ETV Bharat / bharat

প্ৰথম বিবাহ বাৰ্ষিকীতে স্বামীক বিবাহ বিচ্ছেদৰ উপহাৰ পত্নীৰ - WOMAN SEEK DIVORCE TO BECOME IAS

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:52 AM IST

Updated : May 14, 2024, 11:30 AM IST

Woman Asked For Divorce to Become IAS : ইউ পি এছ চি পৰীক্ষাই বিভাজন মাতিলে এটা পৰিয়াললৈ ৷ বিবাহৰ প্ৰথম বাৰ্ষিকীতেই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’লে এগৰাকী মহিলাই ৷ স্বামীয়ে কাৰ্ধনী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে।

Woman Asked For Divorce to Become Ias
প্ৰথম বিবাহ বাৰ্ষিকীতে স্বামীক বিবাহ বিচ্ছেদৰ উপহাৰ পত্নীৰ (Etv Bharat assam)

নেশ্যনেল ডেস্ক, 14 মে’ : ৰাজস্থানৰ জয়পুৰত এক আচৰিত ঘটনা পোহৰলৈ আহিছে ৷ বিবাহৰ প্ৰথম বাৰ্ষিকীত স্বামীক বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ আগবঢ়ালে পত্নীয়ে ৷ পত্নীৰ প্ৰস্তাৱ শুনাৰ পিচতেই স্বামীয়ে হতবাক হৈ পৰে ৷

জানিব পৰা অনুসৰি, পত্নীয়ে ইউ পি এছ চি পৰীক্ষাত বিবাহ বিচ্ছেদৰ কোটাৰ সুবিধা ল'বলৈ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামীয়ে জয়পুৰৰ কাৰ্ধনী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে ।

স্বামীয়ে অভিযোগ কৰে যে যদি স্বামীয়ে বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰে, পত্নীয়ে তেওঁক ভুৱা গোচৰত ফচোৱাৰ ভাবুকি দিয়ে । ইয়াৰ সমান্তৰালকৈ পত্নীয়ে প্ৰতাপগড়ত স্বামীৰ বিৰুদ্ধে যৌতুক নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছে ।

কাৰ্ধনী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক আশীষ কুমাৰে জনোৱা অনুসৰি, কালৱাৰ ৰোডৰ বাসিন্দা যুৱকজনে যোৱা 11মে'ত এক প্ৰতিবেদন দাখিল কৰিছে । এবছৰ পূৰ্বে তেওঁলোকে হিন্দু ৰীতি-নীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হৈছিল । তেওঁৰ পত্নীয়ে ইউপিএছচিত বিবাহ বিচ্ছেদৰ কোটা লাভ কৰিবলৈ বিবাহ বিচ্ছেদ বিচাৰে ।

স্বামীৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, তেওঁ ফটোগ্ৰাফাৰ হিচাপে কৰ্মৰত । 2013 বৰ্ষত তেওঁ কৰ্মসূত্ৰে প্ৰতাপগড়লৈ যাওঁতে পত্নীক প্ৰথমবাৰৰ বাবে লগ পাইছিল ৷ 2016 চনত তেওঁৰ পত্নী পঢ়িবলৈ জয়পুৰলৈ আহিছিল । তেতিয়া তেওঁৰ পত্নীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছিল ।

তেতিয়াৰপৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰ গঢ় লৈ উঠিছিল । পৰৱৰ্তী সময়ত 2021 চনত, তেওঁলোক বাগদান অনুষ্ঠান সম্পন্ন হৈছিল । ছেপ্টেম্বৰ 2022 ত, অভিযোগকাৰীৰ পত্নীয়ে চৰকাৰী চাকৰি লাভ কৰে । চাকৰি পোৱাৰ পিচতেই, পত্নীয়ে কৈছিল যে তেওঁ ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ বিচাৰে ৷ যদি তেওঁক স্বামীয়ে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুমতি দিয়ে তেতিয়াহে তেওঁ বিবাহপাশত আৱদ্ধ হ’ব ৷

তাৰ পিচতে 2023 চনৰ ফেব্ৰুৱাৰী মাহত, তেওঁলোক দুয়ো প্ৰতাপগড়ত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পিচতে দম্পতীটো জয়পুৰলৈ আহে ৷

ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰে যে জয়পুৰলৈ অহাৰ পিচতেই তেওঁৰ পত্নীয়ে কৈছিল যে এবছৰৰ পিচত, দুয়ো সন্মতিৰে বিবাহ বিচ্ছেদ কৰিব, কিয়নো তেতিয়া পত্নীয়য়ে ইউ পি এছ চি পৰীক্ষাত বিবাহ বিচ্ছেদৰ কোটাৰ সুবিধা লাভ কৰিব । স্বামীয়ে পত্নীৰ এই কথাৰ কোনো সঁহাৰি দিয়া নাছিল । ইয়াৰ পিচত, পত্নীয়ে য়ে তেওঁৰ মাতৃ গৃহ প্ৰতাপগড়লৈ গুচি গৈছিল ।

এতিয়া বিবাহৰ 1 বছৰৰ পিছত, তেওঁলোকৰ বিবাহৰ প্ৰথম বাৰ্ষিকীত উদযাপন কৰিবলৈ স্বামী যেতিয়াই প্ৰতাপগড়লৈ যায় তেতিয়াই তেওঁৰ পত্নীয়ে বিবাহ বিচ্ছেদ প্ৰস্তাৱ দিয়ে ৷ লগতে স্বামীয়ে এই প্ৰস্তাৱ অস্বীকাৰ কৰিলে ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দিয়ে পত্নীয়ে । সম্পতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বিষয়ৰ তদন্ত অব্যাহত ৰাখিছে ৷

আনহাতে পত্নীয়ে কয় যে তেওঁৰ পৰা স্বামীয়ে যৌতুকৰ দাবী কৰিছে ৷ স্বামীৰ সমান্তৰালকে তেওঁৰ পত্নীয়ে অভিযোগ কৰে যে দুয়োৰে মাজৰ সম্পৰ্কৰ বিচ্ছেদ হৈছে । স্বামীয়ে তেওঁক বহুত অত্যাচাৰ কৰিছিল । তেওঁলোকৰ বিয়াখনো হেঁচা প্ৰয়োগ কৰিহে সম্পন্ন হৈছিল ৷

পত্নীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁক আৱেগিকভাৱে ব্লেকমেইল কৰি বলপূৰ্বকভাৱে বিয়া কৰাইছিল । বিবাহৰ পিচত স্বামীয়ে যৌতুকৰ দাবী কৰিছিল । ইয়াৰ পিচত, প্ৰতাপগড় জিলাত স্বামীৰ বিৰুদ্ধে যৌতুক নিৰ্যাতনৰ গোচৰ ৰুজু কৰে পত্নীয়ে ৷

লগতে পঢ়ক: কঠোৰ সংগ্ৰামৰ মাজেৰে পৰিয়ালৰ মাজত হাঁহি বিয়পালে গুড়িয়াই - Assam HS Result 2024

Last Updated :May 14, 2024, 11:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.