ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰত ভয়াৱহ অগ্নিকাণ্ডত নিহত ৭, আহত কেইবাজনো - Maharashtra cantonment area fire

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 11:26 AM IST

মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰত ভয়াৱহ অগ্নিকাণ্ডত নিহত ৭
মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰত ভয়াৱহ অগ্নিকাণ্ডত নিহত ৭

Maharashtra Fire Incident : ঘটনাটোত একেটা পৰিয়ালৰে ছয়জন সদস্যৰ মৃত্যু হয় । ঘটনাটো বুধবাৰে পুৱতি নিশা ৩ বজাত সংঘটিত হয় । কেণ্টনমেণ্ট বিষয়া, কৰ্মচাৰী আৰু নিৱাসৰ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাবৰ বাবে ঘটনাস্থলীত জুই নুমুৱাবলৈ চেষ্টা কৰে ।

নিউজ ডেস্ক, ৩ এপ্ৰিল : মহাৰাষ্ট্ৰৰ কেণ্টনমেণ্ট অঞ্চলত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এটা তিনিমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰথমাৱস্থাত ছয়জন লোকৰ মৃত্যুৰ খবৰ পোৱা যায় । কিন্তু পিচত আন এজন লোকৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি হয় । ঘটনাটো ছত্ৰপতি সম্ভাজিনগৰৰ কেণ্টনমেণ্ট অঞ্চলৰ জৈন মন্দিৰৰ ওচৰত সংঘটিত হয় ।

ঘটনাৰ প্ৰাথমিক তথ্য মতে, এই ঘটনাটোত একেটা পৰিয়ালৰে ছয়জন সদস্যৰ মৃত্যু হয় । ঘটনাটো বুধবাৰে পুৱতি নিশা ৩ বজাত সংঘটিত হয় । কেণ্টনমেণ্ট বিষয়া, কৰ্মচাৰী আৰু নিৱাসৰ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলোৱাৰ বাবে ঘটনাস্থলীত জুই নুমুৱাবলৈ চেষ্টা কৰে ।

একে সময়তে অঞ্চলটোৰ নাগৰিকসকলে বৃহৎ পৰিমাণৰ উদ্ধাৰ অভিযান চলাবলৈ চেষ্টা কৰে । জানিব পৰা মতে, মৃতকৰ ভিতৰত দুটি শিশু আছে, ইয়াৰে ভিতৰত এগৰাকী তিনি বছৰীয়া কন্যাশিশুও আছে । আনহাতে, এজন ব্যক্তি সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে । আৰক্ষীয়ে এতিয়ালৈকে ঘটনাটোৰ বিষয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ।

আৰক্ষীৰ অনুসন্ধানৰ পিচতহে প্ৰকাশ পাব অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ কি । প্ৰাথমিক তথ্য অনুসৰি মৃতদেহবোৰ এম্বুলেন্সেৰে ঘাটি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ঘটনা সন্দৰ্ভত ছত্ৰপতি সম্ভাজিনগৰ আৰক্ষী আয়ুক্ত মনোজ লোহিয়াই কয়, "মুখ্য বজাৰত এখন দোকান আছে । এখন দৰ্জীৰ দোকানত জুই লাগে । পুৱা চাৰিমান বজাত জুই লাগে । অৱশ্যে জুই দ্বিতীয় মহলাত গৈ উপনীত হোৱা নাছিল । কিন্তু প্ৰাথমিক অনুসন্ধানত আমি ভাবোঁ যে সাতজন ব্যক্তিয়ে শ্বাসৰুদ্ধ হৈ মৃত্যুবৰণ কৰিছে ।"

"অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অনুসন্ধানৰ পিচত ইয়াৰ কাৰণ প্ৰকাশ কৰা হ'ব ।" তেওঁ লগতে কয় । মৃতসকলৰ ভিতৰত আছে- অসীম ৱাছিম শ্বেখ (3 বছৰ), পৰী ৱাছিম শ্বেখ (2 বছৰ), ৱাছিম শ্বেখ (30 বছৰ), তনবীৰ ৱাছিম (23 বছৰ), হামিদা বেগম (50 বছৰ), শ্বেখ চোহেল 35 বছৰ, ৰেশ্মা শ্বেখ (22 বছৰ) ।

আনহাতে, শিৱ সেনাৰ উদ্ধৱ থাকৰে গোটৰ লোকসভা প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ চন্দ্ৰকান্ত খেৰে ঘটনাস্থলীত উপস্থিত হয় । প্ৰাক্তন সাংসদ চন্দ্ৰকান্ত খেৰে কয়, "দুৰ্ভাগ্যজনক ঘটনাটো ৰমজান মাহত সংঘটিত হয় । মুছলিম ভাতৃসকলে পুৱা ৰমজানৰ বাবে সাৰ পায় ।

কিন্তু তাৰ পূৰ্বেই এই অগ্নিকাণ্ড সংঘটিত হয় । জুই ইমানেই ভয়ংকৰ আছিল যে তেওঁলোকে ঘৰৰ পৰা ওলাই আহিব নোৱাৰিলে । কাপোৰ আৰু কাঠৰ আচবাবৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰে । ধোঁৱাৰ বাবে শ্বাসৰুদ্ধ হোৱাৰ ফলত সাতজন লোকৰ মৃত্যু হয় । অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকল সময়মতে উপস্থিত হয় ।"

আনহাতে, অগ্নিকাণ্ডৰ প্ৰত্যক্ষদৰ্শী শচীন ডুবেয়ে কয়, "৩.৩০ বজাত এটা বিস্ফোৰণ হৈছিল । এইটো তেওঁৰ বৈদ্যুতিক বাহনৰ চাৰ্জাৰৰ বাবে হ'ব পাৰে । কাপোৰৰ দোকানৰ কাৰণে জুই সোনকালে বিয়পিবলৈ আৰম্ভ কৰে । কুলাৰৰ কাৰণে ভাড়াতীয়াসকলে জুইৰ শব্দ শুনা নাছিল । দোকানখন তলৰ মহলাত আছিল আৰু মালিক প্ৰথম মহলাত বাস কৰিছিল । দ্বিতীয় আৰু তৃতীয় মহলাটোত মালিকসকল থাকে । ততালিকে গৈ দুগৰাকী মহিলা আৰু শিশুক উদ্ধাৰ কৰা হয় ।"

লগতে পঢ়ক :তুৰস্কৰ ইস্তাম্বুলৰ নাইট ক্লাবত ভয়াৱহ অগ্নিকাণ্ড, নিহত প্ৰায় ২৯ - Fire At Turkeys Night Club

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.