ETV Bharat / bharat

এক ৰাষ্ট্ৰ এক নিৰ্বাচন, ৰামনাথ কোবিন্দৰ নেতৃত্বৰ সমিতিৰ প্ৰতিবেদন দাখিল

author img

By ANI

Published : Mar 14, 2024, 5:11 PM IST

One Nation One Election
ৰামনাথ কোবিন্দৰ নেতৃত্বৰ সমিতিৰ প্ৰতিবেদন দাখিল

One Nation One Election: অৱশেষত ৰাষ্ট্ৰপতিক প্ৰতিবেদন দাখিল কৰিলে এক ৰাষ্ট্ৰ এক নিৰ্বাচন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিয়ে । ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি এই প্ৰতিবেদন দাখিল কৰা হয় । প্ৰতিবেদনখন ১৮,৬২৬ পৃষ্ঠাৰ ।

নেশ্যনেল ডেস্ক,১৪ মাৰ্চ : প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু ইয়াৰ প্ৰতিবেদন দাখিল কৰে । ১৮,৬২৬ পৃষ্ঠাৰ এই প্ৰতিবেদনখন । ২০২৩ চনৰ ২ ছেপ্টেম্বৰত সমিতি গঠন হোৱাৰ পিছত ১৯১ দিনৰ পিচত এই প্ৰতিবেদন দাখিল কৰা হৈছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, গণতান্ত্ৰিক প্ৰগতিশীল আজাদ পাৰ্টিৰ (ডিপিএপি) মুৰব্বী গুলাম নবী আজাদকে ধৰি সমিতিৰ সকলো সদস্যৰ উপস্থিতিত এই প্ৰতিবেদন দাখিল কৰা হয় ।

শেহতীয়াকৈ উচ্চ পৰ্যায়ৰ সমিতিখনে বিজেপি, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, চিপিআই, চিপিআই(এম), এআইএমআইএম, আৰপিআই, আপনা দল আদিকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতেও বাৰ্তালাপ কৰিছিল । এই দলসমূহৰ প্ৰতিনিধিসকলেও তেওঁলোকৰ পৰামৰ্শসমূহ লিখিতভাৱে সমিতিক হস্তান্তৰ কৰিছিল ।

দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কত উচ্চ-পৰ্যায়ৰ সমিতিয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত এক পৰামৰ্শ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ উচ্চ পৰ্যায়ৰ সমিতিয়ে শেহতীয়াকৈ এক ৰাষ্ট্ৰ, এক নিৰ্বাচনী বিষয় সন্দৰ্ভত জনমত বিচাৰিছে ৷ জাৰি কৰা ৰাজহুৱা জাননীখনত কোৱা হৈছে যে দেশত একেলগে নিৰ্বাচন সক্ষম কৰাৰ বাবে বিদ্যমান আইনী প্ৰশাসনিক পৰিকাঠামোত উপযুক্ত পৰিৱৰ্তন কৰাৰ বাবে সাধাৰণ ৰাইজৰ সদস্যসকলৰ পৰা পৰামৰ্শৰ বাবে জাননী ।

কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ ছেপ্টেম্বৰত 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন'ৰ বিষয়টো পৰীক্ষণ কৰিবলৈ আৰু দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰামৰ্শ দিবলৈ এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰিছিল । 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ৰ আঁৰৰ ধাৰণাটো হ'ল সমগ্ৰ দেশতে নিৰ্বাচনৰ সঘনতা হ্ৰাস কৰিবলৈ সকলো ৰাজ্যতে লোকসভা আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময় একত্ৰিত কৰা । ১৯৬৭ চনলৈকে এই প্ৰথাৰে নিৰ্বাচন অনুষ্ঠিত হৈছিল । কিন্তু দলত্যাগ, বৰ্খাস্ত আৰু চৰকাৰ ভংগৰ দৰে বিভিন্ন কাৰণত ইয়াক বাতিল কৰা হৈছিল ।

লগতে পঢ়ক :ভোটৰ মেৰুকৰণৰ বাবেই লোকসভা নিৰ্বাচনৰ পূৰ্বে কা ৰ অধিসূচনা; জয়ৰাম ৰমেশৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.