু প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটো মনোনয়ন দাখিলৰ বাবে বাছনি কৰাৰ কেইবাটাও কাৰণ আছে । হিন্দু ধৰ্মৰ মতে আজিৰ দিনটো এক পবিত্ৰ দিন, যাক গংগা সপ্তমী হিচাপে পালন কৰা হয় । গংগা সপ্তমী আৰু পুষ্য নক্ষত্ৰৰ বাবে এই দিনটো অতি গুৰুত্বপূৰ্ণ । ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত যিকোনো প্ৰচেষ্টাৰ সফলতা বৃদ্ধি কৰে আৰু মানুহৰ আকাংক্ষা পূৰণ হোৱাৰ সম্ভাৱনা থাকে ।

প্ৰধানমন্ত্ৰী মোদীয়ে মনোনয়ন দাখিল কৰাৰ বাবে পুৱা ১১.৪০ বজাত শুভ সময় হিচাপে বাছনি কৰিছিল কাৰণ সময়টো অভিজিৎ মুহুৰ্ত আৰু আনন্দ যোগ বুলি কোৱা হয় । জ্যোতিষ শাস্ত্ৰৰ মতে অভিজিৎ মুহুৰ্ত হৈছে দিনটোৰ অষ্টম মুহুৰ্ত, যি সূৰ্যোদয় আৰু সূৰ্যাস্তৰ মাজত হয় ।

মনোনয়ন দাখিলৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত থাকে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পবিত্ৰ সময় নিৰ্ধাৰণ কৰাৰ বাবে জনাজাত ব্ৰাহ্মণ সম্প্ৰদায়ৰ সদস্য পণ্ডিত গণেশৱাৰ শাস্ত্ৰীও মনোনয়ন কেন্দ্ৰৰ ভিতৰত উপস্থিত থাকে ।

লগতে পঢ়ক :আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন - PM Modi Nomination
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.