ETV Bharat / politics

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন - PM Modi Nomination

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 8:05 AM IST

PM Modi to file Nomination : কাশীৰ কোতৱালৰ অনুমতি লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসী আসনৰ বাবে দাখিল কৰিব মনোনয়ন পত্ৰ । অসমৰ মুখ্যমন্ত্ৰীকে ধৰি ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁক সংগ দিব । তীব্ৰ যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকললৈ ভিস্তাৰা এয়াৰলাইনছৰ বিশেষ আহ্বান ।

PM Modi Nomination
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন (ETV Bharat)

নেশ্যনেল ডেস্ক,১৪ মে': দেশত ইতিমধ্যে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে । এইবাৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ । ৰাজনৈতিক দলবোৰো নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে । ইয়াৰ মাজতে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসী আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব ।

কাশীৰ ৰক্ষক হিচাপে জনাজাত বিখ্যাত কোতৱাল কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মনোনয়ন পত্ৰ দাখিলৰ বাবে আগবাঢ়িব । তেওঁ পুষ্প্য নক্ষত্ৰত পুৱা ১১ বজাৰ পিচত কালেক্টৰেট প্ৰেক্ষাগৃহত মনোনয়ন দাখিল কৰিব ।

উল্লেখ্য যে পুষ্প্য নক্ষত্ৰত কৰা যিকোনো কামে আকাংক্ষিত সফলতা প্ৰদান কৰে বুলি কোৱা হয় । সম্ভৱতঃ এইকাৰণেই প্ৰধানমন্ত্ৰী মোদীয়ে এই বিশেষ ক্ষণত মনোনয়ন দাখিল কৰিব ।

ইফালে আজি গংগা সপ্তমীৰ উৎসৱ । এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে গংগা দেৱীক প্ৰণাম কৰিবলৈ দশাশ্বমেধ ঘাটলৈও যোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও, তেওঁ গংগাত স্নান কৰি নমো ঘাটলৈও যাব পাৰে । ইয়াৰ পিচত তেওঁ কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰিবলৈ যাব ।

প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাশীত কঠোৰ নিৰাপত্তা গঢ়ি তোলা হৈছে । মনোনয়ন পত্ৰ দাখিলৰ পিচত তেওঁ ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰত দলীয় কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব ।

প্ৰধানমন্ত্ৰী মোদীৰ মনোনয়নৰ সময়ত ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব । তাৰ ভিতৰত আছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাই, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ৰাজস্থান, হাৰিয়ানা, গোৱা, ছিকিম আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীও প্ৰধানমন্ত্ৰীক সংগ দিব । মনোনয়নৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

ইফালে প্ৰধানমন্ত্ৰীৰ মনোনয়ন দাখিলৰ বাবে বিশাল জনসমাগম হোৱাৰ আশংকা কৰা হৈছে । এনে পৰিস্থিতিত বাৰাণসী বিমানবন্দৰলৈ যোৱা পথত তীব্ৰ যান-জঁটৰ আশংকা কৰা হৈছে । সেয়েহে ভিস্তাৰা এয়াৰলাইনছে গ্ৰাহক তথা যাত্ৰীসকলক উদ্দেশ্যি বিশেষ আহ্বান জনাইছে । যাত্ৰীসকলক বিমানবন্দৰলৈ কিছু আগতীয়াকৈ আহিবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত বংগত সৰ্বোচ্চ আৰু জম্মু-কাশ্মীৰত সৰ্বনিম্ন ভোটদান - Lok Sabha Election 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.