ETV Bharat / bharat

Weekly Horoscope For 17th To 23rd March: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 5:17 AM IST

Weekly Horoscope For 17th To 23rd March: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

Weekly Horoscope For 17th To 23rd March 2024
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

মেষ ৰাশি: এই সপ্তাহত আপুনি নিজৰ কেৰিয়াৰ সম্পৰ্কে যথেষ্ট ব্যস্ত থাকিব ৷ চাকৰিয়াল লোকসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব, কিন্তু আপুনি নিজৰ পুৰণি চাকৰিটো কৰি থকাটোৱেই ভাল হ’ব ৷ আপুনি কৰি থকা অংশীদাৰী ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে অধ্যয়ন কৰা দেখা যাব ৷ প্ৰেম সম্পৰ্কৰ বাবে সময় শুভ ৷ বৈবাহিক জীৱনত সুখ থাকিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব, কিন্তু আপোনাৰ কিছুমান বেয়া অভ্যাসৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ ইতিমধ্যে কৰা বিনিয়োগৰ সম্পূৰ্ণ লাভ আপুনি পাব ৷ আপোনাৰ আয় ভাল হ’ব ৷ আৰ্থিক স্থিতি সুদৃঢ় হৈ থাকিব ৷ আপুনি নিজৰ খৰচ নিয়ন্ত্ৰণত সফল হ’ব ৷ কোনো নতুন বিনিয়োগ কৰাৰ আগতে কাৰোবাৰ পৰামৰ্শ লওক ৷ মাতৃৰ সান্নিধ্য লাভ কৰিব ৷

বৃষ ৰাশি: এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব, কিন্তু বতৰ পৰিৱৰ্তনৰ বাবে নিজৰ স্বাস্থ্যৰ যত্ন লওক ৷ আপুনি নিজৰ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীক ক’ৰবালৈ ভ্ৰমণলৈও লৈ যাব পাৰে ৷ আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ যদি আপুনি নিজৰ প্ৰেমৰ সংগীক সময় দিয়ে, তেন্তে সম্পৰ্কত আৰু অধিক মৰম চেনেহ দেখা পাব ৷ ব্যৱসায়ীসকলৰ বাবে এয়া এক শুভ সময় ৷ চাকৰিয়াল লোকসকলে তেওঁলোকৰ মুৰব্বীৰ পৰা প্ৰশংসা পাব ৷ আপোনাৰ আৰ্থিক স্থিতি ঠিকেই থাকিব ৷ ব্যয় অধিক হৈ থাকিব ৷ বিনিয়োগৰ বাবে এয়া শুভ সময় নহয় ৷ ঘৰত কিবা এটা অনুষ্ঠানৰ বাবে শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব নোৱাৰিব, কিন্তু বন্ধু-বান্ধৱীৰ সহায়ত ভাল প্ৰদৰ্শন কৰিব পাৰিব ৷ পেছাদাৰী কামত জড়িত লোকসকলে ভাল লাভ অৰ্জন কৰিব ৷ নতুন চুক্তি লাভ কৰিব ৷ আপুনি নিজৰ মনৰ কথা পিতৃৰ সৈতে ভাগ-বতৰা কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ লোকসকলৰ কথা ক’বলৈ গ’লে, বিবাহিত লোকসকলে পাৰিবাৰিক জীৱন উপভোগ কৰা দেখা যাব ৷ প্ৰেমৰ সম্পৰ্কৰ বাবেও এই সপ্তাহটো শুভ হ’ব ৷ অবিবাহিতসকলে ভাল জীৱন সংগী পাব ৷ পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় লাভ কৰিব ৷ ঘৰতে পূজা, পাঠ আদিৰ আয়োজন কৰা হ'ব ৷ চাকৰিয়াল লোকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ পাব ৷ ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণত সফল হ’ব ৷ শিক্ষাৰ্থীসকলে নিষ্ঠাসহকাৰে পঢ়া-শুনা কৰা দেখা যাব, কিন্তু কিছুমান মানুহে আপোনাৰ পঢ়া-শুনাত বাধাৰ সৃষ্টি কৰিব পাৰে ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ ব্যয় অধিক হৈ থাকিব ৷ ঘৰ মেৰামতিৰ বাবেও আপুনি বহুত ধন ব্যয় কৰিব ৷ সন্তানৰ শিক্ষাৰ বাবে অধিক ব্যয় হ’ব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ শিক্ষাৰ্থীসকলে নিজৰ প্ৰিয় বিষয় অধ্যয়নৰ সুযোগ পাব ৷

কর্কট ৰাশি: এই সপ্তাহটো আৰ্থিক স্থিতিৰ বাবে ভাল হ’ব ৷ ব্যৱসায় কৰা লোকসকলে নতুন চুক্তি লাভ কৰিব ৷ চাকৰি কৰা লোকসকলে চাকৰিৰ ক্ষেত্ৰত দিয়া কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব ৷ উচ্চ পদস্থ বিষয়াৰ পৰা ভাল খবৰ প্ৰাপ্ত কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ নিজৰ জীৱনত অন্য কোনো ব্যক্তিক হস্তক্ষেপ কৰিবলৈ নিদিব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলে প্ৰেমাস্পদৰ লগত সুখী হোৱা দেখা যাব ৷ আপুনি আপোনাৰ প্ৰেমাস্পদৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব ৷ লগতে তেওঁক আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত চিনাকি কৰাই দিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ শিক্ষাৰ্থীসকলে নিজৰ প্ৰিয় বিষয় অধ্যয়নৰ সুযোগ পাব ৷ আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ’ব ৷ ঘৰৰ বাবে যথেষ্ট ব্যয় হ’ব পাৰে ৷ ভাতৃ-ভগ্নীৰ উচ্চ শিক্ষাৰ বাবে আপুনি ধন বিনিয়োগ কৰিব ৷ মাতৃৰ সান্নিধ্য লাভ কৰিব ৷

সিংহ ৰাশি: সপ্তাহৰ আৰম্ভণিতে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় কটাব আৰু ধন সঞ্চয় কৰিবলৈ শিকিব, যাতে ভৱিষ্যতে কোনো সমস্যাৰ সন্মুখীন নহয় ৷ আপুনি নিজৰ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলে নিজৰ আন্তৰিক অনুভৱ প্ৰেমাস্পদৰ সৈতে ভাগ-বতৰা কৰিব ৷ আপোনালোকৰ সম্পৰ্কত প্ৰেম আৰু বিশ্বাস দেখা যাব ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে পঢ়া-শুনা কৰা দেখা যাব ৷ আপুনি নতুন প্ৰকল্প এটাটো কাম কৰিব পাৰিব ৷ আপোনাৰ আৰ্থিক স্থিতি ঠিকেই থাকিব ৷ চাকৰি কৰা লোকসকলে নিজৰ মুৰব্বীৰ সৈতে কথা পাতোঁতে কথা-বাৰ্তাৰ মধুৰতা বজাই ৰাখিব লাগিব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ কাৰো পৰামৰ্শত কোনো ধৰণৰ বিনিয়োগ নকৰিব, অন্যথা লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷

কন্যা ৰাশি: এই সপ্তাহত আপুনি পৰিয়ালৰ পৰা সহায় পাব ৷ পৰিয়ালৰ সৈতে কোনোবা ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব, য’ত সকলোকে অতি সুখী যেন দেখা যাব ৷ আত্মীয়-স্বজনৰ সহায়ত আয়ৰ উৎস লাভ কৰিব ৷ আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো পাৰ্টীতো অংশগ্ৰহণ কৰিব, য’ত আপুনি সকলোৰে সৈতে মত বিনিময় কৰিব ৷ সমাজৰ উন্নতিৰ হকে কাম কৰা লোকসকলৰ মান-সন্মান বৃদ্ধি হ’ব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ আপুনি নিজৰ জীৱন সংগীৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ’ব ৷ অবিবাহিত লোকসকলে জীৱনত নতুন সংগীৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ চাকৰিত পদোন্নতিৰ সুযোগ আহিব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যাব, যিটো তেওঁলোকৰ বাবে লাভজনক হ’ব ৷ ভাত-ভগ্নীৰ সহযোগিতা পাব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ আপুনি নিজৰ মনৰ কথা পিতৃ-মাতৃৰ সৈতে ভাগ-বতৰা কৰিব ৷

তুলা ৰাশি: এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে শুভ হ’ব ৷ শিক্ষাৰ্থীসকলে পৰীক্ষাত সাফল্য লাভ কৰিব ৷ চাকৰি কৰা লোকসকলে তেওঁলোকৰ জ্যেষ্ঠ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ নতুন সুযোগো উপলব্ধ হ’ব ৷ দৈনিক আয় বৃদ্ধি পাব ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ যদি আপুনি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব বিচাৰে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লওক ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ অবিবাহিতসকলৰ বিবাহৰ প্ৰস্তাৱ অনুমোদিত হ’ব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ যদি আপোনাৰ জীৱন সংগীয়ে আপোনাৰ ওপৰত খং কৰে, তেন্তে তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰক ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলৰ বাবে দিনটো শুভ হ’ব ৷ আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ’ব ৷ সন্তানৰ শিক্ষাৰ বাবে অধিক ধন ব্যয় কৰা হ’ব ৷ আপুনি পৰিয়ালৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব, যাৰ বাবেও আপোনাৰ বহুত ধন ব্যয় হ’ব ৷

বৃশ্চিক ৰাশি: এই সপ্তাহটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় কটাব আৰু ধন সঞ্চয় কৰিবলৈ শিকিব, যাতে ভৱিষ্যতে কোনো সমস্যা নহয় ৷ ব্যৱসায় কৰা লোকসকলে নতুন চুক্তি লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আৰ্থিক স্থিতি সুদৃঢ় হ’ব ৷ চাকৰি কৰি থকা লোকসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব, যাৰ ফলত অধিক উপাৰ্জন হ’ব ৷ গধুৰ কামৰ বোজাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব ৷ আপোনাৰ ঘৰখন সন্ধিয়া অতিথিৰে ভৰি পৰিব পাৰে, য’ত সকলোৱে বহুত ফূৰ্তি কৰা দেখা যাব ৷ ঘৰতে পূজা-পাতলৰ আয়োজন কৰা হ’ব ৷ চুবুৰীত অনুষ্ঠিত হৈ থকা অনুষ্ঠানবোৰত আপুনি নিজৰ পৰিয়ালৰ সৈতে অংশগ্ৰহণ কৰিব ৷ আপুনি ৰাজনীতিত সাফল্য লাভ কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ ঘৰ মেৰামতিৰ কামতো আপুনি অধিক ধন ব্যয় কৰিব ৷

ধনু ৰাশি: এই সপ্তাহত আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে কোনো নতুন কাম আৰম্ভ কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ প্ৰেম সম্পৰ্কত মধুৰতা থাকিব ৷ আপুনি আপোনাৰ প্ৰেমাস্পদক আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেও চিনাকি কৰাই দিব পাৰে ৷ আপোনালোকৰ সম্পৰ্কত অন্য কোনো ব্যক্তিক হস্তক্ষেপ কৰিবলৈ নিদিব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ বতৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব পাৰে ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ শিক্ষাৰ্থীসকলে কঠিন পৰিশ্ৰম কৰি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাব ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ চাকৰিয়াল লোকসকলে তেওঁলোকৰ মুৰব্বীৰ সহযোগিতা পাব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যাব, যিটো অতি লাভজনক হ’ব ৷ ভাতৃৰ বিবাহৰ প্ৰস্তাৱ অনুমোদিত হ'ব ৷ ঘৰত শুভ কাৰ্য্যৰ আয়োজন কৰা হ'ব, সকলোৱে একেলগে কাম কৰা দেখা যাব ৷ ঘৰত পূজা-পাতলৰ আয়োজন কৰা হ'ব ৷

মকৰ ৰাশি: যিসকল যুৱক-যুৱতীয়ে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকে সাফল্য লাভ কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত সম্পূৰ্ণ মনোযোগ দিব আৰু সাফল্য লাভ কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনাক আৰু অধিক পাৰিবাৰিক দায়িত্ব দিয়া হ’ব, যিটো আপুনি নিশ্চিতভাৱে পালন কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ দ্বাৰা কোনো নতুন কাম আৰম্ভ কৰাব পাৰে ৷ আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ অবিবাহিত লোকসকলৰ সম্পৰ্কৰ কথা ওলাব পাৰে ৷ আপুনি কোনো নতুন অংশীদাৰী ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিব, যাৰ বাবে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে পৰিয়ালৰ কল্যাণৰ হকে কাম কৰা দেখা যাব ৷ ঘৰৰ পৰা আঁতৰত থাকি চাকৰি কৰা লোকসকলৰ নিজ পৰিয়ালৰ কথা মনত পৰিব ৷ শিক্ষাৰ্থীসকলে বিদেশৰ পৰা শিক্ষালাভৰ সুযোগ প্ৰাপ্ত কৰিব ৷ আৰ্থিক স্থিতি সুদৃঢ় থাকিব ৷ দৈনিক আয় বৃদ্ধি হ’ব ৷ প্ৰেম সম্পৰ্কটো ভাল হ’ব ৷

কুম্ভ ৰাশি: এই সপ্তাহটো বিবাহিত জাতক/জাতিকাসকলৰ বাবে অতি শুভ হ’ব ৷ এই সপ্তাহত আপুনি নিজৰ জীৱন সংগীৰ ভাল গুণসমূহৰ বিষয়ে জানিব পাৰিব ৷ তেওঁলোকৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব ৷ প্ৰেম সম্পৰ্ক ভাল হ’ব ৷ প্ৰেম সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায়লৈ কিছু নতুন পৰিৱৰ্তন আনিব, য’ত অধিক ধন ব্যয় হ’ব ৷ চাকৰি কৰি থকা লোকসকলে সময়মতে কাম সম্পূৰ্ণ কৰিব লাগিব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে পঢ়া-শুনা কৰা দেখা যাব ৷ স্বাস্থ্যৰ প্ৰতি কৰা অসাৱধানতা ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব ৷ পাৰিবাৰিক জীৱনতো কিছু ব্যয় হ’ব পাৰে ৷ ভাতৃৰ বিবাহৰ ক্ষেত্ৰত আহি থকা বাধা-বিঘিনিৰ অন্ত পৰিব ৷ ঘৰত শুভ কাৰ্য্যৰ আয়োজন কৰা হ’ব ৷ সমাজৰ মংগলৰ বাবে কাম কৰা সকলে সন্মান পাব ৷

মীন ৰাশি: এই সপ্তাহে বিবাহিত লোকসকলৰ বাবে জীৱনলৈ সুখ কঢ়িয়াই আনিব ৷ আপুনি নিজৰ জীৱন সংগীৰ নামত কোনো নতুন কাম আৰম্ভ কৰিব পাৰে ৷ প্ৰেম সম্পৰ্কৰ বাবেও সময় অনুকূল হ’ব ৷ আপুনি নিজৰ প্ৰেমাস্পদক আপোনাৰ পৰিয়ালৰ সৈতে চিনাকি কৰাই দিব, যাতে আপোনালোকৰ বিবাহত আৰু পলম নহয় ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ বিদেশৰ পৰা আমদানি-ৰপ্তানিৰ কাম কৰা লোকসকলে সু-খবৰ শুনিবলৈ পাব ৷ ৰাজনীতিৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচৰাসকলৰ বাবে সময় শুভ ৷ শিশুসকলে নিষ্ঠাসহকাৰে পঢ়া-শুনা কৰা দেখা যাব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হোৱা দেখা যাব ৷ চাকৰি সলনি কৰিবৰ বাবে সময় শুভ ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ ব্যয় অধিক নহ’ব৷ ঘৰত পূজা-পাতলৰ আয়োজন কৰা হ'ব ৷ আপুনি নিজৰ মনৰ কথা পিতৃ-মাতৃৰ সৈতে ভাগ-বতৰা কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.